ETV Bharat / state

Vice President in Guwahati : গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক উষ্ম আদৰণি

author img

By

Published : Jul 4, 2023, 1:52 PM IST

Vice President in Guwahati
গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক উষ্ম আদৰণি

পুৱাই গুৱাহাটীত উপস্থিত দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু পত্নী ডঃ সুদেশ ধনখড় । কামাখ্যা মন্দিৰত আশীষ ল'লে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে । তাৰ পাচতে আই আই টি গুৱাহাটীৰ ২৫ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰে ।

গুৱাহাটী,৪ জুলাই : এদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে গুৱাহাটীত উপস্থিত হয় দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় । আই আই টি গুৱাহাটীৰ ২৫ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণৰ উদ্দেশ্যে অসমলৈ অহা উপ-ৰাষ্ট্ৰপতিগৰাকীক সপত্নীৰে বিমান বন্দৰত উষ্ম আদৰণি জনাই ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

বৰঝাৰৰ বিমানবন্দৰত মন্ত্রী অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি কেইবাগৰাকী চৰকাৰী উচ্চপদস্থ বিষয়াই উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় । বিমান বন্দৰৰ পৰা পোনে পোনে উপ-ৰাষ্ট্ৰপতি ধনখড়ে সপত্নীক মা নীলাচল পাহাৰ অভিমুখে যায় । কামাখ্যা মন্দিৰত উপস্থিত হৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে পূজা-অৰ্চনা আগবঢ়াই মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰে । ইয়াৰ পাচতে উপ-ৰাষ্ট্ৰপতিগৰাকী আই আই টি অভিমুখে ৰাওনা হয় ।

উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আই আই টি গুৱাহাটীৰ ২৫ সংখ্যক সমাৱৰ্তনত অংশ গ্ৰহণ কৰিব । তদুপৰি তেওঁ উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীৰ সৈতেও বাৰ্তালাপ কৰিব । অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । অনুষ্ঠানটোত ২০১১ গৰাকী স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী প্ৰাপকক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব ।

উপ-ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী । বহুকেইটা পথত মহানগৰ আৰক্ষীয়ে নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি জালুকবাৰীৰ পৰা মহানগৰীত গধুৰ তথা বাণিজ্যিক বাহনৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে । সেইদৰে এ টি ৰোডত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

তদুপৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ডি জি ৰোড, এম জি ৰোডতো গধুৰ বাহন চলাচলত নিষেধাজ্ঞ জাৰি কৰিছে প্ৰশাসনে । মঙলবাৰে নিশা ৯ বজালৈ অব্যাহত থাকিব আৰক্ষীৰ এই নিৰ্দেশনা । মহানগৰৰ বিভিন্ন পথত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তুলিছে ।

লগতে পঢ়ক :IndiGo Flight Emergency Landing : ৰাজ্যৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাক কঢ়িয়াই নিয়া ইণ্ডিগ’ বিমানত বিজুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.