ETV Bharat / bharat

আমেৰিকাত অবৈধ প্ৰৱেশ গোচৰত ১৪ এজেণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু, চিআইডি তদন্ত

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 10:33 AM IST

আমেৰিকাত অবৈধ প্ৰৱেশ গোচৰত ১৪ এজেণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু
আমেৰিকাত অবৈধ প্ৰৱেশ গোচৰত ১৪ এজেণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু

CID Crime : চিআইডি অপৰাধ আইপিচিৰ অধীনত মুঠ ১৪ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । চিআইডি অপৰাধ শাখাৰ এডিজিপি ৰাজীৱ ৰঞ্জনে জনোৱা অনুসৰি, ধাৰা 370, 201 আৰু 120 (বি)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে ।

নিউজ ডেস্ক, ১৩ জানুৱাৰী : আমেৰিকাত অবৈধভাৱে প্ৰৱেশ কেলেংকাৰীৰ ঘটনাত শেহতীয়াভাৱে 14 জন এজেণ্টৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই ঘটনাত দিল্লীৰ জাগ্গী পাজী আৰু যোগিন্দৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । আনহাতে, ডুবাইৰ চেলিম আৰু মুম্বাইৰ ৰাজাভাইৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে ।

বিগত বৰ্ষৰ ২৬ ডিচেম্বৰত ডুবাইৰ পৰা নিকাৰাগুৱা হৈ আমেৰিকালৈ যোৱাৰ সময়ত এখন বিমান ফ্ৰান্সৰ ভাট্ৰি বিমানবন্দৰত অবৈধভাৱে আটক কৰা হয় । বিমানখনত মুখ্যত পঞ্জাব আৰু গুজৰাটৰ যাত্ৰী আছিল । আনহাতে, ফ্ৰান্সৰ পৰা উভতি অহা যাত্ৰীসকলৰ ভিতৰত আছিল ৬৬ গৰাকী গুজৰাটী । ইয়াৰে বেছিভাগ যাত্ৰীয়েই গুজৰাটৰ মেহছানা, গান্ধীনগৰ, আনন্দ আৰু আহমেদাবাদ জিলাৰ আছিল ।

এই গোটৰটোৰ সন্দৰ্ভত চিআইডিৰ অপৰাধ শাখাৰ এটা তদন্ত দল গঠন কৰা হৈছে । অনুসন্ধানত প্ৰকাশিত তথ্য অনুসৰি, কিছু যাত্ৰীয়ে 30 দিনৰ বাবে আৰু কিছু লোকে 3 মাহলৈকে ডুবাইলৈ ভিজিটৰ ভিছা লাভ কৰিছিল । তেওঁলোকক মুম্বাই, গান্ধীনগৰ, আহমেদাবাদ, মেহছানাৰ পৰা পৃথক পৃথক এজেণ্টৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল ।

মুখ্য এজেণ্টসকল হৈছে দিল্লী, ডুবাই, নিকাৰাগুৱা, মেক্সিকো আৰু আমেৰিকাৰ । আনহাতে, আমেৰিকাত উপস্থিত হোৱাৰ পিছত এই এজেণ্টসকলক প্ৰতিগৰাকী যাত্ৰীয়ে 60-80 লাখ টকা পৰিশোধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । এতিয়া চিআইডি অপৰাধ আইপিচিৰ অধীনত মুঠ ১৪ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । চিআইডি অপৰাধ শাখাৰ এডিজিপি ৰাজীৱ ৰঞ্জনে জনোৱা অনুসৰি, ধাৰা 370, 201 আৰু 120 (বি)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে ।

জানিব পৰা মতে, আমেৰিকাত অবৈধ প্ৰৱেশ গোচৰত গুজৰাটৰ কিৰণ পেটেল, চন্দ্ৰেশ পেটেল, ভাৰ্গৱ দৰ্জীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব । গোচৰটোৰ আন অভিযুক্তসকল হৈছে পীয়ুষ বাৰোট, সন্দীপ পেটেল, জয়েশ পেটেল আৰু ৰাজু । যোৱা বছৰ ডিচেম্বৰত ফ্ৰান্সৰ ভাট্ৰী বিমানবন্দৰৰ পৰা বিমানখন অবৈধভাৱে আমেৰিকালৈ যোৱাৰ পূৰ্বে ঘূৰাই পঠোৱাৰ পিছত এই ঘটনাটো পোহৰলৈ আহে ।

সম্পূৰ্ণ গোচৰটোত আইপিচিৰ ধাৰা 120বি, 201, 370-ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । গোচৰটোত ষড়যন্ত্ৰ, প্ৰমাণ ধ্বংস আৰু অবৈধ ধন দাবীৰ কথা উল্লেখ কৰা হৈছে । ইয়াৰ উপৰি ফ্ৰান্সৰ ভাট্ৰী বিমানবন্দৰৰ পৰা উভতি অহা 66 জন যাত্ৰীৰ বিবৃতিও লোৱা হৈছে । যাত্ৰীসকলৰ বিবৃতিত প্ৰকাশ পাইছে যে তেওঁলোকক প্ৰেৰণ কৰা এজেণ্টসকলে যাত্ৰীসকলৰ মোবাইল ফোনৰ পৰা সকলো নথিপত্ৰ বিলোপ কৰিছিল আৰু তেওঁলোকক অবৈধভাৱে প্ৰলোভিত কৰি প্ৰেৰণ কৰিছিল ।

উল্লেখ্য যে যোৱা মাহত মানৱ সৰবৰাহৰ অভিযোগত ৩০৩ জন ভাৰতীয় যাত্ৰীক কঢ়িয়াই নিয়া নিকাৰাগুৱা অভিমুখী এখন বিমান ফ্ৰান্সত অৱতৰণ কৰা হৈছিল ।

লগতে পঢ়ক :৭ বছৰ পিছত সাগৰৰ তলত ধ্বংসাৱশেষ আৱিষ্কাৰ বায়ুসেনাৰ সন্ধানহীন বিমানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.