ETV Bharat / entertainment

যেতিয়া ফোনযোগে পাইছিল মাতৃৰ মৃত্যুৰ খবৰ, কেনে অৱস্থা হৈছিল শ্ৰীদেৱীৰ দুই কন্যাৰ ?

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 1:29 PM IST

Koffee With Karan 8: কফি উইথ কৰণ ছিজন ৮ৰ নতুন খণ্ডটো টেলিকাষ্ট কৰা হৈছে । এইবাৰ শ্ব’টোত দেখা গৈছে জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰক । এই সময়চোৱাত দুয়োগৰাকী ভগ্নীয়ে নিজৰ জীৱনৰ বহু কথা প্ৰকাশ কৰে ।

Janhvi Kapoor shares heartbreaking moment she learnt Sridevi had died, I heard wailing from Khushi's room
জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰ

চিটাৰা ডেস্ক, ৪ জানুৱাৰী: বৃহস্পতিবাৰে সম্প্ৰচাৰ হয় কফি উইথ কৰণ ছিজন ৮ ৰ শেহতীয়া খণ্ড ৷ শেহতীয়া খণ্ডটোত দেখা যায় দুই তাৰকা ভগ্নী জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰক । এই ভগ্নীদ্বয়ে নিজৰ জীৱনৰ বিভিন্ন দিশৰ বিষয়ে মুকলিকৈ কোৱা দেখা যায় শ্ব’টোত ৷ কৰণৰ সৈতে দুই ভগ্নীয়ে খুব আনন্দ কৰাও দেখা যায় ৷ অৱশ্যে শ্ব’টোত দুই ভগ্নীক কিছু আৱেগিক হোৱাও দেখা যায় ৷ দৰাচলতে মাতৃৰ মৃত্যুৰ পিচত দুই ভগ্নীয়ে নিজকে কেনেকৈ চম্ভালিছিল আৰু এই কঠিন সময়চোৱাত খুশীয়ে কেনেকৈ পৰিয়ালটোক চম্ভালিছিল সেই কথা প্ৰকাশ কৰে জাহ্নৱীয়ে ।

কথা-বতৰাৰ সময়ত শ্ব’টোত কৰণে খুশী আৰু জাহ্নৱীৰ মাতৃ শ্ৰীদেৱীৰ কথা উল্লেখ কৰে । ২০১৮ চনত শ্ৰীদেৱীৰ মৃত্যু হৈছিল । শ্ৰীদেৱীৰ মৃত্যুৰ এতিয়া প্ৰায় ছয় বছৰ সম্পন্ন হ’ল ৷ মাতৃৰ মৃত্যুৰ ছয় বছৰ পিচত এতিয়া জাহ্নৱীয়ে শ্ব’টোত প্ৰকাশ কৰে যেতিয়া তেওঁ মাকৰ মৃত্যুৰ খবৰ পাইছিল তেতিয়া কেনে অৱস্থা হৈছিল ।

জাহ্নৱী আৰু খুশীয়ে কেনেকৈ লাভ কৰিছিল শ্ৰীদেৱীৰ মৃত্যুৰ খবৰ ?

২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত শ্ৰীদেৱীয়ে চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা বিদায় লৈছিল । তেওঁ যোৱাৰ পিচতে দুয়োগৰাকী ভগ্নীয়ে ইগৰাকীয়ে সিগৰাকীৰ সম্পূৰ্ণ যত্ন লোৱা দেখা গ’ল । এতিয়া প্ৰায় ৬ বছৰ পিচত জাহ্নৱী আৰু খুশীয়ে ক’লে সেই অভিজ্ঞতাৰ বিষয়ে ।

জাহ্নৱীয়ে ক’লে, "মোৰ যিমান দূৰ মনত আছে, মোলৈ ফোনটো অহাৰ সময়ত মই মোৰ কোঠাতেই আছিলো । তাৰ পিচত আন এটা কোঠাৰ পৰা খুশীৰ কান্দোন শুনিবলৈ পালোঁ । মইও চিঞৰি চিঞৰি কান্দি তাইৰ কোঠালৈ প্ৰৱেশ কৰিলোঁ । কিন্তু কৰণ, মোৰ যিমান দূৰলৈ মনত পৰিছে, সেইসময়ত মোৰ ফালে চাই তাইৰ কান্দোন বন্ধ হৈ গ’ল । তাই মোৰ কাষত বহি মোক সাৱটি ধৰিলে । ইয়াৰ পিচত মই কেতিয়াও তাইক এই বিষয়ে কান্দি থকা দেখা নাপালোঁ ।"

জাহ্নৱীয়ে লগতে কয় যে, “তাই এগৰাকী অতি শান্ত ছোৱালী আৰু মই ভাবো তাইৰ আৰু মাম্মাৰ (শ্ৰীদেৱী) মাজত এইটোৱেই সাদৃশ্য আছে ।’’

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: শিখৰ পাহাড়িয়াৰ সৈতে সম্পৰ্কত আছে জাহ্নৱী কাপুৰ ! কৰণৰ জোহৰৰ শ্ব’ত দিলে ডাঙৰ ইংগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.