অসম

assam

৫০ বছৰীয়া হ’ল ফাৰহান আখতাৰ, শ্বাবানা আজমীয়ে ফটো শ্বেয়াৰ কৰি পুত্ৰৰ বাবে লিখিলে বিশেষ বাৰ্তা

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 4:05 PM IST

Farhan Akhtar Birthday: আজি ফাৰহান আখতাৰৰ ৫০ বছৰীয়া জন্মদিন । পৰিয়ালৰ সৈতে জন্মদিন উদযাপন কৰিছে অভিনেতাগৰাকীয়ে । শ্বাবানা আজমীয়ে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে অভিনেতাগৰাকীৰ জন্মদিন উদযাপনৰ ফটো ৷

Farhan Akhtar Birthday: Shabana Azmi shares pic from Farhan Akhtars birthday celebrations
ফাৰহান আখতাৰ জন্মদিন

চিটাৰা ডেস্ক, ৯ জানুৱাৰী : ৯ জানুৱাৰী অৰ্থাৎ আজিৰ দিনটো ফাৰহান আখতাৰৰ বাবে অতি বিশেষ দিন । আচলতে আজি অভিনেতাগৰাকীয়ে ৫০ বছৰীয়া জন্মদিন উদযাপন কৰিছে । ফাৰহান আখতাৰে পৰিয়ালৰ সৈতে উদযাপন কৰিছে তেওঁৰ বিশেষ দিনটো । ইফালে ফাৰহান আখতাৰৰ মাহীমাক শ্বাবানা আজমীয়ে এতিয়া ছ’চিয়েল মিডিয়াত ফাৰহানৰ জন্মদিন উদযাপনৰ এখন মৰমলগা ছবি শ্বেয়াৰ কৰিছে ৷ লগতে তেওঁৰ ‘বেটু’ক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

ফাৰহান আখতাৰৰ জন্মদিন উদযাপনৰ ছবি শ্বেয়াৰ শ্বাবানা আজমীৰ

ফাৰহান আখতাৰে পৰিয়ালৰ সৈতে তেওঁৰ জন্মদিন উদযাপন কৰিছে । ইয়াৰ আভাস তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে শ্বাবানা আজমীয়ে । ফটোখনত জোয়া আখতাৰ, জাভেদ আখতাৰ, শিবানী ডাণ্ডেকাৰ, অনুষা ডাণ্ডেকাৰকে ধৰি বহুকেইগৰাকী ব্যক্তিক দেখা গৈছে । এই পাৰ্টিত ফাৰহানৰ মাতৃ হানি ইৰানীকো দেখা গৈছিল । এই সময়ত সকলোৱে হাঁহি হাঁহি কেমেৰাৰ সন্মুখত পোজ দিছিল । ফটোখন শ্বেয়াৰ কৰি শ্বাবানা আজমীয়ে লিখিছে, "শুভ জন্ম বাৰ্ষিকী বেটু ফাৰহান আখতাৰ । দীৰ্ঘদিন জীয়াই থাকা, সুখী হৈ থাকা, বহুত মৰম তোমালৈ ।"

ফাৰহান আখতাৰৰ সৈতে শ্বাবানা আজমীৰ সম্পৰ্ক কেনেকুৱা ?

উল্লেখ্য যে, যোৱা বছৰৰ আৰম্ভণিতে ফিল্মফেয়াৰক দিয়া এক সাক্ষাৎকাৰত শ্বাবানা আজমীয়ে জাভেদ আখতাৰ আৰু তেওঁৰ প্ৰথম পত্নী হানি ইৰানিৰ সন্তান ফাৰহান আখতাৰ আৰু জোয়াৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা কৈছিল। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে ফাৰহান আখতাৰ আৰু জোয়াৰ সৈতে তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু সেয়া তেওঁৰ মাতৃ হানি ইৰানিৰ বাবেই সম্ভৱ হৈ উঠিছে ।

প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে কৈছিল, "আমাৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ । তেওঁলোকৰ সৈতে মোৰ বন্ধুত্ব আৰু বিশ্বাসৰ সম্পৰ্ক । মই ফাৰহান আৰু জোয়াক বহুত গুৰুত্ব দিওঁ আৰু মই ভাবো তেওঁলোকেও মোক গুৰুত্ব দিয়ে । মই ইয়াৰ কৃতিত্ব দিব বিচাৰো তেওঁলোকৰ মাতৃ হানি (ইৰানী)ক । মই ক’ব লাগিব যে তেওঁ বহুত ভাল মানুহ । যদি হানিয়ে নিবিচাৰিলে হেতেন তেন্তে তেওঁৰ ল’ৰা-ছোৱালীয়ে মোৰ লগত বন্ধুত্ব কৰিব নোৱাৰিলেহেঁতেন ।"

লগতে পঢ়ক:ঋষি কাপুৰৰ উপৰিও কাপুৰ পৰিয়ালৰ এইগৰাকী অভিনেতাক পছন্দ কৰিছিল নীতু কাপুৰে

ABOUT THE AUTHOR

...view details