অসম

assam

অৰুণাচলত ৬ এনএছচিএন আইএম সদস্যক অস্ত্ৰসহ গ্ৰেপ্তাৰ

By PTI

Published : Jan 13, 2024, 11:48 AM IST

NSCN Extremist Arrested : জিলাখনৰ লংডিং চহৰ আৰু নিয়াউছাৰ মধ্যৱৰ্তী অঞ্চলটোত অৰ্ধসামৰিক বাহিনী আৰু লংডিং আৰক্ষীৰ যুটীয়া অভিযানৰ সময়ত বৃহস্পতিবাৰে বিদ্ৰোহী সদস্যকেইজনক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষী অধীক্ষকে জনাইছে ।

অৰুণাচলত ৬ এনএছচিএন আইএম সদস্যক অস্ত্ৰসহ গ্ৰেপ্তাৰ
অৰুণাচলত ৬ এনএছচিএন আইএম সদস্যক অস্ত্ৰসহ গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৩ জানুৱাৰী : অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ নিৰাপত্তা ৰক্ষীয়ে এনএছচিএন-আইএমৰ ছয়জন উগ্ৰপন্থীক আটক কৰে । লগতে তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে ।

লংডিঙৰ আৰক্ষী অধীক্ষক ডেকিঅ' গুমজাই শনিবাৰে কয় যে জিলাখনৰ লংডিং চহৰ আৰু নিয়াউছাৰ মধ্যৱৰ্তী অঞ্চলটোত অৰ্ধসামৰিক বাহিনী আৰু লংডিং আৰক্ষীৰ যুটীয়া অভিযানৰ সময়ত বৃহস্পতিবাৰে বিদ্ৰোহী সদস্যকেইজনক গ্ৰেপ্তাৰ কৰা হয় ।

আনহাতে, জেৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা কেডাৰসকলে প্ৰকাশ কৰে যে তেওঁলোকৰ ওচৰত কনোকনু আৰু খাচা গাঁৱৰ মাজৰ এটা গোপন শিবিৰত ৰখা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আছে ।

ইয়াৰ পিছত অঞ্চলটোত চলোৱা পৰৱৰ্তী অভিযানত তিনিটা এমকিউ এছল্ট ৰাইফল, ডিটনেটৰ, মোবাইল ফোন আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ ৰখা ভঁৰাল উদ্ধাৰ হয় বুলি আৰক্ষী অধীক্ষকে কয় । এই সন্দৰ্ভত লংডিং আৰক্ষী থানাত অস্ত্ৰ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে । গ্ৰেপ্তাৰ কৰা বিদ্ৰোহীসকলক স্বঘোষিত এএছঅ' আৰু ৱাঞ্চো অঞ্চলৰ সচিব ৱাংপাং ৱাংছা (২৮), স্বঘোষিত মেজৰ পানচা (৬৪), স্বঘোষিত অধিনায়ক মিকগাম (২৭), স্বঘোষিত চাৰ্জেন্ট থাংৱাং (২৯), স্বঘোষিত অধিনায়ক আলুং নগডাম (৩১) আৰু স্বঘোষিত লেন্স কৰ্পোৰেল জামগাংগা গেংছা (২৭) বুলি চিনাক্ত কৰা হৈছে ।

গেংছা হৈছে পূব নগা ৰাষ্ট্ৰীয় চৰকাৰ (ইএনএনজি) সংগঠনৰ এজন প্ৰাক্তন কেডাৰ । তেওঁ ২০২১ চনৰ ২১ জুলাইত আত্মসমৰ্পণ কৰিছিল আৰু পিছত একে বছৰৰ ৩১ ডিচেম্বৰত এনএছচিএন (আইএম)ত যোগদান কৰিছিল । আৰক্ষী সূত্ৰত এই কথা প্ৰকাশ ।

ইফালে পৰৱৰ্তী অনুসন্ধানত প্ৰকাশ পাইছে যে গ্ৰেপ্তাৰ কৰা কেডাৰসকলে কেইবাটাও বিভাগৰ মুৰব্বী আৰু নেতাক ধনদাবীৰ পত্ৰ প্ৰদান কৰি আছিল ।

লগতে পঢ়ক :কেজৰিৱাললৈ ইডিৰ চতুৰ্থ চমন; ১৮ জানুৱাৰীত হাজিৰ হোৱাৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details