সাংবাদিকে কি কি প্ৰশ্ন কৰিব সেয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতেহে হ’ব !

author img

By

Published : Sep 19, 2022, 9:28 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সংবাদ জগতক নিয়ন্ত্ৰণৰ বাবে উঠি-পৰি লাগিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যিকোনো ধৰণৰ অভিযোগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক সাংবাদিকে প্ৰশ্ন কৰিলেই খঙত টিঙিৰি-তুলা হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ সাংবাদিকে কি প্ৰশ্ন কৰিব সেয়াও যেন মুখ্যমন্ত্ৰীগৰীকীয়েহে নিৰ্ধাৰণ কৰি দিব ৷ এইবাৰ সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকলৈ চিঠি লিখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma wrote letter to editors)৷

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ(Assam govt recruitment) প্ৰসংগত সাংবাদিকে প্ৰশ্ন কৰাত খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰী এজনক যিকোনো প্ৰশ্ন নুসুধিবলৈ ধমক দিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ যিকোনো প্ৰশ্ন নুসুধিবলৈ সংবাদ প্ৰতিষ্ঠানসমূহৰ সম্পাদকলৈ চিঠি লিখা বুলিও জনালে অগ্নিশৰ্মা ড৹ শৰ্মাই(Himanta Biswa Sarma wrote letter to editors)৷

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা সাংবাদিকে প্ৰশ্ন কৰিলে খং উঠিবলৈ লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ সাংবাদিকৰ প্ৰতিটো প্ৰশ্নই যেন মুখ্যমন্ত্ৰীগৰাকীৰ মনঃপুত নহয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই এই কথা বহুবাৰ প্ৰমাণ কৰিছে ৷ কিছুদিন পূৰ্বে সাংবাদিকৰ প্ৰশ্নত অসন্তুষ্ট মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে আপোনালোকৰ মালিকক দৰমহা কাটিবলৈ ক’ম (Himanta Biswa Sarma threats journalist)৷ ভিন্ন সময়ত সাংবাদিকৰ প্ৰশ্নত অসন্তুষ্ট হৈ অহা মুখ্যমন্ত্ৰীয়ে সোমাবাৰেও একেই কথা ক’লে সাংবাদিকৰ সন্মুখত ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে এখন বৈঠকৰ পাছত সাংবাদিকে মুখ্যমন্ত্ৰীজনক প্ৰশ্ন উত্থাপন কৰিছিল গুৱাহাটীত ব্যক্তিগত প্ৰতিষ্ঠানে সংগ্ৰহ কৰা কৰ আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত (Six communities ST status)৷ কিন্তু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মতে গুৱাহাটীত কৰ সংগ্ৰহৰ কথা সুধিব নালাগে মুখ্যমন্ত্ৰীক ৷ সেই প্ৰশ্ন সুধিব লাগে মেয়ৰক ৷ কাৰণ সেই প্ৰশ্নৰ উত্তৰ দিলে মেয়ৰৰ দৰমহা মুখ্যমন্ত্ৰীয়ে লৈ থকাৰ দৰে হ’ব ৷

ইয়াৰ পাছতেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰা হৈছিল ৷ উত্তৰত মুখ্যমন্ত্ৰীৰ ভাষ্য- ‘‘যি কথা সুধি থাকিব নালাগে সেই কথা কিয় সুধি থাকিব লাগে ? এই বিষয়ে সম্পাদকলৈ চিঠি লিখিছোঁ ’’।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পদাংক অনুসৰণ কৰি ৰাজ্য চৰকাৰৰ একাধিক মন্ত্ৰীয়েও সংবাদ মাধ্যমক বিভিন্ন সময়ত নীতিশিক্ষা প্ৰদান কৰা দেখা গৈছে ৷ চৰকাৰৰ কোনা সিদ্ধান্ত অথবা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত প্ৰশ্ন কৰিলেই জাঙুৰ খাই উঠে মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ মন্ত্ৰী ৷ কিছুদিন পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো অভিযোগৰ বাতৰি প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনাইছিল (Minister Jayanta malla Baruah advices journalist)৷

এতিয়া প্ৰশ্ন উত্থাপন হৈছে সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকলৈ লিখা চিঠিত মুখ্যমন্ত্ৰীয়ে কি কি লিখিছে ? সাংবাদিকে কিদৰে প্ৰশ্ন কৰিব লাগিব, তাৰ নীতি নির্ধাৰণ কৰি দিছে নেকি মুখ্যমন্ত্ৰীয়ে ? মুখ্যমন্ত্ৰীৰ পৰামর্শৰ ভিত্তিত সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে দিয়া নিৰ্দেশনা মতে মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিব লাগিব নেকি সাংবাদিকে ?

লগতে পঢ়ক: সম্পত্তি কৰ আদায় কৰিব ব্যক্তিগত কোম্পানীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.