ETV Bharat / state

Guwahati IITs Pilot Project: দহ বছৰে সম্প্ৰসাৰণ নহ'ল পাহাৰ সংৰক্ষণৰ পাইলট প্ৰজেক্ট

author img

By

Published : Jul 20, 2022, 9:13 PM IST

g
f

আই আই টি গুৱাহাটীয়ে ২০০৮ চনৰ পৰা ২০১২ চনলৈ গেমছ ভিলেজৰ পাছফালৰ পাহাৰখনত খহনীয়া ৰোধ কৰি সংৰক্ষণৰ ব্যৱস্থা কেনেদৰে কৰিব পাৰি সেই সন্দৰ্ভত বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল( Guwahati IITs Pilot Project on preservation on hills)। পিছে দহ বছৰে সম্প্ৰসাৰণ নহ'ল পাহাৰ সংৰক্ষণৰ পাইলট প্ৰজেক্ট ৷

গুৱাহাটী, ২০ জুলাই:'গুৱাহাটী আজি আৰু এখন মনোৰম চহৰ নহয়, এখন ঠাহ খোৱা জঞ্জালস্তুুপ।'বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহাই বহু বছৰ পূৰ্বে তেওঁৰ' ৰাজধানী প্রসংগ' শীর্ষক এখন ৰচনাত প্ৰসংগক্ৰমে উল্লেখ কৰা এই কথাষাৰ আজি অধিক প্ৰাসংগিক হৈছে (Noted Story Writter Saurabh Kumar Chaliha)। অপৰিকল্পিতভাৱে গঢ়ি উঠা ৰাজধানী চহৰ গুৱাহাটী আজি এশএবুৰি সমস্যাৰে ভাৰাক্ৰান্ত। যান-জঁট, প্ৰদূষণ, আৱৰ্জনা, পানীৰ অভাৱ তথা বানপানী আৰু ভূমিস্খলন আদি সমস্যাই গুৱাহাটীত এতিয়া জটিল ৰূপ লৈছে।

বিশৃংখল মহানগৰীখন এতিয়া চাৰিওপিনে মানুহৰ ঘৰ তথা সুউচ্চ অট্টালিকাৰে ঠাহ খাই পৰিছে। পাহাৰবোৰ মানুহৰে ভৰি পৰিছে। পাহাৰবোৰৰ সেউজীয়া ক্ৰমশঃ নোহোৱা হ'বলৈ ধৰিছে। ২০০০-২০০১ চনত ভূমি সংৰক্ষণ বিভাগে গুৱাহাটীৰ পাহাৰবোৰত চলোৱা অধ্যয়ন মতে, গুৱাহাটীৰ ৩১.৫ শতাংশ পাহাৰ এলেকা ক্ষতিগ্ৰস্ত হৈছে। পাহাৰবোৰত ৩৪.৬৪ শতাংশ ভূমিত নির্মাণ সম্পূৰ্ণ হোৱাৰ বিপৰীতে পাহাৰবোৰত ২৩.৩৭ শতাংশ ভূমিতহে গছ-গছনি থকাৰ তথ্য ভূমি সংৰক্ষণ বিভাগে সংগ্ৰহ কৰিছিল। সেই সময়তে ভূমি সংৰক্ষণ বিভাগে গুৱাহাটীৰ পাহাৰবোৰৰ দুৰাৱস্থাৰ বিষয়টো তথ্য সহকাৰে উন্মোচন কৰাৰ পিছতো ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে। ফলত চৰকাৰী বিভাগসমূহৰ চকুৰ সন্মুখতে গুৱাহাটীৰ পাহাৰবোৰত জধে-মধে ঘৰ নিৰ্মাণ হোৱাৰ লগতে পাহাৰৰ মাটি খনন অব্যাহত থাকিল।

guwahati
Guwahati IITs Pilot Project: দহ বছৰে সম্প্ৰসাৰণ নহ'ল পাহাৰ সংৰক্ষণৰ পাইলট প্ৰজেক্ট

অসম অভিযান্ত্রিক মহাবিদ্যালয়ে আঠ বছৰে গুৱাহাটীৰ পাহাৰবোৰত অধ্যয়ন চলাই ৩৫১টা ভূমিস্খলন-প্রবণ এলেকা চিহ্নিত কৰিছিল(Study of Assam Engineering College in Guwahati Hills)। ইয়াৰ পাহাৰবোৰক সংৰক্ষণ কৰাৰ বাবে চৰকাৰৰ এক সুনির্দিষ্ট পৰিকল্পনা নথকাৰ বাবে গুৱাহাটীত এতিয়া বানপানী আৰু ভূমিস্খলনৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।পাঁচ বছৰ পূৰ্বে গুৱাহাটী আই আই টিয়ে গুৱাহাটীৰ গেম ভিলেজৰ পিছপিনে থকা গড়ভাঙ্গা পাহাৰৰ একাংশ এলেকা সংৰক্ষণৰ বাবে এক পৰীক্ষামূলক অধ্যয়ন কৰিছিল (Experimental study of Guwahati IIT on conservation at Garhbhanga Hills)। উক্ত পাহাৰখনত থকা আৱাসিক এলেকাটোত পাহাৰৰ মাটিৰ খহনীয়া ৰোধ কৰা, পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানী বিজ্ঞানসন্মতভাৱে নামনিলৈ বোৱাই নিয়া আৰু এলেকাটোত সেউজীয়া আৱৰণ গঢ়ি তোলাৰ বাবে গুৱাহাটী আই আই টিয়ে এটা পাইলট প্রজেক্ট অৰ্থাৎ পৰীক্ষামূলক আঁচনি প্ৰস্তুত কৰিছিল। এই আঁচনিখন কায্যকৰী কৰি পৰৱৰ্তী সযময়ত গুৱাহাটীৰ আন পাহাৰ এলেকা সংৰক্ষণ কৰাৰ বাবে এই আচনিখন সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত বি জে পি নেতৃত্বাধীন ৰাজ্য চৰকাৰে যোৱা ৭ বছৰে কোনো গুৰুত্ব নিদিলে।

guwahati
Guwahati IITs Pilot Project: দহ বছৰে সম্প্ৰসাৰণ নহ'ল পাহাৰ সংৰক্ষণৰ পাইলট প্ৰজেক্ট

উল্লেখ্য পাহাৰৰ মাটি খহা ৰোধ কৰা, বিজ্ঞানসন্মত পদ্ধতিৰে বৰষুণৰ পানী নামনিলৈ বোৱাই নিয়া, পাহাৰৰ সেউজীয়া আৱৰণ অটুট ৰখাৰ উদ্দেশ্যে গুৱাহাটী আই আই টিয়ে নগৰ উন্নয়ন মন্ত্রণালয়ৰ ইন্টিগ্রেটেড লেন্ড ইউজ প্লেনিং এণ্ড ৱাটাৰ ৰিছোৰ্চ মেনেজমেন্ট চমুকৈ আই এল পি ডব্লিউ আৰ এমৰ অধীনত গুৱাহাটীৰ পাহাৰৰ বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল ( Integrated land Use Planning and Water Research Management ) । এই অধ্যয়নৰ বাবে আই আই টিয়ে গুৱাহাটী গেমছ ভিলেজৰ পাছফালে থকা গড়ভাঙ্গা পাহাৰৰ একাংশ আৱাসিক অঞ্চল চিহ্নিত কৰিছিল (Garbhanga hill near Game Village in Guwahati) । এই আৱাসিক এলেকাটো বৈকুণ্ঠপুৰ বুলি জনাজাত। উক্ত অধ্যয়নৰ বাবে পাহাৰখনত ১৮.৮৬ হেক্টৰ ভূমি সামৰি লৈছিল। এই অধ্যয়নৰ কাম-কাজ চোৱা-চিতা আৰু সহায় আগবঢ়োৱাৰ বাবে গুৱাহাটী উন্নয়ন বিভাগ, গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ গুৱাহাটী পৌৰ নিগম, ভূমি সংৰক্ষণ বিভাগ, জলসম্পদ বিভাগ, এছটেক, গড়কাপ্টানি বিভাগ, ৰাজহ বিভাগ আৰু বন বিভাগক লৈ এখন টেকনিকেল ক'ৰ কমিটী চমুকৈ টি চি চি গঠন কৰা হৈছিল। আই আই টিৰ অধ্যয়নকাৰী দলটোৱে পাহাৰীয়া এলেকাটোৰ প্ৰধান জলৰাশি (Watershed) চিনাক্ত কৰা, বৰষুণৰ পানী বোৱাই নিয়াৰ বাবে উপ-নলা চিনাক্ত কৰা, পাহাৰীয়া এলেকাটোত পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰা, মাটি খহা কৰা আদি বিষয়বোৰ সামৰি বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল। দলটোৱে পাহাৰখনত অধ্যয়ন কৰি এটা প্ৰধান জলৰাশি চিনাক্ত কৰিছিল। বৰষুণৰ পানী এই জলৰাশিৰ পৰা পোনে পোনে পাহাৰৰ পৰা নামনিলৈ বৈ আহে।

আই আই টিৰ অধ্যয়নকাৰী দলটোৱে অঞ্চলটোত পানী বৈ অহা নলা চিনাক্ত কৰাৰ লগতে নলা নিৰ্মাণৰ পদ্ধতি, বৰষুণৰ পানী সংৰক্ষণ কৰা আদি দিশবোৰ বিজ্ঞানসন্মত অধ্যয়ন কৰি এখন ধাৰণা ভিত্তিক (conceptual) বিস্তৃত প্রকল্প প্রতিবেদন চমুকৈ ডি পি আৰ প্ৰস্তুত কৰিছিল। এই ধাৰণা ভিত্তিক ডি পি আৰ মতে, পাহাৰৰ ওপৰত চিনাক্ত কৰা প্ৰধান জলৰাশিটোৰ আশে-পাশে এটা ডাঙৰ পুখুৰী নিৰ্মাণ কৰা, য'ত বৰষুণৰ পানী জমা হোৱাৰ পিছত তাৰ পৰা পানীখিনি নামনিলৈ বোৱাই অনাৰ বাবে বিজ্ঞানসন্মত নলা নির্মাণ, চাৰিওফালে ঘাঁহ-বন ৰোপণ, মাটি খহা বন্ধ কৰাৰ বাবে বিশেষ ধৰণৰ ঘাঁহ ৰোপণ , জিঅ'নেট লগোৱা আদি কৰি এলেকাটো পৰিৱেশ অনুকুল কৰাৰ বিষয়বোৰ আলোচনা কৰা হৈছিল। এই ডি পি আৰখনে পাহাৰখন সংৰক্ষণ কৰি বাস উপযোগী হিচাপে গঢ়ি তোলাৰ লগতে ৰাস্তা, নলা আৰু পাহাৰৰ মাটি ধৰি ৰখা পকী বেৰ নিৰ্মাণ কৰাৰ আদি কামৰ বাবে ৮ কোটি টকা নিৰ্দ্ধাৰণ কৰিছিল।

উল্লেখ্য যে আই আই টিৰ অধ্যয়নকাৰী দলটো গড়ভাঙ্গা পাহাৰৰ লগতে ভঙাগড়, কাহিলিপাৰা, হাতীগড় চাৰিআলি, দুর্গা সৰোবৰ, হেঙেৰাবাৰী, জ্যোতিনগৰ, গোটানগৰ, কইনাধৰাৰ পাহাৰত অধ্যয়ন চলাই ৫৫টা জলৰাশি চিনাক্ত কৰিছিল । এই আঁচনিখনৰ সন্দৰ্ভত অধ্যয়নকাৰী দলটোক নেতৃত্ব দিয়া গুৱাহাটী আই আই টিৰ অধ্যাপক ড৹ অৰূপ কুমাৰ শর্মাই কয় যে আই আই টি গুৱাহাটীয়ে ২০০৮ চনৰ পৰা ২০১২ চনলৈ গেমছ ভিলেজৰ পাছফালৰ পাহাৰখনত খহনীয়া ৰোধ কৰি সংৰক্ষণৰ ব্যৱস্থা কেনেদৰে কৰিব পাৰি সেই সন্দৰ্ভত বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল।

উক্ত অধ্যয়নৰ সময়ত পাহাৰখনত জধে-মধে মাটি কটা, অবিজ্ঞানসন্মতভাৱে ঘৰ নিৰ্মাণ কৰা বিষয়বোৰ দৃষ্টিগোচৰ হৈছিল। লগতে অবিজ্ঞানসন্মত কেঁচা নলা, কেঁচা ৰাস্তা আৰু নলাবোৰ জাবৰৰে ঢাক খাই থকা দেখিবলৈ পোৱা গৈছিল। এই সমস্যাবোৰ কেনেদৰে সমাধান কৰি পাহাৰখনত সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে তন্ন তন্নকৈ অধ্যয়ন কৰি আঁচনিখনৰ সন্দৰ্ভত স্থানীয় ৰাইজক ভালদৰে বুজাই দিয়া হৈছিল। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতা লাভ কৰা বুলি তেওঁ সদৰি কৰে। মনকৰিবলগীয়া যে এই অঞ্চলটোত প্রায় ৩৫০টা পৰিয়াল আছে। গড়ভাঙ্গা পাহাৰত এই আঁচনিখনৰ সফলতাই মহানগৰীৰ ভূমিস্খলনপ্ৰৱণ পাহাৰবোৰত থকা বাসিন্দাৰ বাবে আৰু বানগ্ৰস্ত লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছিল ।অৱশ্য়ে পৰৱৰ্তী সময়ত চৰকাৰে গুৱাহাটী আই আই টি সহোযোগত এই আচনিখন গুৱাহাটীৰ আন পাহাৰ এলেকালৈ সম্প্ৰসাৰণ নকৰিলে।

লগতে পঢ়ক:Land Lease demand: ভূমি পট্টা প্ৰদানৰ দাবীত দুখন গাঁৱৰ ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.