অসম

assam

ৰাহুল দ্ৰাবিড়ৰ অভিলেখ ভাঙি এদিনীয়া ক্ৰিকেটত নতুন অভিলেখ ৰচিলে কে এল ৰাহুলে

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 10:08 PM IST

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ ৩৫৫ ৰান অতিক্ৰম কৰি আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ একক সংস্কৰণত ৪০০+ ৰান সম্পূৰ্ণ কৰা প্ৰথমজন পাঁচ নম্বৰ ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় কে এল ৰাহুল ।

World cup final 2023
KL Rahul new records

স্প’ৰ্টছ ডেস্ক, ১৯ নৱেম্বৰ: দেওবাৰে ভাৰতৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ অভিলেখ অতিক্ৰম কৰি বিশ্বকাপৰ একক সংস্কৰণত ৪০০+ ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতৰ ৫ নম্বৰ খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ পিছতে উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলে অভিলেখ বুকত নিজৰ নাম পঞ্জীয়ন কৰে । চলিত সংস্কৰণত কে এল ৰাহুলে ১০টা ইনিংছ খেলি ৯০.৭৬ ষ্ট্ৰাইক ৰেটেৰে ৪৫২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে গড়ে ৭৫.৩৩ ৰান কৰি প্ৰাক্তন অধিনায়ক দ্ৰাবিড়ে ৯খন মেচত ৩৫৫ ৰান সংগ্ৰহ কৰিছিল ৷ দুয়ো ভাৰতৰ হৈ পাঁচ নম্বৰত গড়ে ৭১.০০ ৰান অতিক্ৰম কৰিছে ।

২০১৫ চনৰ বিশ্বকাপত ভাৰতৰ প্রাক্তন বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্র সিং ধোনীৰ ১৫ টা ডিছমিছল অতিক্রম কৰি উইকেটকীপাৰ হিচাপে ভাৰতৰ হৈ বিশ্বকাপ সংস্কৰণত সৰ্বাধিক আউট (১৭)ৰ অভিলেখ এতিয়া কে এল ৰাহুলৰ নামত আছে । আইচিচি ইভেণ্টৰ ভাৰতৰ কেম্পেইন অ’পেনাৰত পাঁচ নম্বৰ স্থানত বেটিং কৰিবলৈ ৱাক ইন কৰাৰ সময়তে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচ বিজয়ী অপৰাজিত ৯৭ ৰানৰ ন’ককে ধৰি প্ৰতিযোগিতাখনত এটা শতক আৰু দুটা পঞ্চাশ অৰ্জন কৰে ৰাহুলে ।

মিচেল ষ্টাৰ্কে এটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ৪২ নং অভাৰত ৰাহুলক আউট কৰে, যিয়ে ফাইনেলত ১০৭ বলত ৬৬ ৰানৰ ইনিংছ খেলিছিল । ষ্টাৰ্কে লেংথ বল ডেলিভাৰী কৰাত উইকেটকীপাৰ বেটছমেনে নিক লাভ কৰে আৰু জোছ ইংলিছে কেচটো লোৱাত ভুল কৰা নাছিল ।

৫০ অভাৰৰ ফৰ্মেটত ২০১৬ চনত ৰাহুলে অভিষেক ঘটায়, তাৰ পিছত ৭২খন মেচ খেলি ২৭৪৩ ৰান সংগ্ৰহ কৰি ৭টা শতকসহ ৮৮.১৪ ষ্ট্ৰাইক ৰেট লাভ কৰে । ইয়াৰে ১২৫৯ ৰান গড়ে ৫৭.২২ আৰু ষ্ট্ৰাইক ৰেট ৯৫.৪৫ আৰু পাঁচ নম্বৰত বেটিং কৰে । আমোদজনক কথাটো হ’ল যে তেওঁ কেতিয়াও মিডল অৰ্ডাৰত বেটিং কৰি জিৰ’ত ওলাই অহা নাই ।

পেট কামিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি আহমেদাবাদৰ মোটেৰা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ আগ্ৰহী ‘মেন ইন ব্লু’ক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ষষ্ঠটো বিশ্বকাপ ট্ৰফী দখল কৰে ৷

লগতে পঢ়ক:কথা মতেই কাম কৰিলে পেট কামিনচে

ABOUT THE AUTHOR

...view details