ETV Bharat / state

কৰ্তব্যৰত অৱস্থাতে আত্মঘাতী হ’ল বি এছ এফ জোৱান

author img

By

Published : Aug 15, 2021, 4:47 PM IST

কৰিমগঞ্জৰ বিএছএফৰ 134 নম্বৰ বেটেলিয়ানৰ জোৱানৰ আত্মহত্যা ৷ কৰ্তব্যৰত অৱস্থাতে নিজ বন্দুকেৰে গুলিয়াই আত্মঘাতী হ’ল মনবীৰ সিং নামৰ জোৱানজন ৷

AS_KRJ_801_15AUG_SUSPECTED DEATH BSF  JOWAN
কৰ্তব্যৰত অৱস্থাতে আত্মঘাতী হ’ল বি এছ এফ জোৱান

কৰিমগঞ্জ, 15 আগষ্ট : স্বাধীনতা দিৱসৰ দিনটোতে নিজ বন্দুকেৰে গুলিয়াই আত্মঘাতী হ’ল এগৰাকী বি এছ এফ জোৱান ৷ কৰিমগঞ্জৰ কাৰখানা পুতনি অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত নিজ কৰ্তব্যত নিয়োজিত হৈ থকা সময়তেই এই চৰম পদক্ষেপ গ্ৰহণ কৰে জোৱানগৰাকীয়ে ৷ আত্মঘাতী হোৱা জোৱানগৰাকী বি এছ এফ (BSF)ৰ 134 নম্বৰ বেটেলিয়ানৰ মনবীৰ সিং বুলি জানিব পৰা গৈছে ৷

মনবীৰ সিঙৰ ঘৰ উত্তৰ প্ৰদেশত ৷ কৰ্তব্য পালন কৰি থকা সময়তেই মনবীৰে নিজ বন্দুকেৰে গুলিয়াই আত্মঘাতী হোৱা ঘটনাই 134 নম্বৰ বেটেলিয়ানৰ আন জোৱানসকলৰ মাজতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাস্থলীত তদন্তৰ বাবে বি এছ এফৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হৈছে যদিও কি কাৰণে তেওঁ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেই বিষয়ে কোনোধৰণৰ তথ্য লাভ কৰা নাই ৷

সম্প্ৰতি মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰমগঞ্জ অসামৰিক চিকিৎসালয়লৈ (Karimganj Civil Hospital) প্ৰেৰণ কৰা হৈছে ৷

মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদহটো শিলচৰৰ মাসীমপুৰস্থিত বি এছ এফৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ’ব ৷ বি এছ এফৰ মুখ্য কাৰ্যালয়ত তেওঁক সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব ৷ সোমবাৰে সেনাৰ বিশেষ হেলিকপ্তাৰেৰ মনবীৰ সিঙৰ মৃতদেহ নিজ গৃহলৈ পঠোৱা হ’ব ৷

লগতে পঢ়ক : ত্ৰিৰংগাৰ তলৰ পৰাই মূলসুঁতিলৈ আহিবলৈ পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.