অসম

assam

Drugs peddler arrested: জিএমচিৰ আৱৰ্জনা কঢ়িওৱা ট্ৰাক চালকৰ ৰূপত ড্ৰাগছ ব্যৱসায়ী

By

Published : Jul 25, 2022, 9:53 PM IST

এইবাৰ গুৱাহাটী পৌৰ নিগমৰ আৱৰ্জনা কঢ়িওৱা ট্ৰাক চালকৰূপত ধৰা পৰিছে এটা ড্ৰাগছ ব্যৱসায়ী ৷ দেওবাৰে সাতগাঁও আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে (Drugs peddler arrested by Satgaon Police) ৷

Drugs peddler arrested with Drug by Satgaon Police in Guwahati
এইবাৰ জিএমচিৰ আৱৰ্জনা কঢ়িওৱা ট্ৰাক চালকৰ ৰূপত ড্ৰাগছ ব্যৱসায়ী

গুৱাহাটী,২৪ জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs mission) ৷ বিভিন্ন জিলাত আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে ড্ৰাগছ জব্দ কৰাৰ লগতে এই ব্যৱসায়ত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে ইয়াৰ পাছতো একাংশ দুষ্টচক্ৰই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ৰাজ্যত মাৰাত্মক ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে । যাৰ বাবে অসম আৰক্ষী পুনৰ এই ক্ষেত্ৰত কঠোৰ হৈছে ।

এইবাৰ গুৱাহাটী পৌৰ নিগমৰ (Guwahati Municipal Corporation) আৱৰ্জনা কঢ়িওৱা ট্ৰাক চালকৰূপত ধৰা পৰে এটা ড্ৰাগছ ব্যৱসায়ী ৷ দেওবাৰে সাতগাঁও আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সাতগাঁও আৰক্ষীয়ে দেওবাৰে অভিযান চলাই সাতগাঁও নোৱাপাৰা ঈদগাহ মছজিদৰ সমীপৰ পৰা ৪ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে (Drug seized by Satgaon Police) ৷

লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drugs peddler arrested by Satgaon Police) ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো যোছেন আলী (২৭) বুলি জানিব পৰা গৈছে ৷ লগতে এখন চাৰিচকীয়া বাহনো জব্দ কৰে ৷ সোমবাৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক আদালতত হাজিৰ কৰাৰ পিছত জেললৈ প্ৰেৰণ কৰে বুলি আৰক্ষীয়ে জানিব দিয়ে ৷ যোছেন আলী গুৱাহাটী পৌৰ নিগমৰ আৱৰ্জনা কঢ়িওৱা ট্ৰাক চলাই ড্ৰাগছ সৰবৰাহ কাৰ্যত জড়িত হৈ আছিল ।

ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত NDPS Act ৰ অধীনত ১১৮/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:অসম-নাগালেণ্ড সীমান্তত নিচাযুক্ত ড্ৰাগছৰ উজান

ABOUT THE AUTHOR

...view details