অসম

assam

Domestic violence in Assam: স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক

By

Published : Dec 19, 2021, 10:32 PM IST

ৰঙাপৰাত নৃশংস হত্যাকাণ্ড(Rangapara murder case) ৷ নিশা স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক ৷ সবিশেষ জানো আহক ৷

wife-killed-by-husband-in-rangapara
Domestic violence in Assam: পুনৰ এগৰাকী পত্নীক হত্যা কৰিলে স্বামীয়ে

ৰঙাপৰা, 19 ডিচেম্বৰ : ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে গার্হস্থ্য হিংসাৰ গোচৰ ( Domestic violence in Assam) ৷ আনকি, চলিত বৰ্ষত বহুবাৰ পত্নীক হত্যাৰ অপচেষ্টা কৰাৰ ঘটনাও সংঘটিত হৈছে ৷ শেহতীয়াকৈ, শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হৈছে এগৰাকী পতিয়ে নিজ পত্নীক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা ( Wife killed by husband in Rangapara) ।

ঘটনা অনুসৰি, ৰঙাপাৰাৰ এগৰাকী স্বামীয়ে নিজ পত্নীক ডিঙি চেপি হত্যা কৰিছে (Husband kills wife in Rangapora)। ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ঠাকুৰবাৰী চাহ বাগিচাৰ ফুলবাৰী শ্ৰমিক লাইনৰ নিৱাসী স্বামী বিকাশ নায়কে নিশা পত্নী এটি সন্তানৰ মাতৃ শান্তি নায়কক ডিঙি চেপি হত্যা কৰে(Rangapara murder case) । দেওবাৰে পুৱা মহিলা গৰাকীৰ শোৱা পাটিৰ পৰা উঠি নহাত স্থানীয় একাংশ ৰাইজে প্ৰথমাৱস্থাত উচ্চ ৰক্তচাপ জনিত কাৰণত মৃত্যু হোৱা সন্দেহ প্ৰকাশ কৰিছিল ।

Domestic violence in Assam: পুনৰ এগৰাকী পত্নীক হত্যা কৰিলে স্বামীয়ে

পাছত চুবুৰীয়া ৰাইজে মৃতদেহটি ভালদৰে প্ৰত্যক্ষ কৰাত শৰীৰত আঘাতৰ চিন প্ৰত্যক্ষ কৰে । ইফালে, ইয়াৰ পিছত স্বামী বিকাশ নায়কে সোশৰীৰে ৰঙাপৰা আৰক্ষী থানাত উপস্থিত হয় । নিশাৰ ভাগত দুয়োৰে মাজত হোৱা সংঘাতৰ কৰুণ পৰিণতিত উক্ত হত্যাকাণ্ড সংঘটিত হোৱা বুলি সম্প্ৰতি, সকলোৱে সন্দেহ প্ৰকাশ কৰিছে । আনহাতে, ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ কথা জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Women trafficking case : প্ৰেমৰ জালত পেলাই বহিঃ ৰাজ্যত বিক্ৰী অসমীয়া কিশোৰীক

ABOUT THE AUTHOR

...view details