অসম

assam

Jaishankar US visit: নিজ্জাৰৰ হত্যাৰে ভাৰত জড়িত থকাৰ অভিযোগ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ মাৰ্কিন বিদেশমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 9:33 AM IST

ৱাশ্বিংটন ডি চিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ৷ আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনৰ সৈতে আলোচনা কৰি বিশ্বৰ উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ লগতে 2+2 বৈঠকৰ ভেটি স্থাপন কৰে ।

Jaishankar US visit
আমেৰিকাৰ বিদেশ মন্ত্ৰী

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: ভাৰত আৰু কানাডাৰ মাজত খালিস্তানী বিচ্ছিন্নতাবাদী হত্যা সন্দৰ্ভত কূটনৈতিক বিবাদ অব্যাহত থকাৰ মাজতে ৱাশ্বিংটন ডি চিত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনৰ সৈতে হোৱা ব্যাপক আলোচনাৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বিশ্বৰ উন্নয়নৰ বিষয়ে আলোচনা কৰি 2+2 বৈঠকৰ ভেটি স্থাপন কৰে ।

বৰ্তমান জয়শংকৰে পাঁচ দিনীয়া ৱাশ্বিংটন ডি চিলৈ ভ্ৰমণত আছে । শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত G 20 সন্মিলনৰ পিছত দুয়োখন দেশৰ মাজত এইটোৱেই হৈছে সৰ্বোচ্চ পৰ্যায়ৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ । শুকুৰবাৰে x ত জয়শংকৰে কয়, "আজি বিদেশ বিভাগত মোৰ বন্ধু আমেৰিকাৰ বিদেশ মন্ত্ৰী @SecBlinkenক লগ পাই বৰ ভাল লাগিল । প্ৰধানমন্ত্ৰী @narendramodiৰ জুন ভ্ৰমণৰ অনুসৰণত এক বহল আলোচনা সম্পন্ন হয় । লগতে বিশ্বৰ উন্নয়ন সম্বন্ধতো আলোচনা হয় । আমাৰ 2+2 বৈঠকৰ ভেটি অতি সোনকালে স্থাপন হ’ব ৷"

নতুন দিল্লীয়ে ভাৰত-আমেৰিকাৰ 2+2 মন্ত্ৰী আলোচনাৰ পঞ্চম সংস্কৰণৰ আয়োজন কৰিব বুলি বৃহস্পতিবাৰে জয়শংকৰে ঘোষণা কৰে । তেওঁ বৈঠকৰ তাৰিখ ঘোষণা নকৰিলেও নৱেম্বৰৰ প্ৰথমাৰ্ধত মন্ত্ৰীত্বৰ আলোচনা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে । আমেৰিকাৰ প্ৰতিনিধি দলটোক প্ৰতিনিধিত্ব কৰিব প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনৰ সৈতে ব্লিংকেনে। জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নেতৃত্ব দিব ভাৰতীয় প্ৰতিনিধি দলটোৰ ।

বিগত 2+2 মন্ত্ৰীসভা 11 এপ্ৰিলত ৱাশ্বিংটন ডিচিত অনুষ্ঠিত হৈছিল । পূৰ্বৰ ট্ৰাম্প প্ৰশাসনৰ সময়ত আৰম্ভ হোৱা প্ৰথমটো 2+2 মন্ত্ৰীসভা 2018 চনৰ 6 ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল ।

ব্ৰিটিছ কলম্বিয়াত শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যা সন্দৰ্ভত ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক বিবাদ সন্দৰ্ভত অৱশ্যে দেশখনে কোনো মন্তব্য প্ৰকাশ কৰা নাই । উল্লেখ্য যে, নিজ্জাৰক হত্যা কৰাৰ আঁৰত ভাৰত চৰকাৰ আছিল বুলি কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে অভিযোগ উত্থাপন তুলিছিল ৷ 2020 চনত ভাৰতে নিজ্জাৰক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল ।

সম্পাদক ব্লিংকেনে এই বিবাদ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰি কয়, "মোৰ বন্ধু আৰু সহকৰ্মী বৈদেশিক মন্ত্ৰী জয়শংকৰক ইয়াত ষ্টেট ডিপাৰ্টমেণ্টলৈ, ৱাশ্বিংটনলৈ আদৰিবলৈ পাই আনন্দিত হৈছো ।"

মঙলবাৰে ৰাষ্ট্ৰসংঘৰ 78 সংখ্যক সাধাৰণ পৰিষদৰ অধিৱেশনত ভাষণ দি বুধবাৰে নিউয়ৰ্কৰ পৰা ৱাশ্বিংটন ডি চিলৈ অহা জয়শংকৰে বৃহস্পতিবাৰে বাইডেন প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ধাৰাবাহিক বৈঠকত মিলিত হয় ।

লগতে পঢ়ক:Hardeep Singh Nijjar murder: হৰদীপ সিং নিজ্জাৰৰ হত্যাকাৰীক বিচাৰি লস্কৰ ই তৈবাৰ সৈতে যোগাযোগ খালিস্তানপন্থীৰ

ABOUT THE AUTHOR

...view details