ETV Bharat / sukhibhava

বৃদ্ধি পোৱা প্ৰদূষণৰ পৰা আপোনাৰ হাওঁফাওঁক কেনেদৰে ৰক্ষা কৰিব ?

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 6:55 PM IST

প্ৰদূষিত বায়ুৰ ফলত আমাৰ হাওঁফাওঁৰ নষ্ট হোৱাৰ উপৰিও হাওঁফাওঁৰ বিভিন্ন ৰোগ হ'ব পাৰে ৷ প্ৰদূষণৰ ফলত হাওঁফাওঁৰ হ'ব পৰা বিভিন্ন ৰোগ সম্পৰ্কে জনালে হাওফাঁও ৰোগৰ বিশেষজ্ঞ ডাঃ কৃপেশ ৰঞ্জন শৰ্মাই ৷

Post Diwali Lung Disease
বৃদ্ধি পোৱা প্ৰদূষণৰ পৰা আপোনাৰ হাওঁফাওঁক কেনেদৰে ৰক্ষা কৰিব ?

হাওফাঁও ৰোগৰ বিশেষজ্ঞ ডাঃ কৃপেশ ৰঞ্জন শৰ্মা

গুৱাহাটী, 17 নৱেম্বৰ: আমি উশাহত গ্ৰহণ কৰা অক্সিজেন বায়ুপথৰ মাজেৰে হাওঁফাওঁলৈ যায় ৷ প্ৰদূষণৰ উশাহ লোৱাৰ ফলত ক্ষতিকাৰক পদাৰ্থ বায়ুপথৰ মাজেৰে হাওঁফাওঁলৈ যায় ৷ প্ৰদূষণৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত অংগ হৈছে হাওঁফাওঁ ৷ পৰিৱেশ প্ৰদূষণৰ ফলত আমাৰ হাওঁফাওঁৰ ক্ষতি হ'ব পাৰে ৷ দূষিত পৰিৱেশ থাকিলে সেই পৰিৱেশৰ পৰা উশাহত আমি কেৱল অক্সিজেনেই নহয়, তাৰ লগতে অন্যান্য গেছ আৰু পদাৰ্থৰ কণাও অৰ্থাৎ দূষিত বায়ু আমাৰ শ্বাসনলীৰে প্ৰৱেশ কৰে ৷ যি বোৰ লাহে লাহে হাওঁফাওঁত জমা হ'ব ৷ যাৰ ফলত আমাৰ হাওঁফাওঁৰ বিভিন্ন ৰোগ হ'ব পাৰে, যেনে - এলাৰ্জি, এজমা আদি ৰোগ হ'ব পাৰে ৷ প্ৰদূষণৰ মাত্রা বেছি হলে হাওঁফাওঁ দুৰ্বল হৈ যাব পাৰে আৰু হাওঁফাওঁত সংক্ৰমণ হোৱাও দেখা দিব পাৰে ৷

প্ৰদূষণ বিভিন্ন কাৰণত হ'ব পাৰে ৷ গছ-গছনি কটাৰ পৰা আৰম্ভ কৰি, বিভিন্ন নিৰ্মাণ কাৰ্য আদিৰ বাবেও প্ৰদূষণ হ'ব পাৰে ৷ তদুপৰি দীপাৱলীৰ পিছতো বহু পৰিমাণে বায়ু প্ৰদূষণ হোৱা দেখা যায় ৷

প্ৰদূষণৰ ফলত হাওঁফাওঁ আৰু শ্বাস-প্রশ্বাসজনিত বিকাৰৰ আশংকা আটাইতকৈ বেছি দেখা যায় ৷ যাৰ ফলত ৰোগী গৰকীৰ সঘনাই কাঁহ হ'ব পাৰে, উশাহ-নিশাহৰ কষ্ট হ'ব, ভাগৰ অনুভৱ হ'ব,বুকুৰ বিষ আদি হ'ব পাৰে ৷ যদি হাওঁফাওঁটো বেছি দুর্বল হয়, তেন্তে নিম'নিয়া হ'ব পাৰে, যাৰ ফলত সঘনাই জ্বৰ, কাঁহ আদি হ'ব পাৰে ৷

দীপাৱলীৰ সময়ছোৱাত ফটকা আদিৰ ফুটুৱাৰ ফলত প্ৰদূষণৰ মাত্ৰ অত্যাধিক ভাৱে দেখা পোৱা যায় ৷ এই প্ৰদূষণে হাওঁফাওঁৰ ক্ষতি সাধন হ'ব পাৰে ৷ সেয়ে এই সময়ছোৱাত যি সকললোক বেছি সংবেদনশীল হয় তেওঁলোকে মাস্ক ব্যৱহাৰ কৰিব লাগে ৷ যিমান পাৰে এনেকুৱা পৰিৱেশৰ পৰা দূৰত থাকিব লাগে ৷

লগতে পঢ়ক: কেতিয়াও ফ্ৰীজত নাৰাখিব এইসমূহ শাক-পাচলি, স্বাস্থ্যৰ বাবে হ’ব পাৰে ক্ষতিকাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.