ETV Bharat / state

লখিমপুৰত সোৱণশিৰি প্ৰকল্পৰ বাঢ়নী পানীয়ে প্ৰাণ ল’লে এজন কিশোৰৰ

author img

By

Published : Sep 3, 2021, 10:20 PM IST

Updated : Sep 13, 2021, 12:43 PM IST

লখিমপুৰ জিলাৰ পূৱ তেলাহীৰ কঢ়া চাপৰিত সংঘটিত হৈছে এই ঘটনাটো ৷ বৃহস্পতিবাৰে সন্ধিয়া গৰু আনিবলৈ গৈ সোৱণশিৰিৰ বানৰ কৱলত পৰি মৃত্যু ঘটিছিল কিশোৰটিৰ ।

লখিমপুৰত সোৱণশিৰি প্ৰকল্পৰ বাঢ়িন পানীয়ে প্ৰাণ ললে এজন কিশোৰৰ
লখিমপুৰত সোৱণশিৰি প্ৰকল্পৰ বাঢ়িন পানীয়ে প্ৰাণ ললে এজন কিশোৰৰ

লখিমপুৰ, 3 ছেপ্তেম্বৰ: লখিমপুৰত সোৱণশিৰিৰ বানে প্ৰাণ ল’লে এটি কিশোৰৰ । নিৰ্মিয়মান সোৱণশিৰি প্ৰকল্পৰ পানীয়ে অদুৰ ভৱিষ্যতে উত্তৰ অসমক ধ্বংস কৰিব বুলি প্ৰকল্পটো বন্ধৰ দাবীত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে । ইপিনে নিৰ্মাণ সম্পূর্ণ নৌ হওতেই প্ৰকল্পটোৱে ধ্বংসযজ্ঞ সূচনা কৰিছে ।

উল্লেখযোগ্য যে, বিগত দুদিনমানৰ আগৰে পৰা প্ৰকল্পটোৰ গাইড বান্ধ ভগা, টানেলত পাহাৰ খহি পৰা আদি ঘটনাৰ বাবে প্ৰকল্পটোৰ পৰা বিশাল জলৰাশি সোৱণশিৰি নদীত পৰি লখিমপুৰৰ বিভিন্ন অঞ্চল বিধ্বস্ত কৰি তুলিছে । যাৰ ফলত ঘৰ বাৰী, শস্য, পথাৰ, আদিৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ তাৰ মাজতে এজন কিশোৰে সোৱণশিৰি বানত প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

লগতে পঢ়কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন অভিৰুচি ক্ৰীড়া দিৱস

লখিমপুৰ জিলাৰ পূৱ তেলাহীৰ কঢ়া চাপৰিত সংঘটিত হৈছে এই ঘটনাটো ৷ বানত মৃত্যু মুখত পৰা কিশোৰটিৰ নাম মনোৰাম মিলি বুলি জানিব পৰা গৈছে ৷ জানিবপৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া গৰু আনিবলৈ গৈ সোৱণশিৰিৰ বানৰ কৱলত পৰি মৃত্যু ঘটিছিল কিশোৰটিৰ ।

বিগত কিছুদিনৰ পৰা সোৱণশিৰি প্ৰকল্পৰ বান্ধৰ ওপৰেৰে পানী বাগৰি বলিয়া কৰি তুলিছিল সোৱণশিৰি নদীক । যাৰ ফলত লখিমপুৰৰ বিভিন্ন প্ৰান্তত বানৰ সৃষ্টি হৈছে আৰু সেই বানত পৰিয়েই অকালতে মৃত্যু সাৱটি ল’বলগীয়া হ’ল মনোৰাম মিলি নামৰ কিশোৰটিয়ে ৷ সম্প্ৰতি এই ঘটনাটোৰ ফলত অঞ্চলটোত শোকৰ চাঁ পৰাৰ লগতে সকলোৰে মাজত NHPC ৰ বিৰুদ্ধে ক্ষোভৰো সৃষ্টি কৰিছে ৷

লগতে পঢ়কঃ বৃহৎ নদী বান্ধ অসমৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি; লখিমপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

Last Updated :Sep 13, 2021, 12:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.