ETV Bharat / bharat

কেজৰিৱাললৈ ইডিৰ চতুৰ্থ চমন; ১৮ জানুৱাৰীত হাজিৰ হোৱাৰ নিৰ্দেশ

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 11:02 AM IST

4th Summon to Kejriwal : দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আন এখন চমন জাৰি কৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰীলৈ ইডিৰ এইটো চতুৰ্থ চমন ।

কেজৰিৱাললৈ ইডিৰ চতুৰ্থ চমন
কেজৰিৱাললৈ ইডিৰ চতুৰ্থ চমন

নিউজ ডেস্ক, ১৩ জানুৱাৰী : প্ৰৱৰ্তন সঞ্চালকালয়ে শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ আবকাৰী নীতিৰ গোচৰত চতুৰ্থবাৰৰ বাবে চমন জাৰি কৰিছে ।

আপৰ ৰাষ্ট্ৰীয় আহ্বায়কজনক ১৮ জানুৱাৰীত সোধাপোছাৰ বাবে সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ কোৱা হৈছে বুলি দিল্লী চৰকাৰৰ বিষয়াসকলৰ সূত্ৰত প্ৰকাশ । উল্লেখ্য যে ৫৫ বছৰীয়া কেজৰিৱালে ৩ জানুৱাৰীত তৃতীয়বাৰৰ বাবে ইডিৰ সন্মুখত হাজিৰ হ'বলৈ অস্বীকাৰ কৰি কৈছিল যে সংস্থাটোৰ 'প্ৰকাশ নকৰা আৰু সঁহাৰি নিদিয়া দৃষ্টিভংগীয়ে' আইন, সমতা বা ন্যায়ৰ পৰীক্ষা বৰ্তাই ৰাখিব নোৱাৰে ।

দিল্লীৰ মুখ্যমন্ত্ৰীক পূৰ্বতে যোৱা বছৰৰ ২ নৱেম্বৰ আৰু ২১ ডিচেম্বৰত হাজিৰ হ'বলৈ কোৱা হৈছিল । অভিযোগ অনুসৰি, সুৰা ব্যৱসায়ীসকলক অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বাবে দিল্লী চৰকাৰৰ ২০২১-২২ বৰ্ষৰ আবকাৰী নীতিয়ে অবৈধ ধন সৰবৰাহৰ পথ প্ৰশস্ত কৰে আৰু ইয়াৰ বাবে উৎকোচ দিয়া কিছুমান ডিলাৰৰ পক্ষ লয় । অৱশ্যে এই অভিযোগ আপে বাৰে বাৰে খণ্ডন কৰি আহিছে ।

পৰৱৰ্তী সময়ত এই নীতিটো বাতিল কৰা হয় আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে চাক্সেনাই চিবিআই তদন্তৰ পৰামৰ্শ দিয়ে । ইয়াৰ পিছত ইডিয়ে ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত এটা গোচৰ ৰুজু কৰে ।

ইফালে কেজৰিৱালে এই ক্ষেত্ৰত ষড়যন্ত্ৰৰ গোন্ধ পোৱা বুলি উল্লেখ কৰি কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী নেতাসকলক দমন কৰিবলৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে কেন্দ্ৰীয় তদন্ত সংস্থা ব্যৱহাৰ কৰিব লৈছে ।

উল্লেখ্য যে দিল্লী সুৰা নীতি কেলেংকাৰীত ইডিৰ তদন্তৰ সন্মুখীন হোৱাৰ পিছত বৰ্তমান কাৰাগাৰত আছে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়া ।

লগতে পঢ়ক :আমেৰিকাত অবৈধ প্ৰৱেশ গোচৰত ১৪ এজেণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু, চিআইডি তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.