ETV Bharat / entertainment

ঋষি কাপুৰৰ উপৰিও কাপুৰ পৰিয়ালৰ এইগৰাকী অভিনেতাক পছন্দ কৰিছিল নীতু কাপুৰে

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 4:56 PM IST

Koffee With Karan 8: কৰণ জোহৰৰ টক শ্ব’ ‘কফী উইথ কৰণ ৮’ৰ পৰৱৰ্তী খণ্ডৰ প্ৰ’ম’ শ্বেয়াৰ কৰিছে কৰণ জোহৰে ৷ এইবাৰৰ অতিথি হ’ব জিনত অমান আৰু নীতু কাপুৰ ৷

Koffee With Karan 8: Zeenat Aman, Neetu Kapoor reveal their 'wildest' sides and 'secret crush'
কফি উইথ কৰণ ৮

চিটাৰা ডেস্ক, ৮ জানুৱাৰী: চৰ্চাত কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’ ‘কফি উইথ কৰণ ৮’ । সোমবাৰে ছবি নিৰ্মাতাগৰাকীয়ে এই শ্ব’টোৰ নতুন খণ্ডৰ এটা প্ৰ’ম’ ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ য’ত দেখুওৱা হৈছে শ্ব’টোৰ পৰৱৰ্তী অতিথি কোন হ’ব ৷ বিশেষ কথাটো হ’ল শ্ব’টোৰ পৰৱৰ্তী অতিথি হৈছে, প্ৰবীণ অভিনেত্ৰী নীতু কাপুৰ আৰু জীনত অমান । এই প্ৰ’ম’টোত দুয়োগৰাকী প্ৰবীণ অভিনেত্ৰীয়ে কৰণৰ সৈতে খুব আনন্দ কৰা দেখা গৈছে । লগতে ‘কফি উইথ কৰণ ৮’ত দুয়োগৰাকী অভিনেত্ৰীয়ে নিজৰ জীৱনৰ সৈতে জড়িত বহু কথাও প্ৰকাশ কৰে ।

ৰহস্যময় বাকচৰ বিষয়ে প্ৰকাশ কৰিলে জিনত অমানে

প্ৰ’ম’ ভিডিঅ’টোত দেখা পোৱা অনুসৰি কৰণে অভিনেত্ৰী জিনাত অমানক তেওঁৰ মিষ্ট্ৰী বক্সৰ বিষয়ে প্ৰশ্ন কৰে । কৰণ জোহৰে প্ৰশ্ন কৰে, ‘‘কোনোবাই আপোনাক বলৰ সৈতে ৰহস্যময় বাকচ এটা পঠিয়াইছিল । সেই বাকচটো আপোনাক পঠোৱা ব্যক্তিজনৰ নাম ক’ব পাৰিবনে ? জিনত অমানে উত্তৰ দিয়ে, ‘‘কাপুৰ পৰিয়ালৰ এজনে দিছিল ।’’ জিনত অমানৰ উত্তৰত নীতু কাপুৰে জোৰেৰে হাঁহিবলৈ ধৰে । উল্লেখ্য যে, যোৱা বছৰৰ আগষ্ট মাহত প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এই ৰহস্যময় বাকচটোৰ কথা উল্লেখ কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছিল ।

নিজৰ ক্ৰাছৰ নাম প্ৰকাশ কৰিলে নীতু কাপুৰে

'কফি উইথ কৰণ ৮'ত নীতু কাপুৰে প্ৰকাশ কৰিছে নিজৰ ক্ৰাছৰ নাম । প্ৰ’ম’ৰ আৰম্ভণি হয় নীতু কাপুৰ আৰু জীনত অমানৰ ষ্টাইলিছ এণ্ট্ৰিৰে । আসন গ্ৰহণ কৰাৰ পিচতে কৰণ জোহৰে নীতু কাপুৰক প্ৰশ্ন কৰে, ‘‘আপোনাৰ ক্ৰাছ কোন ?’’ ৰণবীৰ কাপুৰৰ মাতৃ নীতু কাপুৰে কয় যে,‘‘ঋষি কাপুৰৰ উপৰিও কাপুৰ পৰিয়ালত তেওঁৰ ক্ৰাছ হৈছে শশী কাপুৰ ।’’ উল্লেখ্য যে, শশী কাপুৰ হৈছে ঋষি কাপুৰৰ খুৰা অৰ্থাৎ নীতু কাপুৰৰ শহুৰ খুৰা ।

জিনত অমান আৰু নীতু কাপুৰৰ বিষয়ে

মনীষ মালহোত্ৰাৰ পৰিচালনাৰ প্ৰথম ছবি ‘বুন টিকি’ত অভিনয় কৰা দেখা যাব জিনত অমানক । শ্বাবানা আজমীৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিব অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ পূৰ্বে জিনত আৰু শ্বাবানাই ‘ইছক ইছক ইছক’ (১৯৭৪) আৰু ‘অশান্তি’ (১৯৮২) ছবিত একেলগে কাম কৰিছিল । নীতুৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে শেষবাৰৰ বাবে বৰুণ ধাৱন, কিয়াৰা আদৱানী আৰু অনিল কাপুৰৰ সৈতে ‘জুগ জগ জিঅ’ ছবিখনত দেখা গৈছিল ।

লগতে পঢ়ক: যেতিয়া ফোনযোগে পাইছিল মাতৃৰ মৃত্যুৰ খবৰ, কেনে অৱস্থা হৈছিল শ্ৰীদেৱীৰ দুই কন্যাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.