ETV Bharat / state

VP Jagdeep Dhankar Assam Visit: IIT গুৱাহাটীৰ ২৫সংখ্যক সমাৱৰ্তনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়

author img

By

Published : Jul 4, 2023, 5:52 PM IST

vice-president-jagdeep-dhankar-attend-the-25th-convocation-of-iit-guwahati
IIT গুৱাহাটীৰ ২৫সংখ্যক সমাৱৰ্তনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়

"দেশৰ অমৃত কালৰ আজিৰ ছাত্ৰ-ছাত্ৰীসকল ২০৪৭ চনত স্বাধীনতাৰ শতবৰ্ষ উদযাপনৰ সময়ত দেশৰ প্ৰতিনিধি হ’ব। সেই সময়ত ভাৰতবৰ্ষ বিশ্বৰ শিখৰত থাকিব।" উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড় ৷

IIT গুৱাহাটীৰ ২৫সংখ্যক সমাৱৰ্তনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়

গুৱাহাটী, ৪ জুলাই: মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ ২৫ সংখ্যক সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়ে। সমাৱৰ্তনত প্ৰতিষ্ঠানখনৰ ২০১১ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠ‍ানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয়। ৰসিকতাৰে ভাষণ আৰম্ভ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতা আৰু বিচক্ষণতাক ভূয়সী প্ৰশংসা কৰে।

দেশৰ অমৃত কালৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, ২০৪৭ চনত দেশে স্বাধীনতাৰ শতবৰ্ষ উদাযাপন কৰিব আৰু সেই সময়ত ভাৰতবৰ্ষ বিশ্বৰ শিখৰত থাকিব। প্ৰগতিৰ সেই গতিৰেই দেশ আগুৱাই গৈছে। আই আই টি গুৱাহাটীয়ে দেশ-বিদেশৰ খ্যাতি অৰ্জন কৰাৰ কথা উল্লেখ কৰি তেওঁ প্ৰতিষ্ঠানখনৰ খ্যাতিক নিজৰ কৰ্মৰে আৰু অধিক প্ৰসাৰ কৰাৰ বাবে শিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনায়।

পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে নিয়োজিত হৈ থকাৰ সময়ত অসমসহ উত্তৰ-পূৰ্বাঞ্চলক জনাৰ বিশেষ সুযোগ লাভ কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে, কালচাৰ আৰু নেচাৰৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চলে অষ্টলক্ষ্মীৰ আখ্যা লাভ কৰিছে। তেওঁ আহোমৰ বীৰত্বৰ বিষয়ে উল্লেখ কৰাৰ লগতে অসমৰ গৌৰৱ উজ্বল ইতিহাসৰ বিষয়ে সদৰী কৰে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ডিগ্ৰী লাভ কৰা সকলো শিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোক য'তেই নাথাকক কিয় প্ৰতিষ্ঠানখনৰ নাম উজ্বলাই ৰখাৰ বাবে আহ্বান জনায়। তেওঁ শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে, দেশে তেওঁলোকৰ পৰা বহু আশা কৰে। জীৱনত আগুৱাই যাবলৈ হ'লে ৰিস্ক ল'ব লাগিব বুলি সদৰি কৰি তেওঁ শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে সকলো সময়তে সফলতা নাহিবও পাৰে।

এই অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয় যে, আই আই টি গুৱাহাটীৰ ব্যক্তি নিৰ্মাণৰ শৈক্ষিক পৰিৱেশে সকলোকে আকৰ্ষিত কৰে। ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক দেশৰ বিকাশৰ বাবে কাম কৰি যোৱাৰ আহ্বান জনায় ৷ চাকৰিৰ পাচত দৌৰাটো সফলতা নহয়। চাকৰিৰ বিপৰীতে চাকৰি দিয়াৰ লক্ষ্যৰে শিক্ষাৰ্থীসকলক আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনায়।

অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে। আই আই টি গুৱাহাটীয়ে বিভিন্ন ক্ষেত্রত আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অসম চৰকাৰ আৰু আই আই টি গুৱাহাটীয়ে কেইবাটাও প্ৰকল্পত একেলগে কাম কৰি আছে। অনুষ্ঠানত ডিগ্ৰী লাভ কৰা প্ৰদ্নেশ প্ৰসাদ কেলকাৰক প্ৰেচিডেণ্ট অৱ ইণ্ডিয়া গ'ল্ড মেডেল আৰু এমে ৰমেশ ৰ‍মবাটলাক ড৹ শংকৰ দয়াল শৰ্মা গ'ল্ড মেডেল প্ৰদান কৰা হয়।

অনুষ্ঠানত আই আই টি গুৱাহাটীৰ বোৰ্ড অৱ গৱৰ্নছৰ অধ্যক্ষ ৰাজীৱ আই মোদীয়ে আদৰণি ভাষণ আগবঢ়ায়। আনহাতে অনুষ্ঠানত আই আই টি গুৱাহাটীৰ সঞ্চালক প্ৰফেচাৰ পি কে আয়াৰে প্ৰতিষ্ঠানখন বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

ইফালে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰে এক বাৰ্তালাপতো মিলিত হয়। উল্লেখ্য যে আই আই টি গুৱাহাটীৰ ২৫ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণৰ পূৰ্বে সপত্নীৰে উপ-ৰাষ্ট্ৰপতিগৰ‍কীয়ে নীলাচল পাহাৰত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰে।

লগতে পঢ়ক: Vice President in Guwahati : গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.