অসম

assam

নিৰ্দিষ্ট COVID-19 পেকেজৰ অভাৱ : PMJAY সম্পৰ্কত অনিশ্চয়তাত ব্যক্তিগত হাস্পতাল

By

Published : May 30, 2020, 1:06 PM IST

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত এগৰাকী ৰোগীৰ ভেণ্টিলেচনত ৰখাৰ দৈনিক খৰচ ৪,৫০০ টকাৰ ভিতৰত হ'ব লাগে । তেনে ক্ষেত্ৰত COVID-19 ত আক্ৰান্ত ৰোগী এগৰাকীক চিকিৎসাৰ সময়ত ব্যৱহৃত সুৰক্ষাজনিত সামগ্ৰীৰ লগতেই খৰচ হয় সাতৰ পৰা আঠ হাজাৰ টকা ।

PMJAY সম্পৰ্কত অনিশ্চয়তাত ব্যক্তিগত হাস্পতাল
নিৰ্দিষ্ট COVID-19 পেকেজৰ অভাৱ

নেশ্যনেল ডেস্ক, 30 মে': COVID-19 ৰ চিকিৎসাৰ বাবে ভাৰতৰ বহুকেইখন ৰাজ্যই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বীমাৰ পেকেজ বৰ্তমানেও নিৰ্ধাৰণ কৰা নাই । ফলত দেশৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চিকিৎসাৰ খৰচৰ প্ৰক্ৰিয়া যুগুতোৱাৰ ক্ষেত্ৰত নানান অসুবিধাৰ সন্মুখীন হোৱা দেখা গ'ল ।

COVID-19 ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবদ হোৱা চিকিৎসা ব্যয় কি ধৰণে নিৰ্ধাৰণ কৰা হ'ব, সেই লৈ বহুকেইখন ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে সন্মুখীন হৈছে বিভ্ৰান্তিৰ । চিকিৎসাৰ কিছুমান খৰচ ঘূৰাই নোপোৱাৰ ভয় আৰু অনিশ্চয়তাই এতিয়া অসুবিধাত পেলাইছে এইসমূহ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক । ফলস্বৰূপে বহুসংখ্যক বেচৰকাৰী চিকিৎসালয়ে বীমাৰ বাবে সুবিধা হোৱাকৈ ৰোগীৰ শ্বাসজনিত সমস্যা, চিকিৎসাত বিফল হোৱা ইত্যাদি ভাগেৰে বিভক্ত কৰি লোৱা দেখা গৈছে ।

"COVID-19 ত আক্ৰান্ত ৰোগীক চৰকাৰী চিকিৎসালয়ত সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয় । কিন্তু বেচৰকাৰী চিকিৎসালয়ত এই বিনামূলীয়া চিকিৎসাৰ সুবিধা নাথাকে । তাৰোপৰি বেছিভাগ ৰাজ্যতে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত COVID-19 ত আক্ৰান্তক চিকিৎসাৰ কথা উল্লেখ নাই । ফলত অধিকাংশ বেচৰকাৰী চিকিৎসালয় কতৃপক্ষই COVID-19 ত আক্ৰান্ত ৰোগীক কিদৰে পঞ্জীয়নভূক্ত কৰিব সেই লৈও বিভ্ৰান্তিত পৰা পৰিলক্ষিত হৈছে । সেয়ে এইসমূহ চিকিৎসালয়ে ৰোগীৰ শ্বাসজনিত সমস্যা, চিকিৎসাত বিফল হোৱা ইত্যাদি ভাগেৰে বিভক্ত কৰা দেখা গৈছে ।" এই বাখ্যা আগবঢ়ালে এটা বেচৰকাৰী বীমাখণ্ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ।

বিষয়াগৰাকীয়ে এইবুলিও উল্লেখ কৰে, "সাধাৰণ জনতাই COVID ৰ চিকিৎসাৰ ব্যয় সম্পৰ্কে অলপো জ্ঞাত নহয় । যদিহে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত এই চিকিৎসাক লৈ কোনো ব্যৱস্থা আছে, তেনেহলে দুখীয়া জনসাধাৰণে চিকিৎসাৰ ব্যয় সম্পৰ্কে কমপক্ষেও এটা সম্যক ধাৰণা ৰাখিলে হয় ।

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত এগৰাকী ৰোগীৰ ভেণ্টিলেচনত ৰখাৰ দৈনিক খৰচ ৪,৫০০ টকাৰ ভিতৰত হ'ব লাগে । তেনে ক্ষেত্ৰত COVID-19 ত আক্ৰান্ত ৰোগী এগৰাকীক চিকিৎসাৰ সময়ত ব্যৱহৃত সুৰক্ষাজনিত সামগ্ৰীৰ লগতেই খৰচ হয় সাতৰ পৰা আঠ হাজাৰ টকা ।

ভাৰতীয় চিকিৎসা সংস্থা (IMA) ৰ এক চৰকাৰী সূত্ৰমতে, দেশৰ অধিক সংখ্যক ৰাজ্যৰে, দুমাহৰ লকডাউনৰ পাছতো এই চিকিৎসাৰ পেকেজটো ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা (NHA)ৰ অনুমোদনৰ বাবে বৰ্তমানেও প্ৰক্ৰিয়াৰ মাজতেই আৱদ্ধ হৈ আছে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থায়েও (NHA) নিজাববীয়াকৈ চিকিৎসাৰ ব্যয় কম হোৱাৰ সুনিশ্বয়তা আনিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । উদাহৰণ স্বৰূপে, আই চি এম আৰৰ দ্বাৰা নিৰ্ধাৰিত RT-PCR ৰ পৰীক্ষাৰ বাবদ হোৱা ব্যয় ৪,৫০০ টকাৰো কম কৰিবৰ বাবে আলোচনা কৰিছে ৰাজ্য চৰকাৰ সমূহৰ লগত । যিহেতু ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই (NHA) হৈছে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাক বাস্তবায়িত কৰাৰ ন'ডেল এজেঞ্চি ।

চিকিৎসাৰ ব্যয় লৈ বিভিন্ন সমালোচনাৰ অন্তত ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা (NHA) আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ ইন্দুভূষণে কয় যে, ইতিমধ্যে সমূহ ৰাজ্য চৰকাৰে বেচৰকাৰী চিকিৎসা খণ্ডৰ লগত আলোচনা কৰি COVID-19 ৰ চিকিৎসাৰ ব্যয় কম ধাৰ্য কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই সৈমান কৰাইছে ।

ডঃ ইন্দুভূষণে এইবুলিও স্বীকাৰ কৰিলে যিহেতু গৰিষ্ঠ সংখ্যক COVID-19 ৰ আক্ৰান্তৰ চিকিৎসা চৰকাৰী চিকিৎসালয়ত কৰি থকা হৈছে, তেনে ক্ষেত্ৰত এই চিকিৎসাৰ বাবে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ বিশেষ ভূমিকা নাছিল । কিন্তু শেহতীয়াকৈ COVID-19 ত আক্ৰান্তৰ বৃদ্ধিৰ সংখ্যালৈ চাই কেৱল চৰকাৰী খণ্ডত সকলোকে চিকিৎসা সেৱা প্ৰদান কৰাটো সম্ভৱ নহ'ব। তেনে ক্ষেত্ৰত আক্ৰান্তক চিকিৎসা প্ৰদান কৰিবৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বৃদ্ধি কৰাটো নিশ্চিত ।

ডঃ ভূষণে এই বিষয়ত সহমত প্ৰকাশ কৰি উল্লেখ কৰে যে, অধিক সংখ্যক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়েই বৰ্তমান আৰ্থিক সংকটত আছে । বহুসংখ্যক ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কতৃপক্ষই নিজৰ কৰ্মচাৰীক মাহৰ দৰমহাখিনি মুকলাই দিয়াৰ ক্ষেত্ৰতেই পুঁজিৰ সমস্যাত পৰিছে । "মই আশা কৰিছো ৰাজ্য চৰকাৰ সমূহে এইসকলৰ লগত ভালধৰণেই আলোচনা কৰিব"- ডঃ ভূষণ ।

লকডাউনো এই লোকচানৰ এক কাৰণ বুলি উল্লেখ কৰিলে ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থায়ে । তাৰোপৰি এই সময়ত অন্যান্য ৰোগীক চিকিৎসা প্ৰদানৰ ভয়ৰ সমান্তৰালকৈ বহুসংখ্যক চৰকাৰী চিকিৎসালয় COVID-19 চিকিৎসালয়লৈ ৰূপান্তৰিত হ'ল । তেনে ক্ষেত্ৰত ডায়েলাইচিছ, কেম'থেৰাপি আদি গুৰুত্বপূৰ্ণ চিকিৎসাৰ ক্ষেত্ৰটো সংখ্যাৰ হিচাবত ১০ ৰ পৰা ১৫ শতাংশলৈ কমি অহা পৰিলক্ষিত হ'ল ।

ABOUT THE AUTHOR

...view details