অসম

assam

ৰহস্যজনভাৱে মৃত্যু হোৱা ফাৰহাজ হুছেইনৰ গৃহত লুৰীণজ্যোতি গগৈ

By

Published : Sep 19, 2022, 10:28 PM IST

সোমবাৰে ৰহস্যজনভাৱে মৃত্যুমুখত পৰা ফাৰহাজ হুছেইনৰ গৃহত উপস্থিত হ’ল লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi visits Farhaz Hussain residence) ৷ ঘটনা সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বদৰুদ্দিন আজমলে এই সমগ্ৰ ঘটনাটো বিচাৰ-বিশ্লেষণ নকৰাকৈ আইন-আদালত সকলোকে নিয়ন্ত্ৰণ কৰি ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা বুলি মন্তব্য কৰে ৷

Lurinjyoti Gogoi present at Farhaz Hussain's home
ফাৰহাজ হুছেইনৰ গৃহত উপস্থিত লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়, 19 ছেপ্টেম্বৰ: হোজাইৰ মৰ্কজ একাডেমীত (Markaz Academy English High School) বিগত আগষ্ট মাহত টিংখাঙৰ এজন মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু হৈছিল । টিংখাঙৰ 2 নং দীঘলীয়া গাঁৱৰ দশম শ্ৰেণীত অধ্যয়ন কৰি থকা মেধাৱী ছাত্ৰ ফাৰহাজ হুছেইনৰ মৃতদেহ ৰহস্যজনকভাৱে এটা পুখুৰীত উদ্ধাৰ হৈছিল ।

এইদৰে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই বিদ্যালয়খনৰ লগতে ছাত্ৰজনৰ বাসগৃহ ঔফুলীয়াৰ দুই নং দীঘলীয়া গাঁৱতো সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ (Untimely death of student stirs controversy) । হোজাই মৰ্কজ একাডেমীত সংঘটিত হোৱা এই ঘটনাৰ বাবে মৃত ছাত্ৰজনৰ পৰিয়ালবৰ্গক সমবেদনা জনাবলৈ অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) সভাপতি লুৰীণজ্যোতি গগৈ দেওবাৰে ছাত্ৰজনৰ ঘৰত উপস্থিত হয় (Lurinjyoti Gogoi visits Farhaz Hussain residence) ।

ফাৰহাজ হুছেইনৰ গৃহত উপস্থিত লুৰীণজ্যোতি গগৈ

ঘটনা সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বদৰুদ্দিন আজমলে এই সমগ্ৰ ঘটনাটো বিচাৰ-বিশ্লেষণ নকৰাকৈ আইন-আদালত সকলোকে নিয়ন্ত্ৰণ কৰি ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে ৷ প্ৰকৃত সত্য লুকুৱাই ৰখাৰ বাবে বদৰুদ্দিন আজমলে সকলো ধৰণৰ কূট-কৌশল ৰচনা কৰিছে বুলিও অভিযোগ কৰে ৷

আজমল ফাউণ্ডেশ্যনৰ (Ajmal Foundation) বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ নিৰাপত্তা নাই বুলি প্ৰমাণিত হ'ব বুলিয়েই স্থানীয় আৰক্ষী অধীক্ষক, উপায়ুক্তক বিভিন্ন ধৰণেৰে নিয়ন্ত্ৰণ কৰাৰ লগতে সংবাদ মাধ্যমৰ পৰা বিষয় সমূহ লুকুৱাই ৰাখিবলৈ উঠিপৰি লাগিছে বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে । লগতে আৰক্ষীক ঘটনাৰ সঠিক তদন্ত কৰিবলৈ দাবী জনায় সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক:সাংবাদিকে কি কি প্ৰশ্ন কৰিব সেয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতেহে হ’ব !

ABOUT THE AUTHOR

...view details