শিৱসাগৰ আৰক্ষী থানাৰ আলহী হ’ল অৰুণাচলী সুৰা বেহাৰ মাষ্টৰমাইণ্ড মনোজ হাজৰিকা - illegal Arunachali liquor
Illegal Arunachali liquor mastermind Manoj Hazarika : প্ৰায় এমাহৰ অন্তত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল অৰুণাচলী সুৰা বেহাৰ মাষ্টৰমাইণ্ড মনোজ হাজৰিকা ৷ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৷

Published : June 14, 2024 at 2:11 PM IST
যোৰহাট, 14 জুন : ৰাজ্যজুৰি অব্যাহত আছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা । অৱশেষত বৃহস্পতিবাৰে শিৱসাগৰ আৰক্ষীয়ে অৰুণাচলী সুৰা বেহাৰ মাষ্টৰমাইণ্ড মনোজ হাজৰিকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । তাৰ পিচতেই শিৱসাগৰ আৰক্ষীয়ে ধৃত মনোজক লগত লৈ যোৰহাটস্থিত বাসগৃহটোত অভিযান চলায় ।
উল্লেখ্য যে, যোৱা এমাহ ধৰি পলাতক হৈ আছিল কুখ্যাত অৰুণাচলী সুৰা মাফিয়া মনোজ ৷ শিৱসাগৰ আৰক্ষীয়ে 56/24 নম্বৰত 379 ধাৰাৰ অধীনত চোৰাং গৰু-ম'হ সৰবৰাহৰ লগত জড়িত অপৰাধত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে মনোজ হাজৰিকাক । তাৰ পিচতেই শিৱসাগৰ সদৰ থানাৰ আৰক্ষীয়ে শিৱসাগৰ দণ্ডাধীশৰ আদালতত মনোজক হাজিৰ কৰাই এদিন জিম্মাত লয় ৷
সম্প্ৰতি আৰক্ষীয়ে মনোজ হাজৰিকাক সদৰ থানাৰ লকআপত ৰখাৰ লগতে সোধা পোছা অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে শিৱসাগৰ আৰক্ষীয়ে যোৰহাট খঙীয়া হালোৱা চকুত থকা মনোজ হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ তালাচী চলায় । আৰক্ষীয়ে তালাচীৰ সময়ছোৱাত বহু নথি-পত্ৰ উদ্ধাৰ কৰিছে বুলি জানিবলৈ দিছে ৷
উল্লেখ্য যে, অৰুণাচল নিৰাজুলী, ফাইভ বাই ওৱান, বান্দৰদেৱাৰ বটলিং আৰু সুৰা পেকেজিং ফেক্টৰীৰ পৰা উজনি অসম আৰু মণিপুৰ তথা নাগালেণ্ডলৈকে অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰি পৰ্বতসম সম্পত্তিৰ গৰাকী হৈছিল মনোজ হাজৰিকা । তাৰ পিচতেই অন্য এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে, অৰুণাচলী সুৰা আৰু গৰু চোৰাং সৰবৰাহ কৰাৰ স্বাৰ্থতেই মনোজ হাজৰিকাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ।
লক্ষণীয় যে, যোৱা 5 জুনত অৰুণাচলৰ নিৰজুলী পৰা নামচাইলৈ AS01NC1843 নম্বৰ ট্ৰাকেৰে 845 কাৰ্টন অৰুণাচলী সুৰা সৰবৰাহ কৰি থকাৰ সময়তে ডিমৌৰ দীনজানত শিৱসাগৰ আৰক্ষী জব্দ কৰিছিল সুৰাখিনি । তাৰ পিচতেই ডিমৌ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 13/2024 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 379/420/34 আৰু অসম আবকাৰী আইন RW 53(এ) 1 ধাৰাত এটা গোচৰ ৰুজু কৰি ট্ৰাকখনৰ চালক-হেণ্ডীমেনক গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰিছিল ।
ট্ৰাকখনৰ চালক আৰু হেণ্ডীমেন জেললৈ যোৱাৰ পাচৰ পৰাই 1 মাহ 7 দিনে পলাতক হৈ আছিল কুখ্যাত সুৰা মাফিয়া মনোজ হাজৰিকা ৷
লগতে পঢ়ক: কাছাৰত বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ তিনি মিজো সৰবৰাহকাৰী - DRUGS SEIZED

