ETV Bharat / entertainment

প্ৰাক্তন স্বামী অৰবাজ খানৰ দ্বিতীয় বিবাহৰ সময়ত ক’ত, কি কৰি আছিল মালাইকা অৰোৰাই ? চাওক ভাইৰেল ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:47 AM IST

Updated : Dec 25, 2023, 3:03 PM IST

Malaika Arora On Arbaaz Khan-Sshura Wedding: দেওবাৰে দ্বিতীয়বাৰৰ বাবে প্ৰেয়সী শূৰা খানৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল অৰবাজ খান । কিন্তু বিয়াৰ সময়ত অৰবাজৰ প্ৰাক্তন পত্নী ক’ত ব্যস্ত হৈ আছিল জানেনে ? জানি লওক এই প্ৰতিবেদনত ।

Watch: Malaika Arora first video After Arbaaz Khan Sshura Khan wedding
অৰবাজ খানৰ দ্বিতীয় বিবাহৰ সময়ত ৰাজপথত কি কৰিছে মালাইকাই

চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ: দেওবাৰে প্ৰেমিকা শূৰা খানৰ সৈতে বিবাহপাশত আৱদ্ধ হয় অৰবাজ খান । অভিনেতাগৰাকীৰ এয়া আছিল দ্বিতীয় বিবাহ, ইয়াৰ পূৰ্বে তেওঁৰ বিবাহ মালাইকা অৰোৰাৰ সৈতে হৈছিল ৷ যদিও দুয়োৰে বিবাহ বিচ্ছেদ ঘটে । অৰবাজ খানৰ দ্বিতীয় বিয়াত মালাইকা-অৰবাজৰ পুত্ৰ অৰহানেও অংশগ্ৰহণ কৰে । কিন্তু দ্বিতীয় বিবাহৰ সময়ত অভিনেতাজনৰ প্ৰাক্তন পত্নী মালাইকা অৰোৰাই কি কৰি আছিল জানেনে ?

অৰবাজৰ দ্বিতীয় বিবাহৰ সময়ত ক’ত আৰু কি কৰি আছিল মালাইকাই ?

এফালে অৰবাজ খানে প্ৰেমিকা শূৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, আনফালে তেওঁৰ প্ৰাক্তন পত্নী মালাইকা অৰোৰাক বৰদিনৰ উদযাপনত অংশগ্ৰহণ কৰা দেখা গৈছিল । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মালাইকাৰ এটা ভিডিঅ’ ৷ ভাইৰেল হোৱা ভিডিঅ’টোত মাজনিশা পৰিয়ালৰ সৈতে দেখা গ’ল মালাইকা অৰোৰাক । এই সময়চোৱাত পাপাৰাজীৰ পৰা কিছু দূৰত্ব বনাই ৰাখিছিল আৰু খুব কম ফটো ক্লিক কৰিছিল।

লুকৰ কথা ক’বলৈ গ’লে মালাইকা অৰোৰাই মাজনিশাৰ বৰদিনৰ উদযাপনৰ বাবে ফৰ্মেল ব্লেজাৰৰ সৈতে বগা সাজ-পোছাক পৰিধান কৰিছিল । ৰঙা ফিতাৰ সহায়ত মালাইকাই চুলিকোচা পনিটেইল কৰি বান্ধি লৈছিল । হিলৰ সৈতে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল মালাইকাই । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত মালাইকাই গাড়ীৰ ফালে যোৱাৰ পূৰ্বে মাতৃৰ সৈতে কিছু ছবি ক্লিক কৰা দেখা গৈছে ।

বিয়াৰ ১৯ বছৰ পিচত বিবাহ বিচ্ছেদ হয় মালাইকা আৰু অৰবাজৰ

উল্লেখ্য যে, ১৯৯৮ চনত মালাইকা অৰোৰা আৰু অৰবাজ খানৰ বিবাহ হৈছিল, যদিও ২০১৬ চনৰ মাৰ্চ মাহত এই দম্পতীয়ে বিচ্ছেদৰ কথা ঘোষণা কৰিছিল ৷ ইয়াৰ পিচত বিবাহৰ ১৯ বছৰৰ পিচত ২০১৭ চনৰ মে’ মাহত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হৈছিল । অৰবাজ আৰু মালাইকাৰ এটি পুত্ৰ আছে, অৰহান । ইফালে অভিনেত্ৰীগৰাকী অৰ্জুন কাপুৰৰ লগত বহু বছৰ ধৰি সম্পৰ্কত আছে ।

মালাইকা আৰু অৰবাজৰ পুত্ৰই পিতৃৰ দ্বিতীয় বিবাহত খুব আনন্দ কৰা দেখা গ’ল

অৱশ্যে প্ৰাক্তন স্বামীৰ দ্বিতীয় বিয়াত উপস্থিত নাথাকিল মালাইকা ৷ কিন্তু ইয়াৰ বিপৰীতে পিতৃৰ দ্বিতীয় বিয়াত পুত্ৰই যথেষ্ট আনন্দ কৰা দেখা গৈছিল । বিবাহৰ পৰা অৰহানৰ বহুকেইটা ভিডিঅ’ও প্ৰকাশ পাইছে ৷ আনকি নতুন মাতৃৰ সৈতে ফটোও ক্লিক কৰে অৰহানে ।

লগতে পঢ়ক: পিতৃৰ বিয়াত অংশগ্ৰহণ পুত্ৰৰ, অৰবাজৰ কইনা কোন ? সকলো জানক এই প্ৰতিবেদনত

Last Updated : Dec 25, 2023, 3:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.