অসম

assam

EAM Jaishankar on Nijjar’s killing: মই দ্য ফাইভ আইজৰ অংশ নহয়; এছ জয়শংকৰ

By ANI

Published : Sep 27, 2023, 8:52 AM IST

Updated : Sep 27, 2023, 9:53 AM IST

ভাৰত আৰু কানাডাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ ৷ Five Eyes countries ৰ মাজত চোৰাংচোৱা তথ্য ভাগ-বতৰা হোৱাৰ বাতৰি সন্দৰ্ভত মন্তব্য সন্দৰ্ভত জয়শংকৰ চোৰাংচোৱা গোটৰ অংশ নহয় বুলি স্পষ্ট কৰি দিয়ে । Five Eye intelligence network হৈছে আমেৰিকা, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, কানাডা আৰু নিউজিলেণ্ডক লৈ গঠিত এক চোৰাংচোৱা মিত্ৰজোঁট ।

EAM Jaishankar on Nijjar’s killing
বিদেশ মন্ত্ৰী এছ জয়শংকৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত Five Eyes countries ৰ মাজত চোৰাংচোৱা তথ্য ভাগ-বতৰা হোৱাৰ বাতৰি সন্দৰ্ভত মন্তব্য দিবলৈ কোৱাত তেওঁ চোৰাংচোৱা গোটৰ অংশ নহয় বুলি কয় ।

খালিস্তানী বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ আঁৰৰ চোৰাংচোৱা তথ্যৰ সন্দৰ্ভত Five Eyes countries গোটৰ ভূমিকা উল্লেখ কৰি প্ৰকাশ পোৱা বাতৰিৰ বিষয়ে সোধা হৈছিল, আৰু এফ বি আইয়ে আমেৰিকাৰ শিখ নেতাসকলক তেওঁলোকৰ প্ৰতি “বিশ্বাসযোগ্য ভাবুকি” ৰ বিষয়ে সকীয়াই দিয়াৰ বাতৰি সন্দৰ্ভত সোধা হৈছিল ।

নিউয়ৰ্কত ‘Discussion at Council on Foreign Relations’ ৰ সময়ত এই প্ৰশ্নৰ উত্তৰ দি জয়শংকৰে কয়, ‘‘মই দ্য ফাইভ আইজৰ অংশ নহয়, মই নিশ্চিতভাৱে এফ বি আইৰ অংশ নহয় । গতিকে মই ভাবো আপুনি ভুল মানুহক সুধিছে ।"

উল্লেখ কৰা প্ৰয়োজন যে, অষ্ট্ৰেলিয়া, কানাডা, নিউজিলেণ্ড, আমেৰিকা আৰু ব্ৰিটেইনক লৈ গঠিত এটা চোৰাংচোৱা মিত্ৰজোঁট হৈছে ফাইভ আইজ । ইয়াৰ পূৰ্বে কানাডাত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত ডেভিদ কোহেনে কৈছিল, “ফাইভ আইজৰ অংশীদাৰৰ মাজত চোৰাংচোৱাৰ ভাগ-বতৰা কৰা”ৰ বাবেই ট্ৰুডো প্ৰশাসনে ভাৰত চৰকাৰৰ “এজেণ্ট” আৰু বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰ হত্যাৰ মাজত সম্ভাৱ্য সম্পৰ্ক থকাৰ দাবী উত্থাপন কৰিছিল ।

অনুষ্ঠানৰ সময়ত EAM গৰাকীয়ে কানাডাত “বিচ্ছিন্নতাবাদী শক্তি, হিংসা আৰু উগ্ৰবাদৰ সৈতে জড়িত সংগঠিত অপৰাধ” ৰ সন্দৰ্ভতো আলোকপাত কৰে, ৰাজনৈতিক কাৰণত ইয়াক “অতি অনুমতিশীল” বুলি উদ্বেগ প্ৰকাশ কৰে । লগতে, যোৱা কেইবছৰমানৰ পৰা কানাডাত বহু সংগঠিত অপৰাধ ঘটিছে ৷ বিচ্ছিন্নতাবাদী শক্তি, সংগঠিত অপৰাধ, হিংসা আৰু উগ্ৰবাদৰ সৈতে জড়িত হৈ পৰিছে দেশখন বুলিও জয়শংকৰে কয় ।

প্ৰধানমন্ত্ৰী ট্ৰুডোৰ অভিযোগ সন্দৰ্ভত জয়শংকৰে আশ্বাস দিয়ে যে খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত সন্দৰ্ভত কানাডাই নিৰ্দিষ্ট তথ্য দিলে ভাৰতে ব্যৱস্থা গ্ৰহণ কৰিব । কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে সোমবাৰে অট’ৱাত ভেংকুৱাৰত নিজ্জাৰ হত্যাৰ সৈতে ভাৰতীয় এজেণ্টক জড়িত কৰা বিশ্বাসযোগ্য চোৰাংচোৱা তথ্য আছে বুলি দাবী কৰে ।

ভাৰতে অৱশ্যে এই অভিযোগক “অৰ্থহীন আৰু প্ৰৰোচিত” বুলি অভিহিত কৰি অভিযোগ অস্বাকাৰ কৰে। কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে এই হত্যাকাণ্ডত ভাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ভাৰতে কানাডাত ভিছা সেৱা বন্ধ কৰি দিছে । স্পৰ্শকাতৰ সময়ত ভাৰতে নিজৰ নাগৰিক আৰু কানাডালৈ যোৱাসকলৰ বাবে দেশখনত “ভাৰত বিৰোধী কাৰ্যকলাপ আৰু ঘৃণাজনিত অপৰাধ আৰু অপৰাধমূলক হিংসাৰ প্ৰতি লক্ষ্য ৰাখি অতি সাৱধানতা অৱলম্বন কৰিবলৈ” পৰামৰ্শ জাৰি কৰে ।

ভাৰতৰ এজন ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী নিজ্জাৰক যোৱা 18 জুনৰ দিনা ব্ৰিটিছ কলম্বিয়াৰ শিখ মন্দিৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল ।

লগতে পঢ়ক:India and Canada conflict : কানাডাস্থিত ভাৰতীয় নাগৰিকক সাৱধানতা অৱলম্বনৰ আহ্বান কানাডা চৰকাৰৰ

Last Updated :Sep 27, 2023, 9:53 AM IST

ABOUT THE AUTHOR

...view details