অসম

assam

Water supply in Guwahati: গুৱাহাটীত পানী যোগানৰ অনলাইন আবেদনৰ বাবে মুকলি হ’ব ৱেব চাইট

By

Published : Jul 20, 2022, 10:36 PM IST

বুধবাৰে জাইকা সাহাৰ্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে গুৱাহাটী মহানগৰবাসীক পানী যোগানৰ ‘ট্ৰায়েল ৰাণ’ আৰম্ভ কৰাৰ উদ্দেশ্যে জনসাধাৰণৰ গৃহ সংযোগ সেৱাৰ বাবে অনলাইন আবেদনৰ ব্যৱস্থা কৰা হৈছে (Jal Board to commission SC water project soon in Guwahati) । কিন্তু কিমান পৰিয়ালক পানী যোগান ধৰিব সেয়া এইপৰ্যন্ত স্পষ্ট কৰা নাই । কেন্দ্ৰীয় গুৱাহাটীৰ 121 টা জ'নৰ ভিতৰত 8 জ'নতহে এই প্ৰকল্পৰ যোগেদি পৰীক্ষামুলক ভাৱে পানী যোগান ধৰিব ।

Jal Board to commission SC water project soon in Guwahati
কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত পানী যোগান ধৰাৰ অনলাইন আবেদনৰ বাবে মুকলি কৰা হ’ব ৱেব চাইট

গুৱাহাটী, 20 জুলাই:অৱশেষত বহুত জল্পনা-কল্পনাৰ অন্তত ৰাজ্য চৰকাৰে জাইকা সাহাৰ্যপ্ৰাপ্ত কেন্দ্ৰীয় গুৱাহাটী পানী (South Central Guwahati project) যোগান প্ৰকল্পৰ জৰিয়তে কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত পানী যোগান ধৰাৰ সিদ্ধান্ত লৈছে । কিন্তু কিমান পৰিয়ালক পানী যোগান ধৰিব সেয়া এইপৰ্যন্ত স্পষ্ট কৰা নাই । কেন্দ্ৰীয় গুৱাহাটীৰ 121 টা জ'নৰ ভিতৰত 8 জ'নতহে এই প্ৰকল্পৰ যোগেদি পৰীক্ষামুলক ভাৱে পানী যোগান ধৰিব (Jal Board to commission SC water project soon in Guwahati) ।

বুধবাৰে জাইকা সাহাৰ্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে গুৱাহাটী মহানগৰবাসীক পানী যোগানৰ ‘ট্ৰায়েল ৰাণ’ আৰম্ভ কৰাৰ উদ্দেশ্যে জনসাধাৰণৰ গৃহ সংযোগ সেৱাৰ বাবে অনলাইন আবেদনৰ ব্যৱস্থা কৰা হৈছে । বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ব্লকৰ ভূমি মহলাত (গ্ৰাউণ্ড ফ্লৰ) মাননীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলে দিনৰ ১২ বজাত জনসাধাৰণৰ গৃহ সংযোগৰ অনলাইন আবেদনৰ বাবে এক ‘ৱেব চাইট আৰু ম’বাইল এপলিকেশ্বন’ মুকলি কৰিব ।

আবেদনকাৰীয়ে, এই ৱেবচাইটত গুৱাহাটী পানী যোগান প্ৰকল্পৰ (Guwahati water project) পানী যোগানৰ বাবে অনলাইন আবেদন কৰিব পাৰিব । কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জল ব’ৰ্ডৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝাই প্ৰথম পৰ্যায়ত পানী যোগানৰ ‘ট্ৰায়েল ৰাণ’ৰ বাবে ৫ টা ‘ডিষ্ট্ৰিক মিটাৰিং এৰিয়া’(DMA) সামৰি লোৱা হৈছে বুলি জনায় ।

ডিএমএ ৫ ক ১ - অমিয়া নগৰ (অংশ), ৰামছা ৰিজাৰ্ভৰ এলেকা; ডিএমএ ৫ ক ২ - অমিয়া নগৰ (অংশ), ৰুদ্ৰনগৰ ; ডিএমএ ৫ ক ৩ – কৃষ্ণ নগৰ, হলি ছাইল্ড এলেকা ; ডিএমএ ৫ ক ৪ – মিলনপুৰ, বামুনী মৈদাম, চান্দমাৰী, দূৰদৰ্শন আৰু জলসিঞ্চন কলনি, ডিএমএ ৫ ক ৫ – ৰাজগড় আৰু পূৱ শৰণীয়া অঞ্চল এই প্ৰকল্পৰ যোগেদি সামৰি লোৱা হৈছে । পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীৰ অন্যান্য অঞ্চলক সামৰি লোৱা হ’ব বুলি লগতে উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক:Guwahati IITs Pilot Project: দহ বছৰে সম্প্ৰসাৰণ নহ'ল পাহাৰ সংৰক্ষণৰ পাইলট প্ৰজেক্ট

ABOUT THE AUTHOR

...view details