ETV Bharat / state

BTR POLITICS : হঠাৎ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা হাগ্ৰামাৰ

author img

By

Published : Nov 13, 2021, 7:49 PM IST

hagrama mohilary reacts on cm himanta biswa sharma
হঠাৎ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা হাগ্ৰামাৰ

বিজেপিত যোগদান কৰিব পাৰে হাগ্ৰামা মহিলাৰীয়ে ! হঠাৎ হাগ্ৰামাই ক'লে হিমন্ত বিশ্ব শৰ্মা মোৰ পুৰণি বন্ধ ৷ হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰিছে সেয়া এক্সেলেণ্ট ৷

বাক্সা, ১৩ নৱেম্বৰ : হ্ৰাস পাইছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আৰু হাগ্ৰামা মহিলাৰী মাজৰ দূৰত্ব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ শনিবাৰে সাংবাদিকৰ আগত কয়, "ড৹ হিমন্ত বিশ্ব শৰ্মা মোৰ পুৰণি বন্ধু ৷ হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰিছে সেয়া এক্সেলেণ্ট ৷"

'হিমন্ত বিশ্ব শৰ্মাৰ লগত ভিতৰুৱাভাৱে কোনো ধৰণৰ যোগাযোগ নাই ৷ কিন্তু তেওঁৰ লগত আমাৰ বুজাবুজি আছে ৷' কিছু দিনৰ পূৰ্বলৈকে দুটা মেৰুত অৱস্থান গ্ৰহণ কৰা হাগ্ৰামা মহিলাৰীয়ে হঠাৎ এইদৰে প্ৰশাংসা কৰিলে মুখ্যমন্ত্ৰী গৰাকীক ৷ উল্লেখ্য যে, উপ-নিৰ্বাচনৰ সময়ত বিপিএফে বিজেপিৰ সৈতে মিত্ৰতা কৰা প্ৰসংগও উত্থাপিত হৈছিল হাগ্ৰামা মহিলাৰীৰ মুখেৰে ৷

হঠাৎ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা হাগ্ৰামাৰ

প্ৰশ্ন হ'ল, হাগ্ৰামা মহিলাৰীয়ে বিজেপিত যোগদান কৰিব নেকি ? ইয়াৰ লগতে সঘনাই এটা বিষয় উত্থাপিত হৈ আছে যে, বিপিএফৰ কোনো বিধায়ক বিজেপিত যোগদান কৰিব নেকি ? এই সমূহ প্ৰশ্নৰ উত্তৰত হাগ্ৰামাই কয়, হাগ্ৰামা মহিলাৰী বিজেপিত যাব বুলি ওলোৱা কথাটো এটা উৰা-বাতৰি ৷ সকলো দলেই আন দলৰ নেতা-কৰ্মীক যোগদান কৰাবলৈ চেষ্টা কৰে ৷

লগতে পঢ়ক: মণিপুৰত উগ্ৰপন্থীৰ ambush ত Assam Rifles ৰ বিষয়া সহ পৰিয়ালৰ লোক নিহত

ব্যৰ্তিক্ৰম নহয় বিজেপিও, সেয়েহে তেওঁলোকেও চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু বিপিএফৰ ১১ গৰাকী এমচিএলএ আৰু তিনি গৰাকী বিধায়কে কেতিয়াও দলক বিশ্বাসঘাতকতা নকৰে ৷ তেওঁলোক বৰ্তমান নিজৰ স্থিতিত অটল আছে বুলি মন্তব্য প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

ইফালে, মহিলাৰীয়ে বিটিচি প্ৰমুখ প্ৰমোদ বড়োৰ প্ৰসংগত কয়, বিগত ১১ মাহত প্ৰমোদ বড়ো কিমান সফল হৈছে সেয়া ১৭ নৱেম্বৰত হ’বলগীয়া অধিবেশনৰ পিছতহে গম পোৱা যাব ৷ বিটিচিৰ ৰাস্তা-ঘাট বিগত ১৭ বছৰত যি আছিল, সেয়া এতিয়াও একেই আছে ৷ পৰিৱৰ্তন পৰিলক্ষিত হোৱা নাই ৷

শনিবাৰে বাক্সাৰ শালবাৰীত অনুষ্ঠিত হোৱা বিপিএফৰ চি ডব্লিউ চিৰ এক বৈঠকত উপস্থিত থাকে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৷ ইয়াৰ লগতে উক্ত বৈঠকত উপস্থিত থাকে বিটিচিৰ চাৰিওখন জিলাৰ বিপিএফৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী সকল ৷

লগতে পঢ়ক: New Covid SOP : গৰ্ভৱতী আৰু তিনিবছৰৰ তলৰ সন্তান থকা মহিলা কৰ্মচাৰীসকল যাব লাগিব কাৰ্যালয়লৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.