অসম

assam

মোমায়েক-ভাগিনীয়েকৰ জন্মদিন একেটা দিনতে, ববি দেওলে এনেদৰে জন্মদিনৰ শুভেচ্ছা জনালে ছলমানক

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 10:40 AM IST

Salman Khan 58th Birthday: আজি বলীউডৰ ভাইজান ছলমান খানৰ ওপজা দিন । মাজনিশা ভাগিনীয়েক আয়াতৰ সৈতে জন্মদিনৰ কেক কাটিলে অভিনেতাগৰাকীয়ে । কাৰণ আজি মোমায়েক ভাগিনীয়েকৰ একেলগে জন্মদিন ।

Salman Khan celebrates his 58th birthday with close friends and family; actor Bobby Deol shares inside pictures
ছলমান খানৰ ৫৮তম জন্মদিন

চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ: আজি বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ৫৮ সংখ্যক জন্মদিন । ভাইজানৰ জন্মদিন যেন এক উৎসৱৰ দৰে অনুৰাগীৰ বাবে ৷ জন্মদিন উপলক্ষে ভাইজানক পৰিয়াল, অনুৰাগী আৰু বলীউডৰ সকলো চেলিব্ৰিটিয়ে অভিনন্দন জ্ঞাপন কৰিছে । যিহেতু জন্মদিন সকলোৰে বাবে বিশেষ, কিন্তু ছলমান খানৰ ৫৮ সংখ্যক জন্মদিনটো আছিল আৰু অধিক বিশেষ ৷ অভিনেতাগৰাকীৰ এই দিনটোক আৰু বিশেষ কৰি তোলা কথাটো হ’ল ছলমান খানে নিজৰ জন্মদিনটো ভগ্নী অৰ্পিতা খান শৰ্মাৰ কন্যা আয়াতৰ সৈতে উদযাপন কৰে । কাৰণ ছলমানৰ লগতে ভাগিনীয়েক আয়াতৰো আজি জন্মদিন ৷ মঙলবাৰে নিশা ছলমান খানে ভাগিনীয়েক, বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে জন্মদিন পালন কৰে ।

ভাগিনীয়েক আয়াতৰ সৈতে জন্মদিনৰ কেক কাটিলে ছলমান খানে

ভাগিনীয়েক আয়াতৰ সৈতে কেক কাটি ৫৮তম জন্মদিন উদযাপন কৰে ছলমান খানে । সম্প্ৰতি ছলমানৰ জন্মদিন উদযাপনৰ বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । এটা ভিডিঅ’ত বলীউডৰ চুলতানে নিজৰ ঘনিষ্ঠ বন্ধু-বান্ধুৱী আৰু পৰিয়ালৰ সৈতে নিজৰ বিশেষ দিনটো উদযাপন কৰা দেখা গৈছে । আন এটা ভিডিঅ’ত আয়াতৰ সৈতে কেক কাটি থকা দেখা গৈছে ছলমানক ৷

উল্লেখ্য যে, ছলমান খানৰ জন্মদিনৰ পাৰ্টিত ইউলিয়া ভান্টুৰ, অৰবাজ খান, অৰহান খান, হেলেন, অলভিৰা খান অগ্নিহোত্ৰী, আয়ুষ শৰ্মা, অৰ্পিতা খান শৰ্মা, ববি দেওলকে ধৰি বহু চেলিব্ৰিটি উপস্থিত আছিল ।

ববি দেওলে ছলমানৰ সৈতে শ্বেয়াৰ কৰিলে ছবি

‘এনিমেল’ অভিনেতা ববি দেওলে নিজৰ ইনষ্টাগ্ৰামত ছলমান খানৰ জন্মদিন উদযাপনৰ দুখন ছবি শ্বেয়াৰ কৰিছে । এখন ছবিত ববি দেওলে ছলমান খানৰ গালত চুমা দিয়া দেখা গৈছে । দ্বিতীয়খন ছবিত অভিনেতাজনে টাইগাৰ ৩ৰ অভিনেতাজনৰ কান্ধত হাত থৈ কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে । এই ছবিসমূহ শ্বেয়াৰ কৰি ববি দেওলে কেপচনত লিখিছে, "মামু আই লাভ ইউ ।"

উল্লেখ্য যে, ছলমান খানৰ জন্মদিনত সুৰকাৰ সাজিদ, ফেশ্বন ডিজাইনাৰ নন্দিতা মাহতানীকে ধৰি বহু চেলিব্ৰিটি উপস্থিত আছিল, যিয়ে ছলমান খানৰ সৈতে তেওঁৰ জন্মদিন উদযাপনৰ ছবি শ্বেয়াৰ কৰিছে । ইয়াৰ পূৰ্বে অভিনেতাগৰাকীক ভাতৃ অৰবাজ খান আৰু শূৰাৰ বিয়াত দেখা গৈছিল ।

লগতে পঢ়ক:অৰবাজ খানৰ বিয়াত একেলগে সমগ্ৰ খান পৰিয়াল, চাওক ফটো

ABOUT THE AUTHOR

...view details