ETV Bharat / state

Unfinished bridge in Sivasagar: আমগুৰিৰ নামতিত দলং নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Feb 13, 2023, 12:16 PM IST

Updated : Feb 13, 2023, 12:44 PM IST

যাতায়তৰ দুৰাৱস্থাই জ্বলাকলা খোৱাইছে শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিবাসীক (Scam in bridge construction in Sivasagar ) ৷ বছৰৰ পিছত বছৰ ধৰি খামোন-হুদুপাৰা সংযোগী নামদাং নদীৰ ওপৰত থকা দলংখন যাতায়তৰ উপযোগী হৈ নুঠাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ অৱশেষত কোৰ-কোদাল লৈ ওলায় আহিল ক্ষোভিত ৰাইজ ৷

Scam in bridge construction
সুচল যাতায়তৰ বাবে হাতে হাতে কোৰ কোদাল ল’লে নামতিবাসীয়ে

সুচল যাতায়তৰ বাবে হাতে হাতে কোৰ কোদাল ল’লে নামতিবাসীয়ে

আমগুৰি , 13 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিজেপি শাসনাধিষ্ঠিত চৰকাৰখনে চহৰৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলৰো যাতায়াত ব্যৱস্থা উন্নীত কৰি তুলিবলৈ বহু অভিলাষী আঁচনি গ্ৰহণ কৰি আহিছে ৷ এনে অভিলাষী আঁচনিৰ জড়িয়তে গ্ৰামাঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নত কৰি তুলিছে বুলি বিজেপি শাসিত চৰকাখনে দাবী কৰি অহাৰ সময়তে শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিত এখন দলঙে অঞ্চলবাসীক জলা-কলা খুওৱাৰ খবৰ পোহৰলৈ আহিছে (Scam in bridge construction) ৷

শিৱসাগৰ জিলাৰ নামতিত ২০০৮ চনতে নিৰ্মিত এখন দলং আজি পৰ্যন্ত যাতায়াতৰ উপযোগী হৈ নুঠাৰ কাৰ্যই সম্প্ৰতি বিশেষ তাৎপৰ্য বহণ কৰিছে (One bridge is still unfinished in Amguri)। ৰাজ্যৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ সমষ্টিৰ অন্তৰ্গত এই জৰাজীৰ্ণ দলংখন (Leader of opposition Debabrat Saikia) ৷ 2011 বৰ্ষৰ পৰা বিগত প্ৰায় ১৫ বছৰে দলংখন সম্পূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত স্থানীয় বিধায়কগৰাকীয়ে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সমষ্টিবাসীয়ে । নামতিৰ খামোন হুদুপাৰা সংযোগী নামদাং নদীৰ ওপৰত থকা দলংখন ঠিকাদাৰে পকীকৰণ কৰিয়েই দায়িত্ব সামৰিলে ।

Scam in bridge construction
আমগুড়িত দলং নিৰ্মাণত অনিয়মৰ অভিযোগ

কিন্তু দলঙখনৰ দুই মূৰত নিদিলে মাটি ৷ যাৰ ফলত দলং সম্পূৰ্ণ হোৱাৰ পিচতো ই যাতায়াতৰ উপযোগী হৈ নুঠিল ৷ মৰণত শৰণ দি অতি বিপদসংকুলভাৱে অঞ্চলটোৰ লোকসকলে দলংখনেৰে যাতায়ত কৰি আহিছিল যদিও অৱশেষত গাঁঠিৰ ধন ভাঙি সম্ভাব্য বিপদৰ পূৰ্বেই স্থানীয় লোকসকল দলঙৰ দুই মূৰত মাটি পেলাই নিজা শ্ৰমদানেৰে যাতায়াতৰ উপযোগী কৰি তুলিবলৈ বাধ্য হ’ল । গ্ৰাম্য আন্তঃগাঠনি উন্নয়ণ পুঁজিৰ অধীনত বৰফুকন গাঁও পঞ্চায়ত এলেকাৰ অন্তৰ্গত দলংখন সম্পূৰ্ণ কৰিবলৈ কোনো এগৰাকী জনপ্ৰতিনিধি আগবাঢ়ি নাহিল বুলি স্থানীয় ৰাইজে আক্ষেপেৰে জানিবলৈ দিযে । সমষ্টিটোৰ বিধায়ক দেৱব্ৰত শইকীয়াই হওক অথবা বৰফুকন গাঁও পঞ্চায়তৰ ৰাইজৰ প্ৰতিনিধি গৰাকীয়েই হওক, কোনোৱেই পথটোৰে সুচল যাতায়তৰ ব্যৱস্থা কৰাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

Scam in bridge construction
আমগুড়িত দলং নিৰ্মাণত অনিয়মৰ অভিযোগ

স্থানীয় লোকসকলে দলংখন সম্পূৰ্ণ কৰিবলৈ সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াক বহুবাৰ আবেদন জনালে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে । বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ সমষ্টিৰ অন্তৰ্গত দলংখন অসম্পূৰ্ণ হৈ থকাৰ ফলত বিভিন্ন ক্ষেত্ৰত জীয়াতু ভুগি আহিছিল বিশখনৰো অধিক গাঁৱৰ বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে ৷ ফলত স্থানীয় লোকসকলে গাঁঠিৰ ধন ভাঙি দলঙৰ দুই মূৰত মাটি পেলাই শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ বাধ্য হ’ল ।

Scam in bridge construction
আমগুড়িত দলং নিৰ্মাণত অনিয়মৰ অভিযোগ

সমষ্টিটোৰ বিধায়ক তথা বিৰোধী দলপতিগৰাকীয়ে সমষ্টিবাসীক সুচল যাতায়তৰ সুবিধা প্ৰদান নকৰা বিষয়টোৱে সম্প্ৰতি বিশেষ তাৎপৰ্য বহন কৰিছে । উন্নয়ণৰ ক্ষেত্ৰত সততে সৰৱ হৈ থকাৰ অভিযোগ থকা বিৰোধী বিধায়কগৰাকীয়ে নিজৰ সমষ্টিতে ৰাইজক পিঠি দি জীয়াতু ভুগিবলৈ এৰি দিয়া কাৰ্যই ৰাইজৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Leo Expo 2023 Social Service Award: সদিচ্ছালৈ লিঅ’ এক্সপ’ ২০২৩ বৰ্ষৰ সমাজ সেৱা সন্মান

Last Updated : Feb 13, 2023, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.