ETV Bharat / entertainment

অৰবাজ খানৰ বিয়াত একেলগে সমগ্ৰ খান পৰিয়াল, চাওক ফটো

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 1:36 PM IST

Arbaaz -Sshura Nikah Pics: দেওবাৰে এক অন্তৰংগ বিবাহ অনুষ্ঠানত শূৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয় অৰবাজ খান । এতিয়া অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত তেওঁৰ নিকাহ অনুষ্ঠানৰ ভিতৰৰ ছবি শ্বেয়াৰ কৰিছে ।

It's us: Arbaaz Khan shares pictures of nikah with Sshura Khan; hits the road with wifey in new video
সমগ্ৰ খান পৰিয়ালৰ উপস্থিতিত শূৰাৰ সৈতে নিকাহ কৰে অৰবাজ

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: ২৪ ডিচেম্বৰত মুম্বাইৰ ভগ্নী অৰ্পিতাৰ ঘৰত এক ব্যক্তিগত অনুষ্ঠানত চেলিব্ৰিটি মেকআপ আৰ্টিষ্ট শূৰা খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় অৰবাজ খান । অৰবাজৰ এই বিশেষ দিনত জ্যেষ্ঠ ভাতৃ তথা বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানকে ধৰি সমগ্ৰ পৰিয়াল উপস্থিত থাকে । অৰবাজৰ পুত্ৰ অৰহানো তেওঁৰ বিয়াত উপস্থিত আছিল । অৰবাজ আৰু শূৰাৰ বিয়াৰ ছবি আৰু ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । অনুৰাগীৰ বাবে অৰবাজে এতিয়া তেওঁৰ নিকাহ অনুষ্ঠানৰ আৰু বিয়াৰ বহু ছবি তেওঁৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

শূৰা খানৰ সৈতে নিকাহৰ ছবি শ্বেয়াৰ কৰিলে অৰবাজ খানে

অৰবাজ খানে নিজৰ নিকাহ অনুষ্ঠানৰ শেহতীয়া ছবি নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । প্ৰথম ছবিখনত এজন কাজীয়ে নিকাহ পৰিচালনা কৰি আছে আৰু দৰা-কইনাই আনন্দত হাঁহিছে । ছবিখনত নৱবিবাহিত দম্পতীৰ সৈতে অৰবাজৰ পিতৃ চেলিম খান আৰু মাতৃ ছালমা খান, ভাতৃ ছলমান খান, পুত্ৰ অৰহান খান আৰু ভগ্নী আলভিৰা খান অগ্নিহোত্ৰীকো দেখা গৈছে ।

দ্বিতীয়খন ছবিত সমগ্ৰ পৰিয়ালটোক একেলগে দেখা গৈছে । ছবিখনত অৰ্পিতা খান শৰ্মা, আয়ুষ শৰ্মা, অতুল অগ্নিহোত্ৰী, সোহেইল খান, হেলেনকে ধৰি পৰিয়ালৰ বহু সদস্যক দেখা গৈছে । পৰৱৰ্তী ছবিসমূহত দৰা অৰবাজে পত্নী শূৰা আৰু পুত্ৰৰ সৈতে পোজ দিয়া দেখা গৈছে । শেষৰ এখন ছবিত অৰবাজ খান আৰু তেওঁৰ পুত্ৰই এক সুখৰ মুহূৰ্ত উপভোগ কৰা দেখা গৈছে । এই ছবিবোৰৰ লগতে অৰবাজে কেপচনত লিখিছে, "এইগৰাকী আপুনি । এইজন মই । এয়া আমি ।"

শূৰাৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ গৈছে অৰবাজ

উল্লেখ্য যে, ৫৬ বছৰীয়া অৰবাজ খানে দ্বিতীয়বাৰৰ বাবে শূৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে । ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে মালাইকা অৰোৰাক বিয়া কৰাইছিল যদিও বিবাহৰ ১৯ বছৰৰ পাচত ২০১৬ চনত বিচ্ছেদৰ কথা ঘোষণা কৰিছিল আৰু ২০১৭ চনত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হৈছিল । অৰবাজ আৰু মালাইকা অৰোৰাৰ এজন পুত্ৰ হৈছে অৰহান । মালাইকাইও বিবাহ বিচ্ছেদৰ পিচত অভিনেতা অৰ্জুন কাপুৰৰ সৈতে ডেটিং কৰি আছে ।

লগতে পঢ়ক: প্ৰাক্তন স্বামী অৰবাজ খানৰ দ্বিতীয় বিবাহৰ সময়ত ক’ত, কি কৰি আছিল মালাইকা অৰোৰাই ? চাওক ভাইৰেল ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.