ETV Bharat / bharat

Encounter In Srinagar : শ্ৰীনগৰত অচিনাক্ত সন্ত্ৰাসবাদী নিহত

author img

By

Published : Dec 19, 2021, 8:27 AM IST

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সংঘটিত হৈছে গুলীচালনাৰ (Encounter In Srinagar) ঘটনা ৷ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত গুলীচালনাৰ ফলত নিহত হৈছে এটা সন্ত্ৰাসবাদী (Unidentified militant killed in Srinagar) ৷ এই অভিযান চলাইছিল আৰক্ষী, সেনা আৰু চিআৰপিএফৰ এটা দলে ৷

Encounter In Srinagar
শ্ৰীনগৰত অচিনাক্ত সন্ত্ৰাসবাদী নিহত

নেশ্যনেল ডেস্ক, 19 ডিচেম্বৰ : দেওবাৰে পুৱতি নিশা পুনৰ শ্ৰীনগৰত সংঘটিত হয় গুলীচালনা (Encounter In Srinagar) ৰ ঘটনা ৷ এই সংঘৰ্ষত নিহত হয় এটা অচিনাক্ত সন্ত্ৰাসবাদী (Unidentified militant killed in Srinagar) ৷ বিগত কিছুদিন পূৰ্বে নিৰাপত্তাৰক্ষীৰে হোৱা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হৈছিল হিজবুল মুজাহিদিনৰ এজন সদস্য ৷

পুনৰায় দেওবাৰে পুৱতি নিশা আৰক্ষী, সেনা আৰু চিআৰপিএফৰ এটা দলৰ সৈতে সংঘৰ্ষ হয় সন্ত্ৰাসবাদীৰ ৷ এই ঘটনাত নিহত হৈছে এটা সন্ত্ৰাসবাদী ৷ বৰ্তমানলৈকে সন্ত্ৰাসবাদীটোৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷

তথ্য অনুসৰি, দেওবাৰে পুৱতি নিশা শ্ৰীনগৰৰ সমীপৱৰ্তী অঞ্চলত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পিছতে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰক্ষী, সেনা আৰু চিআৰপিএফৰ এটা দলে ৷ শ্ৰীনগৰৰ হৰৱানৰ ধাৰবাগ ধাৰা অঞ্চলত চলে সন্ত্ৰাসবাদী বিৰোধী এই অভিযান ৷

অভিযানকাৰী দলটোৱে সন্ত্ৰাসবাদীসকলে অৱস্থান কৰি থকা অঞ্চলত উপস্থিত হোৱা মাত্ৰকে গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীসকলে ৷ প্ৰত্যুত্তৰত অভিযানকাৰী দলটোৱেও গুলীচালনা কৰে ৷ নিহত সন্ত্ৰাসবাদীটোৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা নাই নিৰাপত্তাৰক্ষীৰ দলটোৱে ৷

বিগত ১৬ ডিচেম্বৰত দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হৈছিল ৷ একেদৰে, ১৫ ডিচেম্বৰত দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ উসগাম পাথৰী অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ সংঘৰ্ষত এজন স্থানীয় হিজবুল মুজাহিদিনৰ সদস্য নিহত হৈছিল ৷ উক্ত সংঘৰ্ষত নিহত সন্ত্ৰাসবাদীজন শ্বপিয়ান জিলাৰ হেফ অঞ্চলৰ বাসিন্দা ফিৰোজ আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছিল ৷ ডাৰে 2017 চনত সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰি বহুতো সন্ত্ৰাসবাদ সম্পৰ্কীয় কাৰ্যকলাপত জড়িত হৈ পৰিছিল ৷

লগতে চাওক: Militant killed in Pulwama encounter : পুলৱামাত নিহত হিজবুল মুজাহিদিনৰ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.