অসম

assam

৩১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ইতিহাস ৰচনাৰ লক্ষ্যৰে খেলপথাৰত নামিব ৰোহিত বাহিনী

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 5:33 PM IST

এতিয়ালৈ দক্ষিণ আফ্ৰিকাৰ ভূমিত টেষ্ট শৃংখলাত জয়ী হোৱা নাই ভাৰতীয় দলটো । ৩১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাবলৈ চেষ্টা চলাব জ্যেষ্ঠ আৰু যুৱ খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে । চেঞ্চুৰিয়নত মঙলবাৰে দুপৰীয়া ১:৩০ বজাত আৰম্ভ হ'ব শৃংখলাৰ প্ৰথমখন টেষ্ট ।

IND vs SA
ইতিহাস ৰচনাৰ লক্ষ্যৰে কাইলৈ খেলপথাৰত নামিব ৰোহিত বাহিনী

স্পৰ্টছ ডেস্ক,২৫ ডিচেম্বৰ :এদিনীয়া আৰু টি-২০ শৃংখলাত আকৰ্ষণীয় প্ৰদৰ্শনৰ পাছত এইবাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে সাজু হৈছে ভাৰতীয় দল । মঙলবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন টেষ্ট অনুষ্ঠিত হ'ব । এদিনীয়া বিশ্বকাপৰ ফাইনেলত হতাশাজনক পৰাজয়ৰ পিচত ৰোহিত শৰ্মা, বিৰাট কোহলী, ৰবীন্দ্ৰ জাদেজা আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে জ্যেষ্ঠ খেলুৱৈসকলে চেঞ্চুৰিয়নত তুলনামূলকভাৱে যুৱ দক্ষিণ আফ্ৰিকাৰ দলৰ মুখামুখি হ'বলৈ সাজু হৈছে ।

দুখন টেষ্টৰ শৃংখলাৰ দ্বিতীয় খন টেষ্ট মেচ কেপ টাউনত অনুষ্ঠিত হ'ব । ১৯৯২ চনত ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ প্ৰত্যাৱৰ্তনৰ পিচত এয়া ভাৰতৰ অষ্টম ভ্ৰমণ । অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোৱে দক্ষিণ আফ্ৰিকাৰ ভূমিত তেওঁলোকৰ প্ৰথমখন টেষ্ট মেচ শৃংখলা বিজয়ী হোৱাৰ বাবে চেষ্টা চলাব । অৱশ্যে, চেঞ্চুৰিয়ান টেষ্টৰ প্ৰথম দুদিনত বৰষুণৰ সম্ভাৱনা দেখা গৈছে ।

চেঞ্চুৰিয়ন পিটছ গতি, পাৰ্শ্বীয় টাৰ্ণ আৰু বাউন্সৰ বাবে জনাজাত । যাৰ ফলত ইয়াক বেটিং কৰাটো আটাইতকৈ কঠিন পৰিস্থিতিবোৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় । বতাহৰ প্ৰতিৰোধৰ বাবে ষ্টেডিয়ামত বৃহৎ ষ্টেণ্ড নাই । লক্ষণীয়ভাৱে, যিহেতু মেঘাচ্ছন্ন পৰিস্থিতিৰ সম্ভাৱনা আছে বতাহ তুলনামূলকভাৱে বেছি হ'ব ।

ভাৰতীয় বেটছমেনসকলে দক্ষিণ আফ্ৰিকাৰ গতিময় আৰু বাউন্সিং পিটছত সংগ্ৰাম কৰি আহিছে । যাৰ ফলত ভাৰতে কেতিয়াও দক্ষিণ আফ্ৰিকাত টেষ্ট শৃংখলা জয়ী হ'ব পৰা নাই । অৱশ্যে, প্ৰাক্তন অধিনায়ক এম এছ ধোনী হৈছে টেষ্ট শৃংখলাত সমতা অৰ্জন কৰা বা ড্ৰ' কৰা একমাত্ৰ ভাৰতীয় অধিনায়ক ।

দক্ষিণ আফ্ৰিকাৰ ভূমিত বিফল হোৱা অধিনায়কসকলৰ ভিতৰত আছে শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী,মহম্মদ আজহাৰুদ্দিনৰ দৰে প্ৰায় ৬ গৰাকী অধিনায়ক । ৰাহুল দ্ৰাবিড়, এম এছ ধোনী আৰু বিৰাট কোহলীয়েও অধিনায়ক হিচাপে দক্ষিণ আফ্ৰিকাত টেষ্ট শৃংখলা জয়ী হ'ব নোৱাৰিলে ।

অৱশ্যে সকলোৰে দৃষ্টি এতিয়া অধিনায়ক ৰোহিত শৰ্মাৰ ওপৰত আছে । ৰোহিতে ভাৰতক এক ঐতিহাসিক শৃংখলা জয়ৰ সোৱাদ দিব বুলিও আশা কৰা হৈছে । দলটোৰ বাবে এই কাম সহজ নহ'লেও তেওঁলোকৰ ওচৰত প্ৰটিয়া প্ৰত্যাহ্বান জয় কৰাৰ সৰ্বশ্ৰেষ্ঠ সুযোগ আছে । ইফালে ভাৰতীয় অধিনায়ক ৰোহিতে নিশ্চয় দুটা আইচিচি ফাইনেলত (এদিনীয়া বিশ্বকাপ আৰু আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ) পৰাজয় পাহৰিব নোৱাৰিব আৰু ভাৰতে শৃংখলাটো জয়ী হৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষত থাকিব বিচাৰিব ।

একেদৰে, উপ-মহাদেশীয় পিটছত নিজৰ দক্ষতা প্ৰমাণ কৰা শুভমন গিল আৰু শ্ৰেয়স আয়াৰে অধিক প্ৰত্যাহ্বানপূৰ্ণ বেটিং পৰিস্থিতিত তেওঁলোকৰ বেটিং উন্নত কৰিব লাগিব ।

গোৰোহাৰ আঘাতৰ বাবে এদিনীয়া বিশ্বকাপৰ নায়ক মহম্মদ শ্বামীও নাথাকিব প্লেয়িং-১১ত । সেয়ে তেওঁৰ স্থান কোনে লয় সেয়া লক্ষণীয় হ'ব । ৱেষ্ট ইণ্ডিজত টেষ্ট অভিষেক কৰা মুকেশ কুমাৰ শ্বামীৰ সম্ভাৱ্য পৰিৱৰ্তন হ'ব কিন্তু পেচাৰ প্ৰসিদ্ধ কৃষ্ণৰো যথেষ্ট সুযোগ আছে ।

আশা কৰা হৈছে যে বেটিং ক্ষমতাৰ কথা বিবেচনা কৰি কে এল ৰাহুলক উইকেটকিপাৰ-বেটছমেন হিচাপে অগ্ৰাধিকাৰ দিয়া হ'ব । অৱশ্যে, ঈশান কিষাণে শৃংখলাৰ পৰা তেওঁৰ নাম প্ৰত্যাহাৰ কৰাৰ পিচত কে.এছ. ভৰতকো দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

খেলখন ভাৰতীয় সময় মতে দুপৰীয়া ১:৩০ বজাত আৰম্ভ হ'ব ।

ভাৰত : ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল (উইকেটকিপাৰ), শ্ৰেয়স আয়াৰ, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, মুকেশ কুমাৰ, প্ৰসিদ্ধ কৃষ্ণ, কে এছ ভাৰত (উইকেটকিপাৰ), অভিমন্যু ইশ্বৰণ ।

দক্ষিণ আফ্ৰিকা : টেম্বা বাভুমা (অধিনায়ক), এডেন মাৰ্ক্ৰাম, টনি ডি জৰ্জি, ডিন এলগাৰ, কিগান পিটাৰচেন, কাইল ভেৰেইন (উইকেটকিপাৰ), ট্ৰিষ্টান ষ্টাবছ (উইকেটকিপাৰ), নান্দ্ৰে বাৰ্গাৰ, মাৰ্কো জানচেন, ৱিয়ান মুল্ডাৰ, গেৰাল্ড কোয়েটজি, কেশৱ মহাৰাজ, কাগিচো ৰাবাডা, লুঙ্গি এনগিডি, ডেভিদ বেডিংহাম ।

লগতে পঢ়ক :পাকিস্তানত নহয়, চেম্পিয়নছ ট্ৰফী ডুবাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details