ETV Bharat / state

গোলাঘাটত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Sep 3, 2021, 6:15 PM IST

tai-ahom-youth-council-protests-in-golaghat
গোলাঘাটত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

টাই আহোম সকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত শুকুৰবাৰে সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে ৷ শীঘ্ৰে দাবীসমূহ পূৰণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷

গোলাঘাট,3 ছেপ্তেম্বৰ: টাই আহোম সকলক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু টাই আহোমক স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত গোলাঘাট জিলা টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ ৷ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা টাই আহোম যুৱ পৰিষদৰ ৷

প্ৰতিবাদস্থালীত নৰেন্দ্ৰ মোডী মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়, টাই আহোমক জনজাতি মৰ্যাদা প্ৰদান কৰক শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ লগতে টাই আহোম সকলক অতি সোনকালে জনজাতিকৰণ প্ৰদান কৰা, টাই আহোম সকলক পূৰ্ণ স্বায়ত্তশাসন প্ৰদান কৰা লগতে আহোম স্বৰ্গদেউ সকলৰ দিনীয়া পুৰণি কীৰ্তি চিহ্ন সমূহ বেদখল মুক্ত কৰি সংৰক্ষৰণৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷

গোলাঘাটত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

অতি শীঘ্ৰে এই দাবী সমূহ মানি নললে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷ উল্লেখ্যে এই দাবী সমূহ শীঘ্ৰ পূৰণ কৰাৰ দাবীত শুকুৰবাৰে সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

লগতে পঢ়কঃ ভুৰবন্ধাত উদ্ধাৰ এটা দুষ্প্ৰাপ্য কেঁটেলা পহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.