অসম

assam

লংকাত উদ্ধাৰ ৭৮ বেগ বাৰ্মিজ চুপাৰি

By

Published : Sep 13, 2022, 12:22 PM IST

Updated : Sep 13, 2022, 12:27 PM IST

সোমবাৰে হোজাই জিলাৰ লংকাত উদালী আৰক্ষীয়ে জব্দ কৰে ৭৮ বেগ সন্দেহযুক্ত বাৰ্মিজ চুপাৰি । ধানৰ মাজত সুমুৱাই অনা হৈছিল চুপাৰিখিনি ।

লংকাত উদ্ধাৰ ৭৮ বেগ বাৰ্মিজ চুপাৰি
লংকাত উদ্ধাৰ ৭৮ বেগ বাৰ্মিজ চুপাৰি

হোজাই, 13 ছেপ্টেম্বৰ: ৰাজ্যত বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ বন্ধ হ'ল বুলি ৰাজ্য চৰকাৰখনে যিমানেই লম্ফজম্ফ কৰি নাথাকক কিয়, একাংশ চতুৰ চুপাৰি মাফিয়াই যে এতিয়াও নিৰ্বিঘ্নে কোটি কোটি টকা কৰ ফাকি দি বাৰ্মিজ চুপাৰিৰ বেহা চলাই গৈছে সেয়া চৰকাৰখনে দেখা নাপালেও ৰাইজে ঠিকেই দেখি আছে ৷

লংকাত উদ্ধাৰ ৭৮ বেগ বাৰ্মিজ চুপাৰি

বৰাক উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ সকলোতে চলি আছে বাৰ্মিজ চুপাৰিৰ বেপাৰ ৷ সোমবাৰে হোজাই জিলাৰ লংকাত উদালী আৰক্ষীয়ে জব্দ কৰে ৭৮ বেগ সন্দেহযুক্ত বাৰ্মিজ চুপাৰি(Burmese supari seized by Udali police) । ধানৰ মাজত সুমুৱাই অনা হৈছিল চুপাৰিখিনি ।

AS 02 CC 9029 নম্বৰৰ এখন মিনি ট্ৰাকত এই চুপাৰিখিনি লৈ যোৱা হৈছিল যদিও আৰক্ষীয়ে গাড়ীসহ চুপাৰিখিনি জব্দ কৰিবলৈ সক্ষম হয় । চুপাৰিখিনিৰ লগতে আৰক্ষীয়ে আটক কৰে গাড়ীখনৰ চালকসহ চাৰিজন লোকক ।

লগতে পঢ়ক:লামডিং জংছনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি

Last Updated :Sep 13, 2022, 12:27 PM IST

ABOUT THE AUTHOR

...view details