অসম

assam

ভাৰতীয় ক্ৰিকেট দলৰ অনুশীলন জাৰ্চীৰ ৰং গেৰুৱা কিয় ? মমতাই কৰিলে প্ৰশ্ন

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 10:31 PM IST

ভাৰতীয় খেলুৱৈসকলে অনুশীলনৰ সময়ত গেৰুৱা ৰঙৰ জাৰ্চী পৰিধান কৰাক লৈ সৰৱ হৈছে পশ্চিমবংগৰ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জী ।

ICC World Cup 2023
আইচিচি বিশ্বকাপ ২০২৩

নেশ্য়নেল ডেস্ক, ১৭ নৱেম্বৰঃ আইচিচি বিশ্বকাপ ২০২৩ৰ প্ৰস্তুতিৰ আৰম্ভণিৰে পৰাই ভাৰতীয় খেলুৱৈসকলে অনুশীলনৰ সময়ত গেৰুৱা ৰঙৰ জাৰ্চী পৰিধান কৰাক লৈ এইবাৰ সৰৱ হৈছে পশ্চিমবংগৰ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জী । আজি কলকাতাৰ পোষ্টাত পশ্চিমবংগৰ মুখ্য়মন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত সৰৱ হৈ কয় যে ভাৰতীয় খেলুৱৈসকলক নেট অনুশীলনৰ সময়ত উজ্জ্বল কমলা জাৰ্চী পৰিধান কৰি অনুশীলন কৰা দেখা গৈছে । যিহেতু বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সচিব, সেয়েহে ভাৰতীয় ক্ৰিকেট দলৰ বাবে এই দলীয় ৰং প্ৰৱৰ্তন কৰা হৈছে বুলি পশ্চিমবংগৰ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জী কয় ।

স্মৰ্তব্য যে মমতা বেনাৰ্জীয়ে এই মাহৰ আৰম্ভণিতে খেলপথাৰৰ পৰা চিকিৎসালয়লৈ কেবিনেট বৈঠকত গেৰুৱাকৰণক লৈ উদ্বেগ প্ৰকাশ কৰিছিল । শুকুৰবাৰে কলকাতাৰ পোষ্টাত জগধাত্ৰী পূজাৰ উদ্বোধনী অনুষ্ঠানত তেওঁ প্ৰশ্ন কৰে যে ভাৰত দলৰ অনুশীলন জাৰ্চীৰ ৰং কিয় গেৰুৱা কৰা হৈছে ? মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীয়ে এই প্ৰসংগত কয়,"যিজনক ৰাইজে স্মৰণ কৰিব তেওঁ হৈছে সৰ্বশ্ৰেষ্ঠ । এতিয়া সকলোবোৰ গেৰুৱাকৰণ হৈছে । মই ভাৰতীয় খেলুৱৈসকলৰ বাবে গৌৰৱান্বিত ।" তেওঁ এইবাৰ ভাৰতীয় দলটোৱে বিশ্বকাপৰ খিতাপ দখল কৰিব বুলি আশা প্ৰকাশ কৰে । কিন্তু তেওঁলোকক গেৰুৱা কৰা হৈছে । সেয়েহে তেওঁলোকৰ অনুশীলনৰ পোছাককো গেৰুৱা কৰা হৈছে ।"

টীম ইণ্ডিয়াৰ জাৰ্চীৰ উপৰি মমতা বেনাৰ্জীয়ে মেট্ৰ' ৰে'ল ষ্টেচনৰ ৰঙৰ প্ৰসংগতো ক্ষোভ প্ৰকাশ কৰি কয়, "তেওঁলোকে (ভাৰতীয় দল) নীলা জাৰ্চী পিন্ধি যুঁজ দিয়ে । এতিয়া মেট্ৰ' ষ্টেচনৰ বাহিৰত চাওক; ইয়াৰ ৰঙো গেৰুৱা ।" মমতা বেনাৰ্জীয়ে কয় ,"মায়াৱতীক তেওঁৰ নামত এটা মূৰ্তি তৈয়াৰ কৰা দেখিছিলো । মই কেতিয়াও আন কোনোবাই এনে কৰাৰ কথা শুনা নাই ।" এতিয়া প্ৰতিটো ভাষণতে 'নমস্তে' শব্দটো ব্যৱহাৰ কৰা হয় বুলিও তেওঁ কটাক্ষ কৰে ।

লগতে পঢ়ক:বৃদ্ধি পোৱা প্ৰদূষণৰ পৰা আপোনাৰ হাওঁফাওঁক কেনেদৰে ৰক্ষা কৰিব ?

ABOUT THE AUTHOR

...view details