ETV Bharat / bharat

৭ বছৰ পিছত সাগৰৰ তলত ধ্বংসাৱশেষ আৱিষ্কাৰ বায়ুসেনাৰ সন্ধানহীন বিমানৰ

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 8:57 AM IST

NIOT Scientists : ৰাষ্ট্ৰীয় মহাসাগৰ প্ৰযুক্তি প্ৰতিষ্ঠানৰ (এনআইঅ'টি) বিজ্ঞানীসকলে ভাৰতীয় বায়ু সেনাৰ এখন বিমানৰ ধ্বংসাৱশেষ (কে-2743) আৱিষ্কাৰ কৰিছে । 2016 চনৰ 22 জুলাইত বংগোপসাগৰৰ ওপৰেৰে পোৰ্ট ব্লেয়াৰলৈ এক নিয়মীয়া উৰণৰ সময়ত নিৰুদ্দেশ হৈছিল ভাৰতীয় বায়ুসেনাৰ এই বিমানখন । এনআইঅ'টিৰ এখন স্বয়ংচালিত পানীৰ তলৰ বাহনে সাগৰৰ তলৰ উচ্চ ৰিজলিউশ্বনৰ ফটো তুলি এই দুৰ্ঘটনাটো নিশ্চিত কৰে ।

৭ বছৰ পিছত সাগৰৰ তলত ধ্বংসাৱশেষ আৱিষ্কাৰ বায়ুসেনাৰ সন্ধানহীন বিমানৰ
৭ বছৰ পিছত সাগৰৰ তলত ধ্বংসাৱশেষ আৱিষ্কাৰ বায়ুসেনাৰ সন্ধানহীন বিমানৰ

নিউজ ডেস্ক, ১৩ জানুৱাৰী : পোৰ্ট ব্লেয়াৰলৈ এক অভিযানৰ সময়ত 2016 চনৰ 22 জুলাইত বংগোপসাগৰৰ ওপৰত নিৰুদ্দেশ হোৱা ভাৰতীয় বায়ুসেনাৰ এএন-32 বিমানৰ (কে-2743) ধ্বংসাৱশেষ চেন্নাই উপকূলৰ পৰা 310 কিলোমিটাৰ দূৰৈত উদ্ধাৰ হৈছে । ৰাষ্ট্ৰীয় মহাসাগৰ প্ৰযুক্তি প্ৰতিষ্ঠানৰ এক স্বয়ংচালিত পানীৰ তলৰ বাহনে (এইউভি) ইয়াৰ অৱস্থিতি নিৰ্ণয় কৰা বুলি বিভাগীয় সূত্ৰই শুকুৰবাৰে প্ৰকাশ কৰিছে ।

চেন্নাইস্থিত এনআইঅ'টিৰ বিজ্ঞানীসকলে ডিচেম্বৰত নতুনকৈ লাভ কৰা এইউভিৰ সঁজুলিবোৰ চিবেড মেপিঙৰ বাবে পৰীক্ষা কৰি থকাৰ সময়ত ইয়াৰ ধ্বংসাৱশেষত খুন্দা খায় । তাৰ পিছতে পৰৱৰ্তী অনুসন্ধানত বিমানখনৰ ধ্বংসাৱশেষৰ অৱস্থিতি নিশ্চিত হয় ।

যোৱা বছৰ ৯-১০ ডিচেম্বৰত চেন্নাই উপকূলৰ পৰা প্ৰায় ৩১০ কিলোমিটাৰ দূৰৈত গৱেষণা জাহাজ সাগৰ নিধিৰ দ্বাৰা কৰা এনে এক পৰীক্ষামূলক অভিযানৰ সময়ত এইউভিৰ সঁজুলিবোৰে ৩,৪০০ মিটাৰ গভীৰতাত সাগৰৰ তলৰ পৰা কিছুমান শক্তিশালী সংকেত প্ৰদান কৰিছিল ।

এই শক্তিশালী সংকেতবোৰে বিজ্ঞানীসকলক আকৰ্ষিত কৰিছিল আৰু পৰৱৰ্তী সময়ত ইয়াৰ গভীৰতালৈ যোৱাৰ সিদ্ধান্ত লয় । এনআইঅ'টিৰ সঞ্চালক জি এ ৰামদাসে পিটিআইক কয়, "আমি আৰু অলপ গভীৰতালৈ যাওঁ আৰু কিছু আলোকচিত্ৰ গ্ৰহণ কৰোঁ । সেইবোৰ ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ সৈতে শ্বেয়াৰ কৰা হয় ।"

ৰামদাসে কয় যে আইএএফে নিশ্চিত কৰে যে এই ধ্বংসাৱশেষটো এএন৩২ বিমানখনৰ আছিল, যিখন প্ৰায় সাত বছৰ পূৰ্বে সন্ধানহীন হৈছিল । আন এগৰাকী বিজ্ঞানীয়ে কয় যে প্ৰথমতে ধ্বংসাৱশেষটো ডুব যোৱা জাহাজ বুলি ভবা হৈছিল । কিন্তু ভালদৰে পৰীক্ষা কৰি গৱেষকসকলে আইএএফ বিমানত পোৱা ত্ৰিৰংগ ৰাউণ্ডেলটো চিনাক্ত কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে এনআইঅ'টিয়ে ২০১৬ চনৰ জুলাইত অন্যান্য সংস্থাৰ সৈতে বিমানখনৰ অনুসন্ধান অভিযান চলাইছিল । ইয়াৰ বাবে জাহাজ আৰু ৰিম'টৰ দ্বাৰা পৰিচালিত বাহন ব্যৱহাৰ কৰিছিল । "সেই সময়ত আমি একো বিচাৰি পোৱা নাছিলোঁ ।" ৰামদাসে কয় । তেওঁ লগতে কয় যে বিজ্ঞানীসকলে এইউভিৰ সঁজুলিবোৰ পৰীক্ষা কৰাৰ সময়ত ধ্বংসাৱশেষত খুন্দা খায় ।

আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ অংশস্বৰূপ এনআইঅ'টিয়ে শেহতীয়াকৈ সন্ধানহীন এএন-32ৰ সন্ধানত গভীৰ সাগৰত অন্বেষণৰ ক্ষমতা থকা এইউভি নিয়োজিত কৰিছিল ।

"এই অনুসন্ধানটো একাধিক পেলোড ব্যৱহাৰ কৰি 3,400 মিটাৰ গভীৰতাত কৰা হৈছিল । ইয়াৰ ভিতৰত আছে মাল্টি-বীম ছোনাৰ (ছাউণ্ড নেভিগেচন এণ্ড ৰেঞ্জিং), ছিন্থেটিক এপাৰচাৰ ছোনাৰ আৰু উচ্চ ৰিজলিউশ্বন ফটোগ্ৰাফী । অনুসন্ধানৰ ছবিবোৰৰ বিশ্লেষণ কৰি চেন্নাই উপকূলৰ পৰা প্ৰায় ১৪০ নটিকেল মাইল (প্ৰায় ৩১০ কিলোমিটাৰ) দূৰত্বত সাগৰৰ তলত দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষৰ উপস্থিতি প্ৰমাণ পোৱা যায় ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

লগতে পঢ়ক :চীনৰ কয়লা খনিৰ দুৰ্ঘটনাত ৮ জন নিহত, সন্ধানহীন ৮

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.