অসম

assam

তিনিচুকীয়াত 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2021, 10:21 PM IST

সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া আই টি আই খেলপথাৰত ‌আনুষ্ঠানিকভাৱে উদযাপন কৰা হয় দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস । অসম আৰক্ষীৰ মাৰ্চ পেৰেড আৰু কুচ কাৱাজৰ অভিবাদন হোৱাৰ লগতে ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন আৰু বাৰেৰহণীয়া ভিন্ন কলা-সাংস্কৃতিক অনুষ্ঠান আয়োজিত কৰা হয় ।

75th-independence-day-celebrations-in-tinsukia-etv-bharat-assam
তিনিচুকীয়াত 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন

তিনিচুকীয়া, 15 আগষ্ট :সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া আই টি আই খেলপথাৰত ‌আনুষ্ঠানিকভাৱে উদযাপন কৰা হয় দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে ক’ভিড প্ৰট'কল মানি অনাড়ম্বৰপূৰ্ণ ভাৱে আনুষ্ঠিত কৰা হয় স্বাধীনতা দিৱসৰ অনুষ্ঠান ।

তিনিচুকীয়াত 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন, তিনিচুকীয়া জিলা উপায়ুক্ত পাৱাৰ নৰ্ছিং সম্ভাজীৰ লগতে জিলাখনৰ বিভিন্ন গণ্য-মান্য ব্যক্তিসকল । দেওবাৰে পুৱা 9 বজাত তিনিচুকীয়া আই টি আই খেলপথাৰত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে আনুষ্ঠানিক ভাৱে জাতীয় পতাকা উত্তোলন কৰে ।

অসম আৰক্ষীৰ মাৰ্চ পেৰেড আৰু কুচ কাৱাজৰ অভিবাদন হোৱাৰ লগতে ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয় ।

মন্ত্ৰী গৰাকীয়ে ভাষণৰ প্ৰসংগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ানসমূহ তুলি ধৰে ৷ ইয়াৰ উপৰিও স্বাধীনতা দিৱসৰ কাৰ্যসূচীতে তিনিচুকীয়া জিলাৰ বিভিন্ন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক:কৰ্তব্যৰত অৱস্থাতে আত্মঘাতী হ’ল বি এছ এফ জোৱান

ABOUT THE AUTHOR

...view details