ছাত্ৰীক পৰ্ণ দেখুওৱাৰ বাবে শিক্ষকৰ মুখত ক’লা চিয়াঁহী সানিলে গঞাই

author img

By

Published : Sep 30, 2022, 6:23 PM IST

Villagers blacken teacher's face for 'showing porn to girls'

শ্ৰেণীকোঠাত পাঠদানৰ বিপৰীতে শিক্ষকে ছাত্ৰীসকলক দেখুৱাই পৰ্ণ ভিডিঅ’ (Teacher showing porn to girls) ৷ ক্ষুব্ধ গাঁওবাসীয়ে বিদ্যালয়খন ঘেৰাও কৰি শিক্ষকক ধৰি মুখত ক’লা চিয়াঁহী লেপাৰ লগতে জোতাৰ মালা পিন্ধায় (Face of a school teacher blackened)৷

নেশ্যনেল ডেস্ক, 30 ছেপ্টেম্বৰ: এখন বিদ্যালয়ত অদ্ভুত কাণ্ড ৷ শ্ৰেণীকোঠাত পাঠদানৰ বিপৰীতে শিক্ষকে ছাত্ৰীসকলক দেখুৱাই পৰ্ণ ভিডিঅ’ (Teacher showing porn to girls )৷ ইয়াৰ পিছতে লম্পট শিক্ষকৰ অন্য এক ৰূপ দেখিবলৈ পায় ছাত্ৰীসকলে ৷ ছাত্ৰীসকলক অশালীন ইংগিত দিয়াৰ লগতে ব্যক্তিগত অংশত স্পৰ্শ কৰে শিক্ষকে (Villagers blacken teacher face for showing porn)৷

এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ নোৱামুণ্ডি খণ্ডৰ এখন বিদ্যালয়ত ৷ বিদ্যালয়খনত অধ্যয়নৰত 6 গৰাকী ছাত্ৰীক এনে দুৰ্ব্যৱহাৰ কৰাৰ কথা পোহৰলৈ আহে ৷ প্ৰথমে শিক্ষকজনে ছাত্ৰীকেইগৰাকীক অশ্লীল ভিডিঅ’ দেখুৱাৰ লগতে অশালীন ইংগিত দিয়ে ( Showing pornographic videos inside classroom)৷ এই কথা ছাত্ৰীগৰাকীয়ে অভিভাৱকৰ আগত ব্যক্ত কৰাৰ পিছতেই হুৱা-দুৱা লাগে ৷

এই কথা গাঁৱত প্ৰচাৰ হোৱাৰ লগে লগে গাঁওবাসী জাঙুৰ খাই উঠে ৷ এই সন্দৰ্ভত গাঁৱৰ লোকে স্থানীয় আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰিছিল যদিও এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই আৰক্ষীয়ে ৷ উপায়হীন হৈ গাঁওবাসীয়ে বুধবাৰে এখন সভা অনুষ্ঠিত কৰি অভিযুক্ত শিক্ষকক শাস্তি দিয়াৰ সিন্ধান্ত গ্ৰহণ কৰে ৷

কথামতেই কাম, বৃহস্পতিবাৰে ক্ষুব্ধ গাঁওবাসীয়ে বিদ্যালয়খন ঘেৰাও কৰি শিক্ষকক ধৰি মুখত ক’লা চিয়াঁহী লেপাৰ লগতে জোতাৰ মালা পিন্ধাই বাদাজামদা ৰে’ল ষ্টেশ্যনলৈ লৈ যায় (Face of a school teacher blackened ) ৷ এই সন্দৰ্ভত আৰক্ষীয়ে গম পাই ঘটনাস্থলীত উপস্থিত হৈ শিক্ষকক উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ আহে ৷ গাঁওবাসীয়ে অতি সোনকালে অভিযুক্ত শিক্ষকক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে উচিত শাস্তি বিহিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: সামাজিক মাধ্যমত মহিলাৰ অশ্লীল ফটো, স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.