অসম

assam

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ নতুন মুৰব্বী অসম সন্তান লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা

By

Published : Jan 25, 2022, 6:42 PM IST

Gen Rana Pratap Kalita appointed as GOC in Chief
Gen Rana Pratap Kalita appointed as GOC in Chief

অসম সন্তান তথা ভাৰতীয় সেনাৰ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief ৰ দায়িত্ব গ্ৰহণ কৰিছে ৷ এই পদত অধিষ্ঠিত হোৱা উত্তৰ-পূবৰ তেওঁ প্ৰথমজন সেনা বিষয়া ৷

গুৱাহাটী, 25 জানুৱাৰী :গণ ৰাজ্য দিৱসৰ প্ৰাক ক্ষণত অসমলৈ আহিছে এটা সুখবৰ ৷ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief হিচাপে দায়িত্ব গ্ৰহণ কৰিছে অসম সন্তান তথা সেনাৰ লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতাই (Gen Rana Pratap Kalita appointed as GOC in Chief)। এই পদত অধিষ্ঠিত হোৱা উত্তৰ-পূবৰ তেওঁ প্ৰথমজন সেনা বিষয়া ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাণা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ মেজৰ জেনেৰেলৰ পৰা লেফটেনেন্ট জেনেৰেল পদলৈ পদোন্নতি লাভ কৰিছিল ।

নৱনিযুক্ত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief জনক প্ৰথমে ১৯৮৪ চনত ৯ নং কুমাও ৰেজিমেণ্টত নিযুক্তি দিয়া হৈছিল । তেওঁ শ্ৰীনগৰত ১৫ কৰ্পচৰ ব্ৰিগেডিয়াৰ পদবীত ১৯ ইনফেনট্ৰী ডিভিজনৰ নেতৃত্ব দিছিল । ইয়াৰ উপৰিও ১৩ আৰ আৰ বেটেলিয়ন আৰু লক্ষ্ণৌত ৭১ ইনফেনট্ৰী ব্ৰিগেডৰ নেতৃত্ব দিছিল । তেওঁ সেনাৰ মুখ্য কাৰ্যালয়ত বিভিন্ন বিভাগীয় আৰু পৰামৰ্শদাতা পদবীতো কাৰ্যনিৰ্বাহ কৰিছিল ।

সামৰিক বাহিনীলৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কলিতাই ইতিপূৰ্বে সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেলেৰ দ্বাৰা সন্মানিত হয় (Military honour to Gen Rana Pratap Kalita)। সেনা বিষয়াজনৰ ঘৰ কামৰূপ জিলাৰ ৰঙিয়াত । গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ কলিতা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰী একাডেমীৰো প্ৰাক্তন ছাত্ৰ ।

লগতে পঢ়ক : Prestigious President Police Medal: এডিজিপি হীৰেন চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল

ABOUT THE AUTHOR

...view details