বৃহৎ নদী বান্ধ অসমৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি; লখিমপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

author img

By

Published : Sep 3, 2021, 8:22 PM IST

veer lachit sena protest

অসমৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে লখিমপুৰত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে বীৰ লাচিত সেনাই ৷ সোৱনশিৰিত বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰাৰ দাবীত বীৰ লাচিত সেনাৰ বিষয়ববীয়াই কয়, ভূমিকম্প প্ৰৱল এটা অঞ্চলত কেতিয়াও বৃহৎ নদী বান্ধ হ'ব নোৱাৰে ৷

লখিমপুৰ, 3 ছেপ্টেম্বৰ: বৃহৎ নদী বান্ধকে ধৰি অসমৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে লখিমপুৰত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে কৰে বীৰ লাচিত সেনাই ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বৰ্তমানৰ অসম চৰকাৰে ৰাজ্যখনৰ জলন্ত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থান কৰে বীৰ লাচিত সেনাৰ কৰ্মী সকলে ৷

বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হয় দুঘন্টীয় এই অৱস্থা ধৰ্মঘট কাৰ্যসূচী ৷ প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ কৰাৰ লগতে মূল্য বৃদ্ধি ৰোধ, অইলত এশ শতাংশ থলুৱা নিযুক্তি, গো-সুৰক্ষা বিধেয়ক বাতিল কৰা আদি দাবী উত্থাপন কৰে সংগঠনটোৰ কৰ্মী সকলে ৷

লখিমপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

লগতে পঢ়ক: বানে বিধ্বস্ত কৰা লাইকা-দধিয়াবাসীৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰৰ !

নদী বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰাৰ দাবীত বীৰ লাচিত সেনাৰ বিষয়ববীয়াই কয়, সোৱনশিৰিৰ বৃহৎ নদী বান্ধৰ বিৰুদ্ধে অসমৰ বিভিন্ন জাতীয় সংগঠন তথা কৃষক ৰাইজে প্ৰতিবাদ কৰি আহিছে যদিও আজিকোপতি কোন এখন চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই ৷ সোৱনশিৰিৰ বৃহৎ নদী বান্ধ অসমৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি এক ভাবুকি ৷ ভূমিকম্প প্ৰৱল এটা অঞ্চলত কেতিয়াও বৃহৎ নদী বান্ধ হ'ব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে ৷

মূল্য বৃদ্ধি ৰোধ আৰু অইলত এশ শতাংশ থলুৱা নিযুক্তি সন্দৰ্ভত সংগঠনটোৰ কৰ্মী সকলে কয়, ক'ভিড সৃষ্ট পৰিবেশৰ মাজতে দেশত হোৱা অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সাধাৰণ লোকৰ মাজত ৷ মূল্যবৃদ্ধিৰ তাগিদাত পৰি সাধাৰণ কৃষক ৰাইজে দুবেলা দুসাঁজ খাবৰ বাবে চিন্তা কৰিবলগীয়া হৈছে ৷ ইয়াৰ লগতে ONGC ৰ লগতে OIL INDIA ই নিযুক্তিৰ ক্ষেত্ৰত অসমৰ থলুৱা যুৱক-যুৱতীক অধিক গুৰুত্ব দিবলৈ দাবী জনাই বীৰ লাচিত সেনাই ৷

লগতে পঢ়ক: গোলাঘাটত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

বিভিন্ন শাসক বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাৰ কৰ্মী সকলে ৷ তদুপৰি অৱস্থান ধৰ্মঘটৰ জৰিয়তে উত্থাপন কৰা দাবী সমূহ যদি চৰকাৰে অতি সোনকালে পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বীৰ লাচিত সেনাই ৷

লগতে পঢ়ক: ৰঙিয়াৰ বালাগাঁৱত জব্দ নথি-পত্ৰ বিহীন ছাগলী ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.