ETV Bharat / state

Women trafficking case : প্ৰেমৰ জালত পেলাই বহিঃ ৰাজ্যত বিক্ৰী অসমীয়া কিশোৰীক

author img

By

Published : Dec 19, 2021, 4:58 PM IST

যুৱতীক প্ৰেমত পেলাই প্ৰেমিকে লৈ গ’ল দিল্লীলৈ ৷ দুজন যুৱকে বিয়া পতাৰ আশা দেখুৱাই নিছিল দুগৰাকী যুৱতীক ৷ কিন্তু দিল্লীৰ পৰা অসমলৈ ঘূৰি আহিল যুৱতীদুগৰাকী অকলে ৷ তাৰ পাচত ফাদিল হ’ল এক ভংকৰ তথ্য ৷

women-traffickers-arrested-by-manikpur-police
প্ৰেমৰ জালত পেলাই বহিঃ ৰাজ্যত বিক্ৰী অসমীয়া কিশোৰীক

বঙাইগাঁও, 19 ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে নাৰী সৰবৰাহ(Women trafficking in Assam) আৰু মানৱ অংগ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্যকলাপ(Human organ smuggling in Assam) ৷ কিন্তু এই সমূহ অপৰাধ ৰোধৰ বাবে প্ৰতিপল সষ্টম হৈ আছে আৰক্ষী-প্ৰশাসন ৷ যাৰফলত সঘনে আৰক্ষীৰ জালত পৰিছে নাৰীদেহ ব্যৱসায়ী অথবা শিশু-মহিলা সৰবৰাহকাৰী ৷ ইতিমধ্যে বিগত কেইবাদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে বহিঃৰাজ্যত বিক্ৰীৰ বাবে নিয়া কেইবাগৰাকী কিশোৰী-যুৱতী ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে বঙাইগাঁৱৰ মানিকপুৰত নাৰী সৰবৰাহকাৰীৰ ভয়ংকৰ জাল সম্প্ৰতি উন্মোচিত হৈছে(Women trafficking raket in Manikpur) ।

শনিবাৰে এক গোপন সূত্ৰৰ পম খেদি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই দুজনকৈ নাৰী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়(Two women traffickers arrested by Manikpur Police) । গুৱাহাটীৰ পৰা আটক কৰা এই নাৰী সৰবৰাহকাৰী দুজন ক্ৰমে ছফিকুল ইছলাম আৰু জয়নুদ্দিন আলী বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, ছফিকুল ইছলামে মাণিকপুৰৰ পাতিলাদহাৰ এখন বিদ্যালয়ৰ এগৰাকী কিশোৰীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে ৷ ইয়াৰ পিছত বিবাহৰ ছলনাৰে কিশোৰী গৰাকীক অপহৰণ কৰি দিল্লীলৈ লৈ গৈ বিক্ৰী কৰে ।

প্ৰেমৰ জালত পেলাই বহিঃ ৰাজ্যত বিক্ৰী অসমীয়া কিশোৰীক

ইফালে, একেসময়তে বৰপেটা জিলাৰ শালবাৰীৰ পৰা জয়নুদ্দিন নামৰ নাৰী সৰবৰাহকাৰীজনে বৰপেটা জিলাৰ শালবাৰীৰ এগৰাকী কিশোৰীক প্ৰেমৰ ছলনাৰে দিল্লী লৈ গৈ বিক্ৰী কৰে । যদিও শালবাৰীৰ এই যুৱতীগৰাকী দিল্লীৰ পৰা পলাই ঘৰলৈ আহিবলৈ সক্ষম হয় । যুৱতী দুগৰাকী নিখোজ হোৱাৰ পিছত পৰিয়ালৰ লোকে মাণিকপুৰ আৰক্ষী থানাত এই সম্পৰ্কত এটা গোচৰ ৰুজু কৰিছিল । এই এজাহাৰৰ ভিত্তিতেই গোচৰ নং ৫৭০/২১ ভিত্তিত দুজন মানৱ সৰবৰাহকাৰীক আটক কৰি জেললৈ প্ৰেৰণ কৰে ।

লগতে আৰক্ষীয়ে নাৰী সৰবৰাহকাৰীৰ সোধ-পোচ আৰম্ভ কৰিছে ৷ উল্লেখযোগ্য যে, ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা ৷ বিশেষকৈ নাৰীজনিত অপৰাধৰ বৰ্ধিত হাৰে ৰাজ্যৰ সচেতন মহলক চিন্তিত কৰি তুলিছে ৷ মানৱ সৰবৰাহকাৰী চক্ৰৰ টাৰ্গেটত পৰি এইদৰেই নিখোজ হৈছে বহু যুৱতী, কিশোৰী আনকি বিবাহিত মহিলা । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সচেতন মহলে ৷

লগতে পঢ়ক : Encounter In Srinagar : শ্ৰীনগৰত অচিনাক্ত সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.