ETV Bharat / crime

Fake currency in Guwahati : মহানগৰীৰ ISBT ত জালনোটসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

author img

By

Published : Feb 14, 2023, 8:45 AM IST

Crime in Guwahati
ISBT ত জব্দ জালনোট

মহানগৰীৰ বেটকুছিস্থিত ISBT ত জব্দ হৈছে জালনোট (Counterfeit notes seized at ISBT) ৷ লগতে দুজন সৰবৰাহকাৰীও পৰিছে আৰক্ষীৰ জালত (Two arrested with fake currency)৷

ISBT ত জব্দ জালনোট

গুৱাহাটী, 14 ফেব্ৰুৱাৰী : মহানগৰ আৰক্ষীৰ সফলতা ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই মহানগৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ জাল নোট (Counterfeit notes seized at ISBT) ৷ মহানগৰীৰ বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ আৰক্ষী চকীৰ দলে চলাইছিল এই অভিযান ৷

সোমবাৰে ISBT আৰক্ষীয়ে চলোৱা এই অভিযান কালত জব্দ কৰিবলৈ সক্ষম হয় নগদ 5 লাখ টকাৰ জাল নোট ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজনকৈ জাল নোট সৰবৰাহকাৰীক (Two arrested with fake currency) ৷ ধৃত লোক দুজনৰ নাম অমৰ টামাং আৰু ৰৌশন ৰায় বুলি জানিবলৈ পৰা গৈছে ৷

Crime in Guwahati
ISBT ত জব্দ জালনোট

ISBT আৰক্ষীয়ে বৃহৎ পৰিমানৰ জালনোটখিনি জব্দ কৰাৰ উপৰিও সৰবৰাহকাৰী দুটাৰ পৰা ৩ টা মোবাইল ফোন, বেংকৰ পাছবুক, আধাৰ কাৰ্ড আৰু পান কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় । জালনোট সৰবৰাহকাৰী দুজনৰ ঘৰ দার্জিলিঙত বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । উল্লেখ্য যে, অপৰাধমুক্ত মহানগৰী গঢ়ি তোলাৰ স্বাৰ্থত মহানগৰ আৰক্ষীয়ে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে মাৰাথন অভিযান ৷

যোৱা শুকুৰবাৰৰ নিশাও মহানগৰীৰ আন্তঃৰাজ্যিক বাছ আস্থানস্থিত আৰক্ষী চকীৰ নেতৃত্বত চলোৱা হৈছিল এক অভিযান ৷ অভিযান কালত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল নকল সোণৰ নাও (Gold Smuggler arrested at ISBT in Guwahati) ৷ ৪০০ গ্ৰাম ওজনৰ নকল সোণৰ নাৱৰ টুকুৰাটো লক্ষাধিক মূল্যত বিক্ৰীৰ উদ্দেশ্যে সৰবৰাহকাৰীজনে গুৱাহাটীলৈ আনিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ ইয়াৰোপৰি, চলিত মাহৰ আৰম্ভণিতে গড়চুক আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছিল নকল সোণৰ নাৱৰ লগতে ৩ লক্ষাধিক টকা । লগতে গ্ৰেপ্তৰ কৰিছিল দুজনকৈ লোকক ৷

লক্ষণীয় বিষয় যে, অপৰাধীৰ যেন ৰম্যভূমিলৈ পৰিণত হৈছে উত্তৰ-পূৱৰ দুৱাৰমুখ হিচাপে পৰিচিত গুৱাহাটী মহানগৰী (Crime in Guwahati) ৷ চুৰি-ডকাইতি, নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা ব্যৱসায়কে আদি কৰি বিভিন্ন অপৰাধজনিত কাৰ্য চলি থকাৰ মাজতে এইবাৰ জাল নোটৰ লগত জড়িত চক্ৰইও এতিয়া খোপনি পুটিছে মহানগৰীখনত ৷ ইফালে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যথেষ্ট সৰৱ হৈ আহিছে হৈছে যদিও এনেবোৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী ৷ অপৰাধীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি মহানগৰখনত অপৰাধ সংঘটিত কৰি অহা পৰিলক্ষিত হৈছে । যিয়ে স্বাভাৱিকতেই মহানগৰবাসীক অধিক নিৰাপত্তাহীনতাত ভোগাইছে ৷

লগতে পঢ়ক : Unfinished bridge in Sivasagar: আমগুৰিৰ নামতিত দলং নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.