অসম

assam

ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয় আৰু বাঘেশ্বৰী দেৱালয়ত দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি

By

Published : Sep 30, 2019, 10:47 AM IST

Updated : Sep 30, 2019, 11:04 AM IST

ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয়

ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয়ত দুৰ্গোৎসৱৰ আয়োজন ৷ ম’হ বলিৰ কাৰ্যসূচী ৷ ছয়গাঁৱৰ বামুণীগাঁৱৰ বাঘেশ্বৰী দেৱালয়তো দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি ৷

ছয়গাঁও ৩০ ছেপ্টেম্বৰ :ৰাজ্যজুৰি চলিছে দুৰ্গাপূজাৰ প্ৰস্তুতি ৷ ঐতিহ্যমণ্ডিত ছয়গাঁৱৰ চণ্ডিকা দেৱালয়তো চলিছে দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি ৷ অসমৰ অন্য এক পীঠ হিচাপে পৰিচিত তথা চান্দ সদাগৰৰ কাহিনী বিজড়িত ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয়ৰ দুৰ্গা অইন ঠাইতকৈ অলপ ব্যতিক্ৰম ৷ ইয়াত মহাষ্টমীৰ দিনা দেৱীৰ ওচৰত সেৱা লোৱা তথা হাঁহ, পাৰ আৰু ছাগলী উচৰ্গা কৰাৰ বাবে নিশাৰ পৰাই লানি নিচিগা শাৰী লাগে ৷

উল্লেখযোগ্য যে, বহু বছৰৰ পিচত এইবাৰ চণ্ডিকা দেৱালয়ত ম’হ বলি দিয়া হ’ব বুলি মন্দিৰৰ পুৰোহিতে জানিবলৈ দিছে ৷ ইয়াৰ উপৰি কেইবাটাও ম’হ উচৰ্গা কৰি এৰি দিয়া হ’ব ৷ আনহাতে, চণ্ডিকা দেৱালয়ৰ নৱমী পূজাৰ দিনা বিয়লি দলি যুঁজ আৰু হেঙাৰ ভঙা চাবলৈ হেজাৰ হেজাৰ মানুহৰ সমাগম হয় ৷ প্ৰবাদ আছে যে, বিগত দিনকেইটা দেৱীয়ে বাহিৰত পূজা খোৱাৰ পিচত মহাদেৱৰ লগত কাজিয়া কৰি মূল মন্দিৰত প্ৰৱেশ কৰাৰ সময়তেই এটা সাধাৰণ শ্ৰেণীৰ লোক আৰু এটা মাছমৰীয়া শ্ৰেণীৰ লগত হোৱা দিল যুঁজ আৰু হেঙাৰ ভঙা যুঁজ পৰম্পৰাগতভাৱে চলি আহিছে ৷ আনহাতে নৱমীৰ দিনা নিশা যাত্ৰাপাৰ্টি প্ৰদৰ্শন কৰা হ’ব ৷

ইফালে ছয়গাঁৱৰ বামুণীগাঁৱৰ বাঘেশ্বৰী দেৱালয়তো দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি চলিছে ৷ ঐতিহাসিক দেৱালয়খনতো অঞ্চলটোৰ হাজাৰ হাজাৰ লোক পূজাৰ কেইদিন উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ৷

Intro:ছয়গাঁৱৰ ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয় আৰু বাঘেশ্বৰী দেৱালয়ত চলিছে দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি ৷ চান্দ সদাগৰৰ কাহিনী বিজড়িত চণ্ডিকা দেৱালয়ত বহুবছৰৰ মূৰত দিয়া হ’ব ম’হ বলি ৷Body:ছয়গাঁও ৩০ ছেপ্টেম্বৰ : ৰাজ্যজুৰি চলিছে দুৰ্গাপূজাৰ প্ৰস্তুতি ৷ ঐতিহ্যমণ্ডিত ছয়গাঁৱৰ চণ্ডিকা দেৱালয়তো চলিছে দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি ৷ অসমৰ অন্য এক পীঠ হিচাপে পৰিচিত তথা চান্দ সদাগৰৰ কাহিনী বিজড়িত ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয়ৰ দুৰ্গা অইন ঠাইতকৈ অলপ ব্যতিক্ৰম ৷ ইয়াত মহাষ্টমীৰ দিনা দেৱীৰ ওচৰত সেৱা লোৱা তথা হাঁহ,পাৰ তথা ছাগলী উচৰ্গা কৰাৰ বাবে নিশাৰ পৰাই লানি নিচিগা শাৰী লাগে ৷ উল্লেখযোগ্য যে বহু বছৰৰ পিচত এইবাৰ চণ্ডিকা দেৱালয়ত ম’হ বলি দিয়া হ’ব বুলি মন্দিৰৰ পুৰোহিতে জানিবলৈ দিছে ৷ ইয়াৰ উপৰি কেইবাটাও ম’হ উচৰ্গা কৰি এৰি দিয়া হ’ব ৷ আনহাতে চণ্ডিকা দেৱালয়ৰ নৱমী পূজাৰ দিনা বিয়লি দলি যুঁজ আৰু হেঙাৰ ভঙা চাবলৈ হেজাৰ হেজাৰ মানুহৰ সমাগম হয় ৷ প্ৰবাদ আছে যে বিগত দিন কেইটা দেৱীয়ে বাহিৰত পূজা খোৱাৰ পিচত মহাদেৱৰ লগত কাজিয়া কৰি মূল মন্দিৰত প্ৰৱেশ কৰাৰ সময়তেই এটা সাধাৰণ শ্ৰেণীৰ লোক আৰু এটা মাছমৰীয়া শ্ৰেণীৰ লগত হোৱা দিল যুঁজ আৰু হেঙাৰ ভঙা যুঁজ পৰম্পৰাগতভাৱে চলি আহিছে ৷ আনহাতে নৱমীৰ দিনা নিশা যাত্ৰাপাৰ্টি প্ৰদৰ্শন কৰা হ’ব ৷ ইফালে ছয়গাঁৱৰ বামুণীগাঁৱৰ বাঘেশ্বৰী দেৱালয়তো দুৰ্গাপূজাৰ চলিছি ব্যাপক প্ৰস্তুতি চলিছে ৷ ঐতিহাসিক দেৱালয়খনতো অঞ্চলটোৰ হেজাৰ হেজাৰ লোক পূজাৰ কেইদিন উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ৷Conclusion:
Last Updated :Sep 30, 2019, 11:04 AM IST

ABOUT THE AUTHOR

...view details