অসম

assam

ধুবুৰীৰ গৌৰীপুৰত নিশা আৱতৰীয়া দীপাৱলী

By

Published : Jul 7, 2022, 12:32 PM IST

জনতা ভৱনত মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত অসমৰ ইছলাম ধৰ্মাৱলম্বীৰ পাঁচ জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱা হয় । ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ পাছতেই সন্তুষ্টি ব্যক্ত কৰিছে গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু চৈয়দ জনগোষ্ঠীয় লোকে(Assamese Muslims recognised as a distinct indigenous community) ৷ ঠায়ে ঠায়ে পালন কৰা হৈছে আনন্দ-উল্লাস ৷
reaction to recognition of assamese muslims as indigenous communities
ধুবুৰীৰ গৌৰীপুৰত নিশা আৱতৰীয়া দিপাৱলী

ধুবুৰী, 7 জুলাই :অসম চৰকাৰৰ কেবিনেটত দেশী, গৰীয়া, মৰিয়া, জলহা আৰু চৈয়দকে ধৰি ৫ টা জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰাৰ পিছতে পাঁচ জনগোষ্ঠীৰ লোকসকলৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে(Assamese Muslims recognised as a distinct indigenous community) । যাৰ বাবে এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে এই জানগোষ্ঠীকেইটাই আৱতৰীয়া দীপাৱলীৰে বিজয় উল্লাস পালন কৰা দেখা গৈছে ।

ধুবুৰীৰ গৌৰীপুৰত নিশা আৱতৰীয়া দিপাৱলী

এই উপলক্ষ্যে বুধবাৰে দিনৰ ভাগত অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত গৌৰীপুৰৰ পাব্লিক লাইব্ৰেৰীত এখন সভা আয়োজন কৰা হয় ৷ সভাত পৰিষদে চৰকাৰক তেওঁলোকক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰাত সন্তোষ ব্যক্ত কৰে আৰু ধন্যবাদ জ্ঞাপন কৰে ৷

আনহাতে নিশা ধুবুৰীৰ গৌৰীপুৰ চহৰৰ চৌৰঙ্গীমোৰত দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ কেন্দ্ৰীয় সহ-সম্পাদক ছাইফুৰ ৰহমানৰ লগতে সংগঠনৰ অন্য সদস্য আৰু উক্ত অঞ্চলৰ ৰাইজে মিলি ফটকা ফুটুৱাই হৰ্ষোল্লাস কৰি বিজয় উল্লাস পালন কৰে । তেওঁলোকে দেশী জনগোষ্ঠীক খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :অসমত খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা নিৰূপণ কৰা‌ হ’ব: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details