অসম

assam

Wild fire in Balipara reserve forest: বালিপৰা সংৰক্ষিত বনাঞ্চলত নিৰ্বাপিত হোৱা নাই জুই

By

Published : Mar 17, 2022, 10:38 PM IST

পুনৰ দাওদাওকৈ জ্বলিছে বালিপৰা সংৰক্ষিত বনাঞ্চল । চতুৰ্থ দিনা আকৌ ভয়ংকৰ ৰূপ লৈছে এই অগ্নিকাণ্ডই (Devastating wild fire in Balipara reserve forest)।

Devastating fire at Balipara Reserve Forest
বালিপৰা সংৰক্ষিত বনাঞ্চলত নিৰ্বাপিত হোৱা নাই জুই

তেজপুৰ, ১৭ মাৰ্চ:বালিপৰা সংৰক্ষিত বনাঞ্চলৰ অগ্নিকাণ্ডই বৃহস্পতিবাৰলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে(Devastating wild fire in Balipara reserve forest) ৷ বন বিভাগে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ মাজতে এই বনজুই ক্ৰমে নতুন নতুন ঠাইলৈ সম্প্ৰসাৰিত হোৱা পৰিলক্ষিত হৈছে ৷ বনাঞ্চলখনৰ বিস্তৃত অঞ্চলৰ বহু মূল্যৱান গছ-গছনি ইতিমধ্যে জুইত জাহ গৈছে ।

বালিপৰা সংৰক্ষিত বনাঞ্চলৰ এই জুইৰ সূত্ৰপাত হৈছিল ১৪ মাৰ্চত ৷ তাৰ পিছৰে পৰা বন বিভাগে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এই জুই ক্ৰমে নতুন নতুন স্থানলৈ সম্প্ৰসাৰিত হোৱাহে পৰিলক্ষিত হৈছে ৷ বনাঞ্চলখনত সূত্ৰপাত হোৱা এই অগ্নিকাণ্ড কোনো দুস্কৃতিকাৰীয়ে লগাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । ইয়াৰ পূৰ্বে এই বনাঞ্চলত সংঘটিত হোৱা নাছিল এনে ধৰণৰ অগ্নিকাণ্ড ।

বালিপৰা সংৰক্ষিত বনাঞ্চলত নিৰ্বাপিত হোৱা নাই জুই

বালিপৰা ভালুকপুং সংযোগী পথৰ দাঁতিৰ পৰা বালিপৰা সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এই অগ্নিকাণ্ড । বালিপৰা সংৰক্ষিত বনাঞ্চল আকৌ নামেৰীৰ(Nameri National Park And Forest Reserve) লগত সংলগ্ন ৷ জুই ক্ৰমান্বয়ে বনাঞ্চলৰ ভিতৰলৈ বিয়পি পৰিছে ৷ এনে পৰিস্থিতিত জুই সোনকালে নিৰ্বাপিত নকৰিলে এই জুইৰ দ্বাৰা যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানো প্ৰভাৱাম্বিত নহ’ব, সেই সম্ভাৱনাও নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক :বালিপৰা সংৰক্ষিত বনাঞ্চলত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details