অসম

assam

তিনিচুকীয়াত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

By

Published : Aug 1, 2021, 7:37 PM IST

তিনিচুকীয়াৰ পানীতোলাত জব্দ হৈছে চোৰাং কাঠ ভৰ্তি এখন ট্ৰাক । বৰ্তমান ৰাজ্যখনত বলৱৎ হৈ আছে সান্ধ্য আইন । এই সান্ধ্য আইন আৰু লক ডাউনৰ সুযোগ লৈ একাংশই চলাই গৈছে চোৰাং ব্যৱসায় ৷

truck-full-of-smuggled-wood-seized-in-tinsukia-etv-bharat-assam-news
তিনিচুকীয়াত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

তিনিচুকীয়া,1 আগষ্ট :প্ৰতি নিশাই তিনিচুকীয়াৰ ৰাজপথেদি পাৰ হৈ যায় চোৰাং কাঠ, কয়লাৰ গাড়ী । অৱশ্যে বহু সময়ত আৰক্ষীয়ে এনে চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ শনিবাৰে নিশা পানীতোলা আৰক্ষীয়ে অবৈধ ভাৱে কঢ়িয়াই অনা কাঠ ভৰ্তি ট্ৰাক এখন জব্দ কৰিবলৈ সক্ষম হয় ।

তিনিচুকীয়াত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

জানিব পৰা মতে, সদৌ মটক যুৱ ছাত্ৰ পৰিষদৰ এটা দলে বিশেষ সূত্ৰৰ পম খেদি অৰুণাচল প্ৰদেশৰ পৰা নলবাৰী অভিমুখে গৈ থকা এচ 23 চি চি 4944 নম্বৰৰ এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰি পানীতোলা আৰক্ষী চকীক গতাই দিয়ে । চোৰাং কাঠখিনি ভুৱা টিপীৰে অৰুণাচল প্ৰদেশৰ পৰা সৰবৰাহ কৰি আনিছিল ৷ এই ঘটনাৰ লগত জড়িত থকা কোনো ব্যক্তি আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনক তিনিচুকীয়া সদৰ আৰক্ষী জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে ।

এই কাঠখিনিৰ ক্ষেত্ৰত বন বিভাগে উচিত পদক্ষেপ লোৱাটো বিচাৰিছে মটক যুৱ ছাত্ৰ পৰিষদে ।

লগতে পঢ়ক:উত্তীৰ্ণৰ অভিলেখ : শিক্ষাৰ্থীয়ে ক'ত নামভৰ্তি কৰিব !

ABOUT THE AUTHOR

...view details