অসম

assam

Uniform Civil Code : সমান নাগৰিক সংহিতাই দেশক বান্ধি ৰাখিব; উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়ৰ

By

Published : Jul 4, 2023, 8:17 PM IST

Updated : Jul 4, 2023, 10:28 PM IST

ভাৰতত এক সমান নাগৰিক সংহিতাৰ আহ্বান এইবাৰ তীব্ৰস্বৰত শুনা গ'ল দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়ৰ মুখত ।

Vice President Jagdeep Dhankar
Vice President Jagdeep Dhankar

নিউজ ডেস্ক, ৪ জুলাই :উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়ে মঙলবাৰে উল্লেখ কৰে যে ইউনিফৰ্ম চিভিল কোডে (ইউচিচি) বা সমান নাগৰিক সংহিতাই 'ভাৰত আৰু ইয়াৰ জাতীয়তাবাদক অধিক কাৰ্যকৰীভাৱে বান্ধি ৰাখিব' । তেওঁ লগতে এই কথাত গুৰুত্ব আৰোপ কৰে যে ইয়াৰ কাৰ্যকৰীকৰণত যিকোনো বিলম্ব 'আমাৰ মূল্যবোধৰ বাবে ক্ষয়কৰী' হ'ব ।

আইআইটি গুৱাহাটীৰ ২৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথাত জোৰ দি কয় যে ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ (Directive Principles of State Policy, DPSP) 'দেশৰ শাসনত মৌলিক' আৰু সেইবোৰক নিয়মত পৰিণত কৰাটো ৰাজ্যৰ কৰ্তব্য । পঞ্চায়ত, সমবায় আৰু শিক্ষাৰ অধিকাৰৰ দৰে বহুতো ডিপিএছপি ইতিমধ্যে আইনলৈ ৰূপান্তৰিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে সংবিধানৰ ৪৪ নং অনুচ্ছেদ কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে ।

ভাৰতৰ ভাবমূৰ্তি কলুষিত কৰাৰ প্ৰচেষ্টা আৰু 'দেশবিৰোধী আখ্যানৰ সঘন উচ্চাৰণ'ৰ বিৰুদ্ধে সতৰ্ক কৰি ধনখৰে জোৰ দি কয়, "ভাৰতবিৰোধী আখ্যান উপস্থাপন কৰা ক'ৰিঅ'গ্ৰাফাৰসকলক কাৰ্যকৰীভাৱে প্ৰত্যাখ্যান কৰাৰ সময় আহি পৰিছে ।"

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে 'কোনো বিদেশী সত্তাক আমাৰ সাৰ্বভৌমত্ব আৰু খ্যাতিৰ প্ৰতি ভাবুকি আনিবলৈ অনুমতি দিব নোৱাৰি' । বিশ্ব শান্তি আৰু সম্প্ৰীতিক স্থিৰতা প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰতক আটাইতকৈ পুৰণি, সৰ্ববৃহৎ, আটাইতকৈ কাৰ্যকৰী আৰু সজীৱ গণতন্ত্ৰ বুলি অভিহিত কৰি উফ-ৰাষ্ট্ৰপতিয়ে কয়, "আমি আমাৰ সমৃদ্ধিশালী আৰু প্ৰস্ফুটিত গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ ওপৰত আঘাত কৰিব নোৱাৰোঁ ।"

এতিয়া দুৰ্নীতিৰ প্ৰতি 'শূন্য সহনশীলতা' আহিছে বুলি উল্লেখ কৰি তেওঁ দুৰ্নীতিমুক্ত সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায় । "দুৰ্নীতি হৈছে গণতন্ত্ৰৰ বিৰোধী, দুৰ্নীতি হৈছে দুৰ্বল শাসন, দুৰ্নীতিয়ে আমাৰ বিকাশ হ্ৰাস কৰে... দুৰ্নীতিমুক্ত সমাজ হৈছে আপোনালোকৰ বিকাশৰ গতিপথৰ বাবে আটাইতকৈ সুৰক্ষিত গেৰাণ্টি ।" তেওঁ কয় ।

ধানখড়ে দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰি থকাৰ সময়ত কিছু লোকক 'আইনী প্ৰক্ৰিয়াৰ আশ্ৰয় লোৱাৰ সলনি ৰাজপথলৈ যোৱা' বুলিও কটাক্ষ কৰে । উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক ভাৰতীয় আৰু ইয়াৰ ঐতিহাসিক সাফল্যৰ বাবে গৌৰৱ কৰিবলৈও কয় ।

তেওঁ লগতে বিচাৰে যে তেওঁলোক অৰ্থনৈতিক জাতীয়তাবাদৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হওক আৰু ৰাষ্ট্ৰ আৰু জাতীয়তাবাদৰ মূল্যৰ বিনিময়ত অৰ্থনৈতিক লাভালাভ বিচৰাৰ পৰা বিৰত থাকক । তেওঁ শিক্ষাৰ্থীসকলক দূৰদৰ্শী ব্যক্তিত্ব ডঃ বি আৰ আম্বেদকাৰৰ মূল্যৱান কথাবোৰো সোঁৱৰাই দি কয়, "আপুনি প্ৰথমেও ভাৰতীয় হ'ব লাগে, শেষজন ভাৰতীয়ও হ'ব লাগে আৰু ভাৰতীয়ৰ বাহিৰে আন একো হ'ব নালাগে ।"

নিজৰ সমাৱৰ্তন ভাষণত ধানখড়ে শিক্ষাৰ্থীসকলক সহনশীল হোৱাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ দিবলৈ আহ্বান জনায় । তেওঁ কয়, "আমি আন দৃষ্টিভংগীবোৰো বিবেচনা কৰা উচিত, যিবোৰ সঠিক দৃষ্টিভংগী ।"

লগতে পঢ়ক :VP Jagdeep Dhankar Assam Visit: IIT গুৱাহাটীৰ ২৫সংখ্যক সমাৱৰ্তনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়

Last Updated :Jul 4, 2023, 10:28 PM IST

ABOUT THE AUTHOR

...view details