অসম

assam

টীয়কত অপৰিৱৰ্তিত বান পৰিস্থিতি

By

Published : Sep 4, 2021, 10:32 AM IST

ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ ৰাজ্যৰ প্ৰায় 22 খন জিলাৰ মুঠ 647,606 গৰাকী লোক সম্প্ৰতি পৰিছে বানৰ কবলত ৷ বৰ্তমানলৈকে বানত মৃত্য়ু হৈছে প্ৰায় 5 গৰাকী লোকৰ ৷

Flood in Teok balama Maran village
টীয়কৰ বলমা মৰাণ গাঁৱত বানৰ সংহাৰ

টীয়ক, 4 ছেপ্তেম্বৰ :টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত বলমাৰ সমীপত পুঠি নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি পেলোৱাত সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰে । নদীখনৰ মথাউৰিৰ ছিঙা অংশৰে বাঢ়নী পানী সোমাই অঞ্চলটোৰ বেজৰচুক, চাপানি হাবি, মৰাণ গাঁৱকে ধৰি বিস্তৃত অঞ্চল বুৰাই পেলায় ৷

টীয়কৰ বলমা মৰাণ গাঁৱত বানৰ সংহাৰ

অঞ্চলটোৰ একাংশ লোকৰ ঘৰৰ ভিতৰত পানী সোমোৱাৰ লগতে বহু হেক্টৰ কৃষিভূমি প্লাবিত হয় । নগা পাহাৰৰ পৰা অহা পানীৰ ঢলে পুঠি নদীৰ মথাউৰি ছিঙি নিয়াৰ ফলত সমগ্ৰ অঞ্চলটো জলমগ্ন হোৱাত পথাৰত কৃষি শস্য নষ্ট হোৱাৰ উপক্ৰম হৈছে ।

টীয়কৰ বলমা মৰাণ গাঁৱত বানৰ সংহাৰ

তদুপৰি এই বাঢ়নী পানীয়ে অঞ্চলটোৰ কেইবাজনো ৰবি শস্যৰে স্বাৱলম্বী হোৱা যুৱকৰ উৎপাদিত শস্যৰ পথাৰ বুৰাই পেলোৱাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰে জড়িত নিৰ্মাণ সংস্থাৰ হঠকাৰী সিদ্ধান্তৰ ফল ভোগ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷

টীয়কৰ বলমা মৰাণ গাঁৱত বানৰ সংহাৰ

উল্লেখ্য যে, মুদৈজানৰ সমীপত নদীখনৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ কাম আধৰুৱা কৰি নিৰ্মাণ সংস্থাটোৱে পলায়ন কৰাত নদীখনৰ স্বাভাৱিক গতিপথ আৱদ্ধ হৈ থকাত সম্প্ৰতি বানে প্ৰলয়ৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :লখিমপুৰত সোৱণশিৰি প্ৰকল্পৰ বাঢ়িন পানীয়ে প্ৰাণ ললে এজন কিশোৰৰ

ABOUT THE AUTHOR

...view details