অসম

assam

Dept allocation to BTR: হাগ্ৰামাৰ দিনত ৩৯ টা বিভাগ পোৱা BTR লৈ ১৬ টাহে কিয় ?

By

Published : Nov 20, 2021, 4:16 PM IST

BTC Chief Pramod Boro
বিটিআৰ প্ৰধান প্রমোদ বড়ো

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী বড়োভূমিৰ প্ৰশাসনৰ দায়িত্বত থকা সময়ত ৰাজ্য চৰকাৰৰ অধীনস্থ ৩৯ টা বিভাগ বি টি আৰক অৰ্পণ কৰা হৈছিল । কিন্তু ইয়াৰ বিপৰীতে প্ৰমোদ বড়ো(BTC Chief Pramod Boro) নেতৃত্বাধীন ইউ পি পি এলে বড়োভূমিৰ প্ৰশাসন চলাবলৈ হাতত পাইছে মাত্ৰ ১৬ টা বিভাগহে ।

গুৱাহাটী, ২০ নৱেম্বৰ :বিগত পাঁচটা বছৰে হাগ্ৰামা মহিলাৰীৰ বি পি এফ দল যেতিয়া বিজেপিৰ মিত্ৰ আছিল, দিছপুৰত সৰ্বানন্দ সোণোৱাল(Ex CM Sarbananda Sonowal)ৰ সৈতে হাতত ধৰাধৰিকৈ চৰকাৰখনৰ অংশীদাৰ আছিল সেইসময়ত বড়োভূমিৰ প্ৰশাসন ব্যৱস্থাত একপ্ৰকাৰ সৰ্বময়কৰ্তা আছিল হাগ্ৰামা মহিলাৰী । ৰাজ্য চৰকাৰৰ অধীনস্থ ৩৯ টা বিভাগ বি টি আৰক অৰ্পণ কৰা হৈছিল । গতিকে স্বাভাৱিকতে হাগ্ৰামা মহিলাৰীৰ হাতত আছিল এক বিশাল ক্ষমতাৰ ভঁৰালৰ চাবিকাঠি ।

হাগ্ৰামা মহিলাৰী

কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল বৰ্তমান বিজেপিৰ মিত্ৰ হৈও প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলে বড়োভূমিৰ প্ৰশাসন চলাবলৈ হাতত পাইছে মাত্ৰ ১৬ টা বিভাগহে । বি টি আৰ পৰিষদ(BTR Council)ত হাগ্ৰামা বাহিনীক ওফৰাই প্ৰমোদ বাহিনীয়ে দখল কৰিছিল । তৎস্বত্বেও কিন্তু দিছপুৰৰ "মিত্ৰ" চৰকাৰখনে মাত্ৰ ১৬ টা বিভাগ চোৱাচিতাৰ দায়িত্বহে ন্যস্ত কৰিলে ইউ পি পি এলৰ পৰিষদখনক । "মিত্ৰ" ৰ এনে ভূমিকা আৰু সময়ে সময়ে হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ কাষ চপাৰ ইংগিত দি থকা কাৰ্যই এতিয়া চিন্তিত কৰি তুলিছে প্ৰমোদ বড়োক ।

বিটিআৰ প্ৰধান প্রমোদ বড়ো

অলপতে হাগ্ৰামা মহিলাৰীয়ে "হিমন্ত বিশ্ব শৰ্মা মোৰ পুৰণি বন্ধু" বুলি মন্তব্য কৰিছিল । কেৱল সিমানেই নহয়, বিজেপিয়ে নিবিচাৰিলেও হাগ্ৰামা মহিলাৰীয়ে তেওঁ আৰু তেওঁৰ দল বিজেপিৰ লগত আছে বুলিও মন্তব্য কৰিছিল । আনহে নালাগে, শেহতীয়া উপ-নিৰ্বাচন(assam by election 2021)ত বিজেপিয়ে নিবিচৰাকৈয়ে উপযাচিয়েই হাগ্ৰামা বাহিনীয়ে বিজেপিক সহায় কৰি দিছিল । এনেধৰণৰ ঘটনাক্ৰমে ক্ৰমাৎ চিন্তাত পেলাইছে প্ৰমোদ বড়ো বাহিনীক । ৰাজনৈতিক মহলত চৰ্চা চলিছে - এয়া প্ৰমোদ বড়োৰ ওপৰত বিজেপিৰ চাপ সৃষ্টিৰ সুপৰিকল্পিত ৰাজনীতি নহয়তো !

লগতে পঢ়ক :new committee of assam pradesh congress : কিয় গঠন হোৱা নাই প্ৰদেশ কংগ্ৰেছৰ নতুন সমিতি ?

ABOUT THE AUTHOR

...view details