অসম

assam

টিংখাঙত 'ককা' ই স্মৰণ কৰিলে স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি

By

Published : Aug 14, 2021, 9:31 PM IST

Updated : Aug 15, 2021, 1:55 PM IST

ভাৰত স্বাধীন হোৱাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী আছিল তেওঁ । তেতিয়া তেওঁৰ বয়স নিচেই কম ৷ সেই কুমলীয়া বয়সতে তেওঁ দেউতাকৰ সৈতে জড়িত হৈ পৰিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন কাৰ্যসূচীত। আজিও তেওঁ মনত সাচি ৰাখিছে তাহানিৰ সেই মধুৰতম স্মৃতিবোৰ। পিছে কোন এই সাক্ষীজন চাঁওক এই সন্দৰ্ভত এক প্ৰতিবেদন...

ভাৰত স্বাধীন হোৱাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী আছিল তেওঁ
টিংখাঙত ' ককা ' ই স্মৰণ কৰিলে স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি

টিংখাং, 14 আগষ্ট :দেউতাক আছিল এজন মুক্তিযোদ্ধা ।'ভাৰত ত্যাগ আন্দোলন'ৰ ভৰপক সময়ত তেওঁ দেউতাকৰ সৈতে আন্দোলনত জড়িত হৈ পৰিছিল । দেউতাকৰ সৈতেই বৃটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত কেইবাবাৰো কাৰাবাস খাটিছিল তেওঁ । সেই সময়ছোৱাতেই তেওঁ সান্নিধ্য লাভ কৰিছিল বহুকেইজন সৰ্ব-ভাৰতীয় পৰ্যায়ৰ স্বাধীনতা সংগ্ৰামীৰ । তেতিয়া তেওঁ এজন 12-13 বছৰীয়া কিশোৰ।

এতিয়া সেই কিশোৰজনে পাৰ কৰিছে 80 বছৰৰ দেওনা । এইজন 80 বছৰীয়া ককা ভূৱন চেলেং। টিংখাঙৰ কাষৰীয়া মাহমৰা সমষ্টিৰ অন্তৰ্গত শ'লমাৰী গাঁৱৰ এইজন ব্যক্তিৰ চকুত আজিও সজীৱ হৈ আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি । দেউতাক প্ৰয়াত মুক্তিযোদ্ধা ভোগেশ্বৰ চেলেঙৰ সৈতে দিনে-নিশাই ভাৰত ত্যাগ আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত ভাগ লৈছিল ভূৱন চেলেঙে ।

ভাৰত স্বাধীন হোৱাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী আছিল তেওঁ

আন্দোলনৰ ভৰপক সময়ত অনুষ্ঠিত হোৱা বৃটিছ বিৰোধী কাৰ্যসূচী সমূহত দেউতাকক সহায় কৰিছিল তেওঁ । বৃটিছ সেনাৰ পৰা হাত সাৰিবলৈ কেতিয়াবা দিনৰ দিনটো ওখ গছৰ ওপৰত উঠি আশ্ৰয় লৈছিল এইজন ভূৱন চেলেঙে ।

সহ্য কৰিবলগীয়া হৈছিল বগা চাহাবৰ নানান অত্যাচাৰ । ভাৰত স্বাধীন হোৱাৰ পাছত ভাৰত চৰকাৰে পিতৃ তথা প্ৰয়াত মুক্তিযোদ্ধা ভোগেশ্বৰ চেলেঙক নায়ক উপাধি প্ৰদান কৰাৰ লগতে তাম্ৰপত্ৰৰে সম্বৰ্ধিত কৰিছিল । কিন্তু আজি সেই মহান মুক্তিযোদ্ধাৰ পৰিয়ালটিৰ নাজল-নাথল অৱস্থা । এটা জৰাজীৰ্ণ জুপুৰিতে দৰিদ্ৰতাৰ মাজেৰে জীৱন যাপন কৰিছে ভূৱন চেলেঙৰ পৰিয়ালটোৱে ।

বাঁহৰ উৱলি যোৱা বেৰৰ ঘৰখনত আজিও ভূৱন চেলেঙে সযতনে সংৰক্ষণ কৰি ৰাখিছে দেউতাকৰ দিনৰ তাম্ৰপত্ৰ , সাঁচিপাতৰ পুথি আদি আপুৰুগীয়া সম্পদসমূহ । মনত সজীৱ কৰি ৰাখিছে স্বাধীনতা সংগ্ৰামৰ বহু অলিখিত ইতিহাস ।

দেউতাক ভোগেশ্বৰ চেলেঙৰ দিনত সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত বহু মাটি সম্পত্তি দান হিচাপে আগবঢ়োৱা পৰিয়ালটোৰ আজি পুতৌলগা অৱস্থা । সেয়ে দৰিদ্ৰ পৰিয়ালটোৰ প্ৰতি অকনমান সুদৃষ্টি দিবলৈ চৰকাৰ তথা দল-সংগঠনৰ প্ৰতি আহ্বান জনাইছে ভূৱন চেলেঙৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:ৰাজ্যৰ ভিন্ন প্ৰান্তত 75 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি

Last Updated :Aug 15, 2021, 1:55 PM IST

ABOUT THE AUTHOR

...view details