বানে বিধ্বস্ত কৰা লাইকা-দধিয়াবাসীৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰৰ !

author img

By

Published : Sep 3, 2021, 5:23 PM IST

বানে বিধ্বস্ত কৰা লাইকা-দধিয়াবাসীৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰৰ !

চলিত বৰ্ষত পঞ্চমটো বানে লাইকা-দধিয়াবাসীক জুৰুলা কৰাৰ পাচতে এতিয়া বিভিন্ন ধৰণৰ সমস্যাত ভুগিছে বানাক্ৰান্ত ৰাইজে ৷ কাণসাৰ নাই জনপ্ৰতিনিধি, চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ ৷ সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী লাইকা- দধিয়াবাসীয়ে ৷

তিনিচুকীয়া, 3 ছেপ্তেম্বৰ: বান আৰু গৰাখহনীয়া অসমৰ কোনো নতুন সমস্যা নহয় । প্ৰতি বছৰে বানে বিস্তৰ ক্ষতি সাধন কৰি আহিছে অসমৰ জনসাধাৰণৰ ৷ আজিও অসমৰ বিভিন্ন প্ৰান্ত বানৰ কবলত আছে ৷ ৰাজ্য চৰকাৰে বানাক্ৰান্তৰ বাবে আশ্ৰয় শিৱিৰৰ ব্যৱস্থাৰ কৰাৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰি আহিছে ৷ তাৰ লগে লগে বানাক্ৰান্তসকলক উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে সংশ্লিষ্ট বিভাগে ৷

কিন্তু আজিও অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত জীয়াতু ভুগিছে লাইকা-দধিয়াবাসী ৰাইজে ৷ উল্লেখযোগ্য যে, চলিত বৰ্ষত পঞ্চমটো বানে লাইকা-দধিয়াবাসীক জুৰুলা কৰাৰ পাচতে এতিয়া বিভিন্ন ধৰণৰ সমস্যাত ভুগিছে বানাক্ৰান্ত ৰাইজে ৷ জানিবপৰা মতে, লাইকা-দধিয়াৰ প্ৰায় 16 টাতকৈ অধিক বাসগৃহ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উটুৱাই লৈ যায় ৷ যাৰ ফলত গৃহহীন হৈ পৰিছে বানে উটুৱাই নিয়া বাসগৃহৰ পৰিয়াল কেইটা ৷ সম্প্ৰতি উপায়ন্তৰ হৈ নাৱতে আশ্ৰয় লবলগীয়া হৈছে গৃহহীন পৰিয়াল কেইটাই ৷

বানে বিধ্বস্ত কৰা লাইকা-দধিয়াবাসীৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰৰ !

লগতে পঢ়কঃ বৰপেটাৰ মাজদিয়া গৰেমাৰী গো-ৰিজাৰ্ভত বেদখলকাৰীৰ দপদপনি

উল্লেখযোগ্য যে, 1999 চনতে ডিব্ৰু ছৈখোৱা উদ্যানে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰাৰ পাচতে লাইকা-দধিয়াবাসী ৰাইজে পুনৰ সংস্থাপনৰ বাবে বিভিন্ন সময়ত কৰি আহিছে বহু প্ৰতিবাদ । চৰকাৰে বিভিন্ন সময়ত প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে লাইকা দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত । কিন্তু আজি পর্যন্ত পুনৰ সংস্থাপন নাপালে লাইকা দধিয়াবাসী ৰাইজে।

লাইকা-দধিয়াবাসীৰ অৱস্থা দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব, আজিলৈকে চৰকাৰে কিয় গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা ৷ বহু দুখ কষ্টৰ মাজৰে এক দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে লাইকা-দধিয়াবাসীয়ে । চিকিৎসা সেৱাৰ বাবে নাই কোনো স্বাস্থ্য কেন্দ্ৰ, নাই পঢ়াৰ কোনো উপযুক্ত পৰিৱেশ, নাই কোনো যাতায়ত ব্যৱস্থা । আনহাতে উপযুক্ত চিকিৎসাৰ অভাৱত অঞ্চলটোত বহু লোকে মৃত্যুক আকোঁৱালি লব লগা লৈছে ৷

ইপিনে সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে লাইকা-দধিয়াবাসীৰ দুৰ্দশাৰ সৰ্ম্পকে বাতৰি সম্প্ৰচাৰিত কৰি অহাৰ পাচতো আজিকোপতি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে লাইকা-দধিয়াৰ ভুক্তভোগী বানাক্ৰান্ত ৰাইজে ৷

লগতে পঢ়কঃ কাজলগাঁৱত প্ৰাইজমানি মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.