অসম

assam

Tragic accident at puranigudam: আই এ এছ বিষয়া হোৱাৰ সপোন বুকুত লৈ শুই পৰিল নীলাভ

By

Published : Aug 2, 2022, 9:11 PM IST

Etv BharatTragic accident at Puranigudam
Etv BharatTragic accident at Puranigudam

নিষ্ঠুৰ নিয়তিৰ বাবেই যেন পূৰণ নহ'ল নীলাভ নয়ন কলিতাৰ আই এ এছ বিষয়া হোৱাৰ সপোন । এটা দুৰ্ঘটনাই অকালতে কাঢ়ি লৈ গ’ল এটা সম্পূৰ্ণ পৰিয়াল ৷ পিতৃ-মাতৃৰ সৈতে অজান দেশলৈ গ’লগৈ পৰিয়ালৰ আটাইৰে আলাসৰ লাৰু নীলাভ (Tragic accident at Puranigudam)।

নগাঁও,2 আগষ্ট: সম্পূৰ্ণ উকা হৈ পৰিল নগাঁৱৰ পুৰণিগুদামৰ এটা ঘৰ ৷ উকা হৈ ৰ'ল এগৰাকী মেধাৱী ছাত্ৰৰ অধ্যয়নৰ কোঠালী । ভাঙি চুৰমাৰ হ'ল এজন কিশোৰৰ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন । নগাঁৱৰ পুৰণিগুদামৰ শিক্ষয়িত্ৰী নীলিমা কলিতা আৰু স্বামী চন্দ্ৰ কলিতাৰ একমাত্ৰ পুত্ৰ সন্তান নীলাভ নয়ন কলিতাই বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নামভৰ্তি কৰিছিল নগাঁও চহৰৰ এখন ব্যক্তিগত খণ্ডৰ কণিষ্ঠ মহাবিদ্যালয়ত ।

আই এ এছ বিষয়া হোৱাৰ সপোন বুকুত লৈ পিতৃ-মাতৃৰ সৈতে মৃত্যুৰ শীতল কোলাত শুই পৰিল নিলাভ

মেধাসম্পন্ন নিলাভ নয়ন কলিতাৰ সপোন আছিল এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ । কিন্তু নিষ্ঠুৰ নিয়তিৰ বাবেই যেন পূৰণ নহ'ল নিলাভ নয়ন কলিতাৰ আই এ এছ বিষয়া হোৱাৰ সপোন । দেওবাৰে সন্ধিয়া শিক্ষয়িত্ৰী নীলিমা কলিতাৰ সহকৰ্মীৰ ঘৰৰ পৰা উভতি অহাৰ পথতেই হঠাৎ ৰেলৰ ইঞ্জিনে মহতিয়াই নিছিল পৰিয়ালটো আহি থকা চুইফট ডিজায়াৰ বাহনখন (Train accident in Puranigudam) ।

ৰেলৰ ইঞ্জিনৰ খুন্দাতেই বাহনখন চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে থিতাতে প্ৰাণ হেৰুৱাই পৰিয়ালটোৰ তিনিওগৰাকী সদস্যই (Family died in accident at Puranigudam)। সম্পূৰ্ণ এটা পৰিয়ালক হেৰুৱাই এতিয়া শোকস্তব্ধ আত্মীয় । মাতৃগৃহতে থকা শিক্ষয়িত্ৰী নীলিমা কলিতা আৰু স্বামীয়ে আৰম্ভ কৰিছিল ঘৰ নিৰ্মাণৰো কাম । ঘৰ নিৰ্মানো আধৰুৱাই হৈ থাকিল চন্দ্ৰ কলিতা আৰু নীলিমা কলিতাৰ (Nilav nayan Kalita)।

মৃত্যুৰ শীতল কোলাত শুই পৰিল নিলাভ

জ্যেষ্ঠ কন্যা, জোঁৱাই আৰু নাতিৰ সৈতে থকা নিলিমাৰ মাতৃও এতিয়া হ'ল অকলশৰীয়া । এগৰাকী মেধাসম্পন্ন ছাত্ৰ নিলাভ আৰু নীলিমা, চন্দ্ৰ কলিতাক হেৰুৱাই উচুপি উঠিছে নীলিমা কলিতাৰ আত্মীয় (Tragic accident at Puranigudam)। উন্মুক্ত ৰেল ক্ৰছিং অতিক্ৰম কৰাৰ সময়তে এটা পৰিয়ালৰ তিনিজনকৈ লোকৰ মৃত্যু হোৱাৰ পিছত ৰেল বিভাগৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে স্থানীয় লোক ।

লগতে পঢ়ক :Accident at Puranigudam: আকাশৰ তৰা হ’বলৈ মাক-দেউতাকৰ সৈতে একেলগে গুচি গ’ল নীলাভ

ABOUT THE AUTHOR

...view details