অসম

assam

এটা ফেচবুক পোষ্টৰ বাবে সমাজে এঘৰীয়া কৰিলে মহিলাক

By

Published : Aug 25, 2022, 11:01 PM IST

Updated : Aug 26, 2022, 9:33 AM IST

অতি সাধাৰণ এটা অজুহাত দেখুৱাই সমাজে এঘৰীয়া কৰা বোৱাৰীগৰাকীৰ নাম ববিতা ভৰালী (Woman expelled from society for a Facebook post)৷ যোৱা ১০ আগষ্টত মঙলদৈত জাতি-ভেদৰ নামত ঘটি যোৱা হৃদয় বিদাৰক ঘটনাটোৰ সন্দৰ্ভত ১২ আগষ্টত এটা ফেচবুক পোষ্ট দিছিল ববিতাই ৷ ‘‘মানুহবোৰ হেৰাই গৈ আছে আৰু উপাধিবোৰ ৰৈ গৈছে’’ বুলি লিখি কিছু মনৰ কথা সামাজিক মাধ্যমত বিৱৰি লিখিছিল তেওঁ ।

এটা ফেচবুক পোষ্টৰ বাবে সমাজে এঘৰীয়া কৰিলে মহিলাক
এটা ফেচবুক পোষ্টৰ বাবে সমাজে এঘৰীয়া কৰিলে মহিলাক

শিৱসাগৰ, 25 আগষ্ট:‘‘তোমাৰ ফেচবুক পোষ্টে আমাৰ সমাজৰ দুজনমান লোকক মনোকষ্ট দিছে ৷ তুমি শুদ্ধ হ’লেও হেয় হ’বই লাগিব ৷ কাৰণ তুমি বোৱাৰী, তুমি নাৰী জাতি ৷’’ এগৰাকী বোৱাৰীক এঘৰীয়া কৰি সমাজৰ বৰমূৰীয়াই দিয়া স্পষ্টীকৰণৰ কিয়দাংশ এয়া ৷ আধুনিকতাৰ সাগৰত সাঁতুৰি-নাদুৰি ফুৰা আমাৰ একাংশই যেন এতিয়াও পিন্ধি আছে এলান্ধু কলীয়া নিয়মৰ চুইমিং কষ্টিউম ৷ যি গাত লিপিত খাই লাগি থাকে, এৰাই নাযায় ৷ ঘটনাটো হৈছে ঐতিহাসিক শিৱসাগৰ জিলাৰ অৰ্জুনগুৰিৰ (Sivsagar facebook post controversy) ৷

অতি সাধাৰণ এটা অজুহাত দেখুৱাই সমাজে এঘৰীয়া কৰা বোৱাৰীগৰাকীৰ নাম ববিতা ভৰালী ৷ যোৱা ১০ আগষ্টত মঙলদৈত জাতি-ভেদৰ নামত ঘটি যোৱা হৃদয় বিদাৰক ঘটনাটোৰ সন্দৰ্ভত ১২ আগষ্টত এটা ফেচবুক পোষ্ট দিছিল ববিতাই ৷ ‘‘মানুহবোৰ হেৰাই গৈ আছে আৰু উপাধিবোৰ ৰৈ গৈছে’’ বুলি লিখি কিছু মনৰ কথা সামাজিক মাধ্যমত বিবৰি লিখিছিল তেওঁ (Babita Bharali Facebook controversy) ।

এটা ফেচবুক পোষ্টৰ বাবে সমাজে এঘৰীয়া কৰিলে মহিলাক

তাৰ পাছতে যোৱা দেওবাৰ ২১ আগষ্ট দিনা মহিলা গৰাকীক তেওঁ স্বামী আৰু সন্তানসহ এঘৰীয়া কৰে সমাজে । মহিলাগৰাকীয়ে হাত যোৰ কৰি সোধাত ফেচবুক পোষ্টটোৱে দুজনমান লোকৰ মনত আঘাত দিয়া বুলি জনাই তেওঁক ৷

লগতে পঢ়ক:চিকিৎসা সেৱাৰ নামত ধন লুটাৰ দৌৰাত্ম নগাঁৱত

যি খন শিৱসাগৰে ঐক্যৰ কথা কয়, যিখন শিৱসাগৰে ভাতৃত্ববোধৰ চানেকি বহন কৰে, যিখন শিৱসাগৰ ত্যাগৰ শোণিতেৰে উজ্জল, সেইখন শিৱসাগৰৰ এনে ঘটনা কিমান দূৰ গ্রহণযোগ্য । জাত-পাত, উপাধিতকৈ মানৱতা শ্ৰেষ্ঠ বুলি ফেচবুকত প'ষ্ট দিয়াৰ বাবেই সমাজে এঘৰীয়া কৰিলে এগৰাকী বোৱাৰী আৰু পৰিয়ালক ।

জাতি-ভেদ প্ৰথা দূৰ কৰি সকলোকে একতাৰ এনাজৰীৰে বান্ধিব খোজা শংকৰদেৱৰ কথা আমি মুখেৰে কওঁ ঠিকেই ৷ কিন্তু বহু ক্ষেত্ৰত আজি দেখা গৈছে তাৰ ওলোটা ছবি ৷ জাত-পাতৰ নামত, জীৱ-জন্তু পোহাৰ নামত মানুহক এঘৰীয়া কৰা কাৰ্যই সমাজৰ উৎকৰ্ষ সাধনৰ পৰিৱৰ্তে একতাৰ এনাজৰীডাল যেন ছিঙিবহে খুজিছে ৷ এঘৰীয়া প্ৰথাটোক এঘৰীয়া কৰিব নোৱাৰিলে সমাজলৈ যে বৃহৎ প্ৰত্যাহ্বান আৰু বিপদ নামি আহিব সেয়া ধুৰূপ ৷

লগতে পঢ়ক:দুগৰাকী মাতৃৰ মৃত্যুৰ জীয়া কাহিনী

Last Updated : Aug 26, 2022, 9:33 AM IST

ABOUT THE AUTHOR

...view details